গুৱাহাটী, সংবাদ ৩৬৫, ১১ অক্টোবৰ : ৰক্ষকেই ভক্ষক আদি বিভিন্ন উদাহৰণৰ সহায়ত অসম আৰক্ষীক ককৰ্থনা কৰি অহা হৈছে আৰক্ষীৰ বিভিন্ন অসমাজিক কাম-কাজৰ বাবে। কিন্তু ইয়াৰ মাজতো কিছু কিছু অসম আৰক্ষীয়ে ৰাইজৰ সেৱাত নিঃস্বাৰ্থ ভাৱে নিজকে অৰ্পণ কৰি দিয়াও দেখা পোৱা যায় বা গৈছে।

৬ অক্টোবৰৰ নিশা মহানগৰীৰ দঁতালপাৰাত সংঘটিত হয় এক পথ দুৰ্ঘটনা। যাৰ ফলত ৰাজপথত পৰি ৰৈছিল ভগা কাঁচৰ টুকুৰা। সেইবাবে দুৰ্ঘটনাৰ পিছতে হাতত ঝাড়ু লৈ পথটো পৰিষ্কাৰ কৰিছিল কৰ্তব্যৰত দুই যান-বাহন আৰক্ষী ক্ৰমে অৱদেশ কুমাৰ ৰায় আৰু ৰাজা সৰকাৰে আৰু সমগ্ৰ ঘটনাটো বন্দী হৈ ৰৈছিল পথচাৰীৰ মোবাইল কেমেৰাত।

ইয়াৰ পাছতে সামাজিক মাধ্যমত বিয়পি পৰিছিল আৰক্ষী বিষয়া দুজনে পথ পৰিষ্কাৰ কৰি থকাৰ ভিডিও। যাৰ বাবে স্বচ্ছতাৰ ক্ষেত্ৰত গ্ৰহণ কৰা উক্ত ব্যৱস্থাৰ বাবে দুয়োগৰাকীকে সম্বৰ্ধনা জনায় আৰক্ষী আয়ুক্তই।

উল্লেখযোগ্য যে ফটাশিল আমবাৰী থানাত কৰ্মৰত দুয়োজন আৰক্ষী বিষয়া।