গুৱাহাটী, সংবাদ ৩৬৫, ৫ ছেপ্টেম্বৰ : যিসময়ত বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মচাৰীয়ে অতি নিয়াৰিকৈ চলাই আছিল সেই সময়তে সমগ্ৰ আঁচনিখনকেই বেচৰকাৰীকৰণ অৰ্থাৎ অসমৰ প্ৰাথমিক শিক্ষা আয়ুক্ত স্বাক্ষৰিত নিৰ্দেশিকা মৰ্মে অন্য ১৫ টা অনাচৰকাৰী সংস্থালৈ হস্তান্তৰ কৰাত ক্ষোভিত হৈ পৰিছে জনসাধাৰণ।

কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ দিনত আৰম্ভ হোৱা মধ্যাহ্ন ভোজন আঁচনিৰ সাম্প্ৰতিক সময়ত বিজেপি নেতৃত্বাধীন অসম চৰকাৰে অপপ্ৰয়োগৰ জড়িয়তে বলপূৰ্বক ভাৱে বিভিন্ন স্কুলত ৰান্ধনী কাৰ্য্যত নিয়োজিত হৈ থকা প্ৰায় ১ লাখ ১৭ হাজাৰ ৰান্ধনী কৰ্মীক তেওঁলোকক কামৰ পৰা বৰ্খাস্ত কৰাৰ যি অভিসন্ধি ৰচনা কৰিছে আৰু কমিচনৰ অংকত অসমৰ বহিৰাগত বহুতো স্বেচ্ছাসেৱী সংগঠন মধ্যাহ্ন ভোজনৰ খাদ্য যোগানৰ নামত যি দায়িত্ব অৰ্পণ কৰিছে তাক লৈ অসমৰ সকলোতে ৰান্ধনী সকলৰ লগতে অসমৰ সচেতন ৰাইজে প্ৰতিবাদ অব্যাহত ৰখাৰ পিছতে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কোনো যোগাত্মক ভূমিকা গ্ৰহণ নকৰাত মংগলবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ নেতৃত্বত ৰান্ধনীসকলৰ চাকৰি বাহাল ৰখা আৰু এনে জি অ সমূহে প্ৰদান কৰা অস্বাস্থ্যকৰ খাদ্য স্কুল সমূহত দিয়া বন্ধ কৰাৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী, অংকিতা পাটোৱাৰী আদিকে কৰি অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ শতাধিক সমৰ্থকে।