বৰক্ষেত্ৰীৰ মুগদিত উত্তপ্ত পঞ্চায়ত কাৰ্য্যালয়

মুকালমুৱা, ১৭ জুলাইঃ বৰক্ষেত্ৰীৰ মুগদিত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে পঞ্চায়ত কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ প্ৰাপ্ত তথ্য মতে, মুগদি-ৰামপুৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী খৰ্গেশ্বৰী বড়োৱে যিকোনো চৰকাৰী অনুদানৰ বাবদ হিতাধিকাৰীৰ পৰা ধন দাবী কৰি …

নাজিৰাত বানাক্ৰান্তক সহায়ৰ বাবে দান সংগ্ৰহ 

নাজিৰা ১৭ জুলাইঃ নাজিৰা মহকুমা ভাৰতীয় জনতা যুৱ মৰ্চাই ৰাজপথত বান সাহাৰ্য সংগ্ৰহ কৰে। যুৱ মৰ্চাৰ তৰফৰ পৰা গৌতম সন্দিকৈৰ নেতৃত্বত কেবাজনো যুৱ কৰ্মীয়ে  নাজিৰাৰ বিভিন্ন স্থানৰ লগতে মেকিপুৰ সাপ্তাহিক বজাৰত বানপানীৰ আৰ্ত জনৰ সহায়ৰ বাবে হাতত দান পাত্ৰ লৈ …

বাঘবৰত ৰাইজে সাজিলে সাঁকো

বাঘবৰ, ১৬ জুলাইঃ বাঘবৰ সমষ্টিৰ মিলিজুলি আৰু ৰাজীৱ নগৰৰ স্থানীয় লোকে গাঁঠিৰ ধনেৰে সাজিলে এক ব্যতিক্ৰমী বাঁহৰ সাঁকো। উল্লেখযোগ্য যে, সমষ্টিটোৰ মৰাভাজৰ পৰা মন্দিয়ালৈ যোৱা ৰাস্তাটোৰ জৰাজীৰ্ণ অৱস্থাই দীৰ্ঘদিন ধৰি পথাচাৰীক জলা-কলা খোৱাইছে।  স্থানীয় লোকে বাৰম্বাৰ স্হানীয় বিধায়ক শ্বেৰমান আলী আৰু পঞ্চায়তৰ প্ৰতিনিধি …

সোণতলীত পুনৰবাল্য বিবাহ

সোণতলী, ১৬ জুলাইঃ দক্ষিণ কামৰূপৰ সোণতলীত পুনৰ সংঘটিত হৈছে বাল্য বিবাহৰ ঘটনা৷ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত পুৰাণগাঁৱৰ এজন যুৱকে কিছমত কাঠমীৰ এগৰাকী নাবালিকা ছাত্ৰীৰ সৈতে গোপনে বিবাহ কৰে ৷ যুৱক জন পুৰাণ গাঁৱৰ আজগৰ আলীৰ পুত্ৰ  ছাইজুদ্দিন বুলি জানিব পৰা  গৈছে। …

অনৈতিক কাৰ্যৰ কেন্দ্ৰস্থলত পৰিণত ৰঙিয়াৰ পশু চিকিৎসালয়

ৰঙিয়া, ১৬ জুলাইঃ ৰঙিয়াৰ সুন্ধিয়াৰ পশু চিকিৎসালয়খন চৰকাৰৰ চূড়ান্ত অৱহেলাত অনৈতিক কাৰ্যৰ কেন্দ্ৰস্থলত পৰিণত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় ২৫ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল পশু চিকিৎসালয়। কিন্তু বিগত কেবাবছৰ ধৰি চিকিৎসালয়খন অনাদৃত হৈ পৰি আছে। এবছৰ পূৰ্বে ধুমুহাত চিকিৎসালয় গৃহটো বিদ্ধস্ত হৈছিল। পশু চিকিৎসা …

ৰ’দৰ তাপত ছালৰ সুৰক্ষাঃ মধুমিতা শইকীয়া

গৰমৰ দিনত প্রচণ্ড তাপ, ঘাম, ধূলিত ছালখন শুকান হৈ ক’লা পৰি যায়। য’ত যি পায় লগাই ছালখন আকৌ আগৰ অৱস্থালৈ নিবলৈ যৎপৰোনাস্তি চেষ্টা চলায়ো বিফল হোৱা হয়। ছালখনৰ অৱস্থা ভাল হোৱাতকৈ অধিক বেয়াহে হয়। গৰমৰ দিনত ছালখন সুস্থ, সৱল ৰাখিবলৈ …

তিতাবৰত ব্লক কংগ্ৰেছৰ চকু কপালত উঠা বান সাহাৰ্য্য

তিতাবৰ, ১৫ জুলাইঃ তিতাবৰৰ বৰহোলা ইকৰাণী পঞ্চায়তৰ অন্তৰ্গত কাউৰীচুক প্ৰাথমিক বিদ্যালয়ত চকু কপালত উঠা বান সাহাৰ্য্য দিলে ব্লক কংগ্ৰেছৰ বিষয়াই৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিধায়ক তৰুণ গগৈয়ে গৃহ সমষ্টিত বিগত এমাহৰো অধিক বানত ককবকাই থকা ৰাইজৰ খবৰ ল’বলৈ আহৰি নাপালে৷ তিতাবৰৰ …

তুলসীবাৰী বিদ্যালয়ত ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদ

ৰঙিয়া, ১৫ জুলাইঃ ৰঙিয়াৰ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অঞ্জলি শৰ্মাই ছাত্ৰ-ছাত্ৰীৰ নামভৰ্ত্তি আৰু মধ্যাহ্ন ভোজনৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ …

ৰঙিয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

ৰঙিয়া, ১৫ জুলাইঃ ৰঙিয়া উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায়। উল্লেখ্য যে, ৰঙিয়া উন্নয়ন খণ্ড কাৰ্যালয়টোৰ অধীনত পঞ্চায়তৰ বিভিন্ন আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ বিশেষকৈ ইন্দিৰা আবাস যোজনাৰ গৃহ নামত এটা আইডি …

নেতাজী সুভাষ চন্দ্র বসুৰ চৰিত্ৰত কেনী বসুমতাৰী

গুৱাহাটী, ১৫ জুলাইঃ লোকেল কুংফু ছিৰিজৰ অভিনেতা-পৰিচালক কেনী বসুমতাৰীক এইবাৰ দেখিবলৈ পোৱা যাব নেতাজী সুভাষ চন্দ্র বসুৰ ৰূপত। বিশিষ্ট চলচিত্ৰ পৰিচালক তিগামাংশু ধুলিয়াৰ হিন্দী চলচিত্ৰ ৰাগ দেশত নেতাজী সুভাষ চন্দ্র বসুৰ চৰিত্ৰত অভিনয় কৰিছে কেনী বসুমতাৰীয়ে। চিনেমাখনৰ ট্ৰেইলাৰ আৰু চৰিত্ৰসমূহ …