নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৭ ডিচেম্বৰ : “কা”ৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। অসমৰ পাছতে এতিয়া ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে উত্তৰ প্ৰদেশৰ মুঠ ১৫ খন চহৰত।

এই ১৫ খন চহৰ হৈছে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ, গাজিয়াবাদ, মেৰথ, আলীগড়, ছাহাৰানপুৰ, বুলন্দচহৰ, বিজনৌৰ, মুজফ্ফৰনগৰ, শামলী, চম্বল, ফিৰোজবাদ, মথুৰা, আগ্ৰা, কাণপুৰ আৰু সীতাপুৰ ।

হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাবেই ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে উক্ত চহৰকেইখনত । ইণ্টাৰনেট সেৱাৰ লগতে এ এম এছ সেৱাও বন্ধ কৰি দিয়া হৈছে ।

ইতিমধ্যে হিংসাত্মক ঘটনা সংঘটিত কৰাৰ লগতে ৰাজহুৱা সম্পত্তি ক্ষতিসাধন কৰাৰ অভিযোগত মুঠ ৪৯৮ জন লোকক চিনাক্ত কৰি প্ৰশাসনৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে।