চৰাইদেউ, নৱেম্বৰ: বিমুদ্ৰাকৰণে এটা বছৰ অতিক্ৰম কৰিলে৷ সেই উপলক্ষে ভাৰতীয় জনতা পাৰ্টিয়ে দেশজুৰি ক’লা ধন বিৰোধী দিৱস পালন কৰা সময়তে কংগ্ৰেছে পালন কৰে ক’লা দিৱস৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ সদৰ সোণাৰিতো চৰাইদেউ জিলা কংগ্ৰেছে পালন কৰে এই দিৱস৷ ক’লা দিৱসৰ এই কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অনুজ বৰকটকী, চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি পবিত্ৰ শইকীয়া, চৰাইদেউ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুণু সন্দিকৈৰ লগতে জ্যেষ্ঠ কংগ্ৰেছী নেতা দিলীপ গগৈ, অশোক ৰাজবংশী, বীৰেণ বৰাৰ লগতে সোণাৰি সমষ্টিৰ কেউটা ব্লকৰ কংগ্ৰেছ কৰ্মীসকলে অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰোদ্ধে প্ৰতিবাদ কৰে৷