Abdul Roof

গৰৈমাৰী : মই ভাল পাই বিয়া পাতিছোঁ, মই নিজে আহিছোঁ, মোৰ স্বামীৰ দোষ নাই। দোষ মোৰ, লাগিলে মোক লৈ যাওঁক। মোৰ মা, দেউতা কোনো নাই, এতিয়া মোৰ দায়িত্ব কোনে ল’ব? তেঁওক নিলে মোকো নিব লাগিব। থানাৰ সন্মুখত এগৰাকী গৰ্ভৱতী পত্নীৰ হিয়াভঙা কান্দোন (Child Marriage)।

বাল্য বিবাহৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান। বাল্য বিবাহ কৰোৱা বা বাল্য বিবাহৰ লগত জড়িত থকা ইজনৰ পিছত সিজন পৰিছে আৰক্ষীৰ জালত। বাল্য বিবাহৰ লগত জড়িত থকা হাজাৰ হাজাৰ লোক এতিয়া ৰঙা ঘৰৰ আলহী হৈছে। আৰক্ষীৰ ধাৰাবাহিক অভিযান মাজতে এক অবৰ্ণনীয় পৰিস্থিতি দেখিবলৈ পোৱা যায় গৰৈমাৰী আৰক্ষী থানাৰ সন্মুখত।

কামৰূপ জিলাৰ গৰৈমাৰী আৰক্ষীয়ে নিশাৰ ভাগত গৰৈমাৰীৰ দক্ষিণ মহিমাৰী গাঁৱত এক অভিযান চলাই বাল্য বিবাহ কৰোৱা দুজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজন ক্ৰমে মফিদুল আলী আৰু আবুল বাসাৰ। আৰক্ষীয়ে দুয়োকে পুৱাৰ ভাগত আদালতলৈ নিয়াৰ সময়ত থানাৰ সন্মুখত সৃষ্টি হয় এক অবৰ্ণনীয় পৰিস্থিতিৰ।

বাল্য বিবাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা মফিদুল আলী আৰু আবুল বাসাৰৰ পত্নীৰ লগতে পৰিয়ালৰ লোকে থানাৰ সন্মুখত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰে। বিশেষকৈ মফিদুল আলী আৰু আবুল বাসাৰৰ পত্নীয়ে নিজ নিজ স্বামীক ধৰি কান্দোনত ভাঙি পৰে। আৰক্ষীক কোনো কাৰণতে স্বামীক নিবলৈ নিদিয়ে দুয়োগৰাকী পত্নীয়ে। দীৰ্ঘসময় ধৰি স্বামীকলৈ আৰক্ষী আৰু পত্নী দুগৰাকীৰ মাজত টনা-আজোৰা লাগে।

ইয়াৰে এগৰাকী গৰ্ভৱতী পত্নীয়ে কান্দি কান্দি কয় “মোৰ মা নাই, দেউতাও নাই৷ মই নিজে ভাল পাই বিয়া পাতিছো৷ মোৰ স্বামীৰ দোষ নাই৷ আসামী মই হে৷ মোৰ স্বামী নহয়৷ লাগিলে মোক লৈ যাওঁক। এতিয়া মোক কোনে খুৱাব, কোনে কাপোৰ কানি দিব৷” উল্লেখ্য যে ৰাজ্যৰ বাল্য বিবাহ সন্দৰ্ভত চাৰি হাজাৰতকৈও অধিক গোচৰ ৰুজু কৰা হৈছে আৰু বৰ্তমানলৈকে তিনি হাজাৰতকৈও অধিক লোক গ্ৰেপ্তাৰ হৈছে।