গুৱাহাটী : পুনৰ গুৱাহাটীত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। গড়চুক আৰক্ষীৰ জালত বুজন পৰিমাণৰ ড্ৰাগছসহ তিনিজন। আই এছ বি টিৰ পৰা ১০ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ জব্দ। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ৮ লাখ টকা হ’ব বুলি অনুমান কৰিছে আৰক্ষীয়ে।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। ৰাজ্যজুৰি চলা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ইতিমধ্যে জব্দ হৈছে কোটি কোটি টকা মূল্যৰ ড্ৰাগছ, জালত পৰিছে কেইবাজনো কুখ্যাত ড্ৰাগছ মাফিয়াৰ লগতে বৃহৎ সংখ্যক ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ অভিযান অব্যাহত আছে যদিও ড্ৰাগছ সৰবৰাহকাৰী সকলে চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ।

বুধবাৰে পুনৰ মহানগৰী গুৱাহাটীৰ গড়চুক আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এক সাফল্য লাভ কৰিবলৈ সক্ষম হয়। গড়চুক আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আই এছ বি টিৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহকাৰী তিনিজনে চাবোনৰ বাকচত লুকুৱাই আনিছিল ড্ৰাগছখিনি।

১০ টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচসহ গড়চুক আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰী তিনিজন আমিৰ আলী, ফিৰোজ আলী আৰু হাবিবুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। গড়চুক থানাৰ আৰক্ষী বিষয়াজনে কয় “আমি এক গোপন খবৰ লাভ কৰিছিলোঁ যে কেইজনমান লোকে ড্ৰাগছ লৈ আহি আছে। উক্ত খবৰৰ ভিত্তিত নিশা ২ বজাৰ পৰা আমি তালাচী অভিযান চলাও। অৱশেষত পোৱাৰ ভাগত তিনিজনক ১০ টা হে’ৰইণ ভৰ্তি চাবোনৰ বাকচসহ আটক কৰিবলৈ সক্ষম হওঁ।”

আৰক্ষী বিষয়াজনে জানিবলৈ দিয়া মতে জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৮ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে। ড্ৰাগছ সৰবৰাহকাৰী তিনিজনে নৈশ বছৰে শিলচৰৰ পৰা ড্ৰাগছখিনি লৈ আহিছিল। আই এছ বি টিৰ পৰা ড্ৰাগছখিনি বৰপেটালৈ নিয়াৰ চেষ্টা চলাওতে আৰক্ষী জালত পৰে ড্ৰাগছ সৰবৰাহকাৰী তিনিজন। বৰ্তমান অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক আৰক্ষীয়ে জেৰা চলাই আছে।