জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথ জিলাৰ বিহালীত বনৰীয়া হাতীৰ জাকৰ তাণ্ডৱ। উজাগৰে নিশা কটাইছে বহু গঞা ৰাইজ। নিশা হোৱাৰ লগে লগে বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলায় বিশ্বনাথ জিলাৰ বিহালীৰ নাচবৰ, ৰৌমাৰী, ৰাংছালী, বতিয়ামাৰিকে আদি কৰি কেইবাখনো গাৱঁত।

বিশ্বনাথ জিলাৰ বিহালীত ক্ৰমাৎ অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে হাতী আৰু মানুহৰ সংঘাত। বিগত কিছুদিন ধৰি বিহালীৰ কেইবাখনো গাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ বৃদ্ধি পাবলৈ ধৰিছে। ফলত গঞা ৰাইজ আতংকিত হোৱাৰ লগতে নিশা উজাগৰে থাকিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

বন বিভাগে বনৰীয়া হাতীৰ জাক খেদাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে গঞা ৰাইজে৷ বিগত কিছুদিন ধৰি বিশ্বনাথৰ বিহালীৰ বিভিন্ন অঞ্চলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বিহালী বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে শ শ হেক্টৰ কৃষিভূমিৰ পকা ধান খাই তহিলং কৰাত মূৰে-কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে৷

হাতী খেদাৰ বাবে কোনো ধৰণৰ সামগ্ৰী নোহোৱাকৈ গঞা ৰাইজে নিশা পহৰা দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। বিহালীত বনৰীয়া হাতীৰ বৃহৎ জাকে এটাই খেতি পথাৰত নামি পথাৰৰ পকা ধান খাই বিনষ্ট কৰি তাণ্ডৱ চলাই আছে। বনৰীয়া হাতীৰ জাকটোক বন বিভাগৰ লোকে বনাঞ্চলত খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই। কৃষক সকলে নিজৰ জীৱনৰ কথা চিন্তা নকৰি নিশা উজাগৰে থাকি পথাৰত পহৰা দিবলগীয়া হৈছে।