গুৱাহাটী, ১৬ অক্টোবৰ, ২০২৩ : অঞ্জন নাথ হত্যাকাণ্ডৰ লগত জড়িত ৭ অভিযুক্তক গ্ৰেপ্তাৰ (Seven Arrested)। বিগত তিনিদিন ধৰি মহানগৰ আৰক্ষীয়ে তদন্ত চলাই অৱশেষত অঞ্জন নাথ হত্যাকাণ্ডৰ লগত জড়িত ৭ অভিযুক্তক গ্ৰেপ্তাৰ কৰে। গুলী চালনা কৰা সৌৰভ গোৱেংকাসহ মুঠ ৭ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হৈছে অৰবিন্দ ৰায়, গোৱিন্দ কুমাৰ, অঞ্জন নাথৰ লগত একেলগ বসবাস কৰা গিতাশ্ৰী সিনহা।

গিতাশ্ৰী সিনহাৰ পিতৃ অজিত সিনহা, মাতৃ ঝৰ্ণা সিনহা আৰু ভগ্নী নেহা সিনহাকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে ডেৰ মাহ পূৰ্বে অঞ্জন নাথক হত্যা কৰাৰ পৰিকল্পনা কৰা হৈছিল। গিতাশ্ৰী সিনহাৰ বাসগৃহত এই পৰিকল্পনা কৰা হৈছে। গিতাশ্ৰী সিনহাৰ পিতৃয়ে আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছে যে তেওঁ এই হত্যাকাণ্ডৰ পৰিকল্পনাৰ বিষয়ে জানিছিল। গিতাশ্ৰী সিনহা পূৰ্বে দুবাৰকৈ বিবাহ পাশত আৱদ্ধ হৈছিল।

দুয়োটা স্বমৰীৰ লগত সংসাৰ নহ’ল গিতাশ্ৰী সিহাৰ। দ্বিতীয় স্বমৰীৰ পৰা গিতাশ্ৰী সিহাৰ এটি পুত্ৰ সন্তানো আছে। দ্বিতীয় স্বামীৰ পৰা পৃথক হৈ গিতাশ্ৰী সিনহা বাল্যকালৰ বন্ধু অঞ্জন নাথৰ লগত থাকিবলৈ লয়। ইয়াৰ মাজতে গিতাশ্ৰী সিহাৰ চিনাকি হয় সৌৰভ গোৱেংকাৰ লগত। এই চিনাকি লাহে লাহে প্ৰেমৰ ৰূপ লয় আৰু অঞ্জন নাথক পথৰ পৰা আঁতৰাবলৈ অঞ্জন নাথৰ হত্যাৰ পৰিকল্পনা কৰে। পৰিকল্পনা অনুসৰি কাম আৰু গুলীয়াই হত্যা কৰা হয় অঞ্জন নাথক।

উল্লেখ্য যে ১২ অক্টোবৰৰ নিশা খানাপাৰাৰ গণেশ মন্দিৰৰ সন্মুখতত অঞ্জন নাথক গুলী কৰে সৌৰভ গোৱেংকাই। সৌৰভ গোৱেংকাই গুলী চালনা কৰা পিষ্টলখন বিহাৰৰ পৰা আনিছিল। মহানগৰ আৰক্ষীয়ে মাত্ৰ তিনিদিনত তদন্ত চলাই এই হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহাৰ কৰা মটৰ চাইকেলখনো উদ্ধাৰ কৰি জব্দ কৰিছে।

আৰক্ষীয়ে জব্দ কৰিছে ৭ টাকৈ মোবাইল ফোন। ১২ অক্টোবৰৰ নিশা খানাপাৰাৰ গণেশ মন্দিৰৰ সন্মুখত অঞ্জন নাথক গুলীয়াইছিল। অঞ্জন নাথৰ বুকুত গুলী লাগি গুৰুত্বৰভাৱে আহত হৈছিল আৰু চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল অঞ্জন নাথৰ। অঞ্জন নাথ আৰু গিতাশ্ৰী সিহাৰ সম্পৰ্কক মানি লোৱা নাছিল অঞ্জন নাথ আৰু গিতাশ্ৰী সিহাৰ পৰিয়ালে।