গুৱাহাটী : বিগত বৰ্ষসমূহত অসমৰ আটাইতকৈ প্ৰিয় দুগ্ধজাত ব্ৰেণ্ড পূৰবী (Purabi Dairy) এক আকৰ্ষণীয় বিকাশৰ পথত আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে। গুণগত মানদণ্ড আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়াৰ উপৰিও ‘ফাৰ্মপ্ৰেনিউৰশ্বিপ’ৰ উদ্যোক্তা হিচাপে কাম কৰাকেই পূৰবী ব্ৰেণ্ড হিচাপে কাৰ্যকৰী হৈ থকা ৱেষ্ট আসাম মিল্ক প্ৰডিউছাৰ্ছ কো-অপাৰেটিভ ইউনিয়ন লিমিটেড শীৰ্ষক এই কৃষক সমবায়ৰ সফলতাৰ আঁৰৰ কাৰণ হিচাপে অভিহিত কৰিব পাৰি যি ইয়াক এক বিশ্বাসযোগ্য গ্ৰাহকৰ ভিত্তি স্থাপন কৰাত আৰু সমগ্ৰ অসমত ইয়াৰ বজাৰ প্ৰসাৰ সম্প্ৰসাৰিত কৰাত সহায় কৰিছে।

২০২২-২৩ বিত্তীয় বৰ্ষত পূৰবী ডেইৰীৰ ব্যৱসায়ে ২০০ কোটি টকা অতিক্ৰম কৰে যাক এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে অভিহিত কৰিব পাৰি। ৰাজহ বৃদ্ধিৰ মুখ্য কাৰণ হিচাপে ডেইৰীৰ দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰীৰ বৰ্ধিত চাহিদাক উল্লেখ কৰিব পাৰি, যাৰ পৰা এই বিত্তীয় বৰ্ষৰ মুঠ ৰাজহৰ ১৯০ কোটি টকা অৰ্জন কৰা হৈছিল। ২০২২ চনৰ মে’ মাহৰ পৰা আৰম্ভ হোৱা গৰুৰ খাদ্যৰ ব্যৱসায়ে ৰাজহত অতিৰিক্ত ১০ কোটি টকা যোগ দিয়ে। ২০২১-২২ বিত্তীয় বৰ্ষত পূৰবী ডেইৰীয়ে ১৫১ কোটি টকাৰ ব্যৱসায় কৰিছিল আৰু এবছৰৰ ভিতৰত, সমবায়টোৱে ২০২২-২৩ বৰ্ষত ২০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

ৱেষ্ট আসাম মিল্ক প্ৰডিউছাৰ্ছ কো-অপাৰেটিভ ইউনিয়ন লিমিটেডৰ আকৰ্ষণীয় বিকাশ কেৱল ৰাজহতে সীমাবদ্ধ নহৈ ইয়াৰ পৰিমাণ অনুসৰি হোৱা বিক্ৰীৰ ক্ষেত্ৰতো দেখা যায়। গাখীৰৰ বিক্ৰী ১৭%, দৈ ৮০%, পানীৰ ৪৫%, লাচ্চি ১৬০% আৰু ঘিউ ১২০% বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ই সূচায় যে পূৰবী ডেইৰীয়ে কেৱল গ্ৰাহকৰ সংখ্যা বৃদ্ধিয়েই নহয়, অসমৰ আটাইতকৈ প্ৰিয় দুগ্ধজাত সামগ্ৰীৰ ব্যৱহাৰো বৃদ্ধি কৰিছে।২০২৩-২৪ বিত্তীয় বৰ্ষত পূৰবী ডেইৰীয়ে ৩০০ কোটি টকাৰ ব্যৱসায় প্ৰাপ্ত কৰাৰ এক উচ্চাভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই লক্ষ্য প্ৰাপ্তিৰ বাবে ৱেষ্ট আসাম মিল্ক প্ৰডিউছাৰ্ছ কো-অপাৰেটিভ ইউনিয়ন লিমিটেডে নতুন শ্ৰেণী প্ৰৱৰ্তন কৰাৰ লগতে নতুন স্থানলৈ ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে।

শক্তিশালী ব্ৰেণ্ড স্বীকৃতি আৰু নিৰ্ভৰযোগ্য গ্ৰাহকৰ ভিত্তিৰ প্ৰতি লক্ষ্য ৰাখি ডেইৰী সমবায়টোৱে নিজৰ লক্ষ্যত উপনীত হ’ব বুলি আশাবাদী। পূৰবী ডেইৰীৰ সফলতাৰ কাহিনীয়েই ইয়াৰ গুণগত মান, উদ্ভাৱন আৰু গ্ৰাহকৰ সন্তুষ্টিৰ প্ৰতি দায়বদ্ধতাৰ প্ৰমাণ, যিয়ে অসমৰ দুগ্ধ উৎপাদকসকলক বছৰজোৰা, সামঞ্জস্যপূৰ্ণ আৰু উচিত লাভ প্ৰদান কৰে। ইয়াৰ উপৰিও ৰাজ্যজুৰি দুগ্ধ উৎপাদকসকলক সহায় কৰাৰ ক্ষেত্ৰত ৱেষ্ট আসাম মিল্ক প্ৰডিউছাৰ্ছ কো-অপাৰেটিভ ইউনিয়ন লিমিটেডে সক্ৰিয়ভাৱে কাম কৰি আহিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি সমবায়টোৱে বিশ্ব বেংকৰ প্ৰকল্প ৰূপায়ণকাৰী সংস্থাই এপাৰ্ট প্ৰকল্পৰ বাবে যোগান ধৰা পুঁজিৰ সদব্যৱহাৰেৰে দুগ্ধ উৎপাদকসকলৰ উৎপাদনশীলতা আৰু উপাৰ্জন বৃদ্ধিৰ বাবে কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্যসূচীসমূহৰ লক্ষ্য হৈছে কৃষকসকলক সম্পদ আৰু জ্ঞান লাভৰ উন্নত সুবিধা প্ৰদান কৰাৰ লগতে বহনক্ষম নৈতিক আৰু জলবায়ু প্ৰতিৰোধী পদ্ধতিসমূহক প্ৰসাৰ কৰা।

দুগ্ধ পামখনে ‘ফাৰ্মপ্ৰেনিউৰ’ (কৃষক উদ্যোগী) সকলক দুগ্ধ পালনৰ জৰিয়তে জীৱিকাৰ উন্নতি সাধন কৰিবলৈ সক্ষম কৰি আহিছে।গাখীৰ ক্ৰয়ৰ হাৰ বৃদ্ধি কৰাৰ লগতে কৃষকসকলক অতিৰিক্ত উপাৰ্জন প্ৰদান কৰাৰ উপৰিও, ৱেষ্ট আসাম মিল্ক প্ৰডিউছাৰ্ছ কো-অপাৰেটিভ ইউনিয়ন লিমিটেডে কৃষকসকলক গাখীৰ উৎপাদন আৰু ইয়াৰ মানদণ্ড বৃদ্ধি কৰাৰ বাবে কাৰিকৰী জ্ঞান আৰু অন্যান্য বিভিন্ন কাৰ্যকলাপত সক্ৰিয়ভাৱে সহায় কৰি আহিছে। এই কাৰ্যসূচীসমূহে আধুনিক কৃষি কৌশল, পশু স্বাস্থ্য, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পদ্ধতি আৰু উচ্চমানৰ গৰুৰ খাদ্যৰ ওপৰতো প্ৰশিক্ষণ প্ৰদান কৰে।গ্ৰাম্যাঞ্চলত স্থাপন কৰা স্বয়ংক্ৰিয় গাখীৰ সংগ্ৰহ কেন্দ্ৰবোৰে কৃষকসকলে তেওঁলোকৰ গাখীৰৰ বাবে উচিত মূল্য লাভ কৰাটো নিশ্চিত কৰে। সমবায়টোৱে ৰাজ্যজুৰি প্ৰায় ৬০০ টা দুগ্ধ সমবায় সমিতিৰ এক নেটৱৰ্ক পৰিচালনা কৰে, যাৰ জৰিয়তে কৃষকসকলে তেওঁলোকৰ গাখীৰ নিজ নিজ গাওঁ সমবায় সমিতিত বিক্ৰী কৰিব পাৰে আৰু প্ৰতি ১০ দিনৰ বিৰতিত তেওঁলোকৰ বেংকত ধন লাভ কৰিব পাৰে।

মধ্যভোগীৰ প্ৰয়োজনীয়তা নাইকিয়া কৰি সমবায়টোৱে কৃষকসকলে তেওঁলোকৰ গাখীৰৰ উন্নত মূল্য লাভ কৰাটো নিশ্চিত কৰে, যিয়ে পৰিণতিস্বৰূপে তেওঁলোকৰ জীৱিকাৰ উন্নতি সাধন কৰে।সমগ্ৰ অসমৰ প্ৰায় ৩০০০ দুগ্ধ পালকক সহায় কৰাৰ বাবে পূৰবী ডেইৰীৰ দায়বদ্ধতা ইয়াৰ সফলতাৰ কাহিনীৰ এক অবিচ্ছেদ্য অংগ। ডেইৰীৰ পদক্ষেপ আৰু কাৰ্যসূচীয়ে কৃষকৰ জীৱিকা উন্নত কৰাই নহয়, দুগ্ধ উদ্যোগত বহনক্ষম আৰু নৈতিক পদ্ধতিৰ প্ৰসাৰৰ ক্ষেত্ৰতো সহায় কৰিছে। সমবায়খনৰ বৃদ্ধি আৰু কাম-কাজ সম্প্ৰসাৰণৰ লগে লগে কৃষকৰ জীৱিকা আৰু ৰাজ্যৰ দুগ্ধ উদ্যোগৰ সামগ্ৰিক উন্নয়নত ইয়াৰ প্ৰভাৱ বৃদ্ধি পাব বুলি আশা কৰা হৈছে।