ধুবুৰী : গৌৰীপুৰৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ (Gauripur Accident) নিহত সংখ্যা বৃদ্ধি। দুর্ঘটনাত আহত আন এজন যুৱকৰ মৃত্যু ঘটে কোচবিহাৰৰ হাস্পতালত। সৰস্বতী পূজাৰ দিনা সংঘটিত হৈছিল পথ দুর্ঘটনা। থিতাতে নিহত হৈছিল দুগৰাকী ছাত্ৰী।

সৰস্বতী পূজাৰ দিনাই ধুবুৰী জিলাৰ গৌৰীপুৰত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হৈছিল দুগৰাকী ছাত্ৰী। আহত হৈছিল কেইবাগৰকী ছাত্ৰ-ছাত্ৰী। আহত সকলৰ ভিতৰত এজন যুৱকৰ মৃত্যু ঘটে শুকুৰবাৰে। কোচবিহাৰৰ মিছন হাস্পতালত চিকিৎসাধীন অবস্থাত মৃত্যু ঘটে মইদুল ইছলাম নামৰ আন এজন ছাত্ৰৰ।

এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হৈছিল সুবাঙি ৰয় আৰু নির্মলী ৰয় নামৰ দুগৰাকী ছাত্ৰীৰ। শুকুৰবাৰে মইদুল ইছলামৰ মৃত্যু ঘটাত মৃতকৰ সংখ্যা তিনিজনকৈ বৃদ্ধি পাইছে। আহত সকলৰ ভিতৰত দুজন ছাত্ৰ সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে।

দুৰ্ঘটনাৰ আহত হোৱা সকলৰ ভিতৰত বর্তমান চিকিৎসাধীন হৈ আছে ৰিয়াত হুছেইন, জাহিদুল হক, ৰিয়া সাহা আৰু জেনিফাৰ ইয়াছমিন। সৰস্বতী পূজা উপলক্ষে ফুৰিবলৈ ওলাই যোৱা ছাত্ৰ-ছাত্ৰী এটাৰ দলৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই দুখন মটৰ চাইকেল আৰু এখন ট্ৰাকৰ খুন্দা মাৰিছিল।

ছাত্ৰ-ছাত্ৰীৰ দলটোৰ এএছ-১৭-জে-৫২২৪ নম্বৰৰ বাহনখনে মটৰ চাইকেল আৰু ট্ৰাকৰ খুন্দা মাৰত বাহনখনত থকা দুগৰাকী ছাত্ৰী থিতাতে নিহত হোৱাৰ লগতে আহত হৈছিল সাত গৰাকীকৈ ছাত্ৰ-ছাত্ৰী। নিহত সুবাঙি ৰয় আৰু নির্মলী ৰয়ৰ ঘৰ গৌৰীপুৰৰ এক নং ৱাৰ্ডত বুলি জানিব পৰা গৈছে। ৰাজপথৰ কাষত ৰৈ থকা ট্ৰাকৰ বাবেই এই ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছিল বুলি ৰাইজে অভিযোগ কৰে।