ৰঙিয়া, নৱেম্বৰ ৮: এইবাৰ দুৰ্বৃত্তৰ চিকাৰ পথ নিৰ্মাণ সংস্থাৰ জোৱান৷ নিচাযুক্ত দ্ৰব্য খুৱাই দুৰ্বৃত্তই লুটিলে জোৱান জনৰ পৰা অৰ্ধ লক্ষাধিক নগদ ধন সহ মূল্যৱান সা-সামগ্ৰী৷ পথ নিৰ্মাণ সংস্থাৰ জোৱানজন হৈছে অনিল কুমাৰ৷ ৰে’লেৰে ঘৰলৈ গৈ থকা অৱস্থাত দুৰ্বৃত্তই লুটি সৰ্বস্বান্ত কৰিলে জোৱানজনক৷ গুৰুতৰভাৱে অসুস্থ হৈ কোনোমতে ৰঙিয়া ৰে’ল জংচনত জোৱানজনে ৰে’লৰ পৰা নমাৰ পিছত অচেতন হৈ পৰে৷ ষ্টেচন ৰোডৰ এলাহাবাদ বেংকৰ সমীপতে অচেতন অৱস্থাত পৰি থকাত ৰাইজৰ মাজত হুৱা-দুৱা লাগে৷ পিছত ৰাইজৰ সহযোগত ৰঙিয়া আৰক্ষীয়ে জোৱানজনক সংকটজনক অৱস্থাত ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷ উল্লেখ্য যে, ৰে’ল যাত্ৰাত সুৰক্ষা ব্যৱস্থা নোহোৱাৰ বাবে প্ৰায়ে এই ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে৷