অসম-নাগালেণ্ড সীমান্তত পুনৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ডিফু ৩ ছেপ্তেম্বৰ কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। নিষিদ্ধ ৩০০ গ্ৰাম ব্ৰাউন চুগাৰসহ দুজন সৰবৰাহকাৰী আটক। আটকাধীন সৰবৰাহকাৰী যুৱক দুজন ক্ৰমে বাঁশকান্দিৰ ৰবীন সিং আৰু মণিপুৰৰ সেনাপতি জিলাৰ কুমৌ কাইডাই। কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত …

আজি অভিৰুচি ক্ৰীড়া দিৱস : উত্তৰ-পুবৰ গৌৰৱ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন

আমিনুৰ ৰহমান সৈতে আশ্ৰফৰ ৰহমান শিৱসাগৰ ৩ ছেপ্টেম্বৰ ৩ ছেপ্টেম্বৰ, আজি অভিৰুচি ক্ৰীড়া দিৱস। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন আজি। এসময়ৰ অসমৰ প্ৰখ্যাত ক্ৰীড়া আলোচনী অভিৰুচিয়ে আজিৰ দিনটো অসমৰ ক্ৰীড়া দিৱস ৰূপে পালন কৰিছিল। তেতিয়াৰ পৰা আজিলৈকে অসমৰ বিভিন্ন প্ৰান্তত আজিৰ …

আদিল হুছেইন এইবাৰ হ’ব ডক্তৰ বেজবৰুৱা

গুৱাহাটী ৩ ছেপ্টেম্বৰ ‘দ্য ৰিলাকটেণ্ট ফাণ্ডামেন্টেলিষ্ট’  আৰু ‘লাইফ অৱ পাই’ৰ দৰে হলিউডৰ ছবিৰ লগতে কেইবাটাও হিন্দী আৰু অসমীয়া ছবিত অভিনয় কৰা অসমৰ প্ৰসিদ্ধ অভিনেতা আদিল হুছেইন এইবাৰ হ’ব ডক্তৰ বেজবৰুৱা। ১৯৬৯ চনত মুক্তিলাভ কৰা অসমৰ প্ৰথমখন থ্ৰিলাৰ ছবি ‘ডক্তৰ বেজবৰুৱা’ৰ নিৰ্মিত হ’বলগীয়া …

পত্নীক ডিঙি কাটি হত্যা কৰি আত্মহত্যাৰ অপচেষ্টা এজনৰ

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও  ৩ ছেপ্টেম্বৰ গোসাইগাঁৱৰ বুঢ়ী চাটাম গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। শহুৰেকৰ ঘৰত গৈ পত্নীক ডিঙি কাটি হত্যা কৰি নিজেও আত্মহত্যা অপচেষ্ট চলালে এজনে। বঙাইগাঁও জিলাৰ গোসাঁইগাঁও থানাৰ অন্তৰ্গত বুঢ়ী চাটাম গাঁৱত বুধবাৰে নিশা প্ৰায় ১০ …

আদিংগিৰি পাহাৰত পুনৰ পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ

গুৱাহাটী ২ ছেপ্টেম্বৰ মালিগাঁৱৰ আদিংগিৰি পাহাৰত পুনৰ পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ। এসপ্তাহৰ ভিতৰত আদিংগিৰি পাহাৰত বন বিভাগৰ পিঞ্জৰাত পৰিল দ্বিতীয়টো নাহৰফুটুকী বাঘ। বিগত কিছুদিন ধৰি অঞ্চলটোত আতংক চলাই আছে নাহৰফুটুকী বাঘ। বুধবাৰে সন্ধিয়াৰ ভাগত মহানগৰীৰ মালিগাঁৱৰ আদিংগিৰি পাহাৰত পিঞ্জৰাবদ্ধ হয় এটা …

বনকৰা শিশুৰ শৰীৰত উতলা পানী ঢালি নিৰ্যাতন এগৰাকী চিকিৎসকৰ

ডিব্ৰুগড় ২ ছেপ্টেম্বৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী জেষ্ট্য চিকিৎসকে সংঘটিত কৰিছে এক অমানুষিক কাণ্ড। ঘৰত বনকৰা শিশুৰ দেহত উতলা পানী ঢালি নিৰ্যাতন চলালে চিকিৎসক গৰাকীয়ে। শিশু কল্যাণ সমিতিয়ে চিকিৎসক গৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ কৰিলে ১২ বছৰীয়া শিশুটিক। ডিব্ৰুগড় জিলাৰ অসম …

গীত কামৰূপাৰ গ্ৰেপ্তাৰৰ দাবীত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

আমিনুৰৰ সহযোগত আশ্ৰফ ৰহমান শিৱসাগৰ ২ ছেপ্টেম্বৰ শিৱসাগৰ উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ৷ শিৱসাগৰৰ সাতামপুৰুষীয়া ঐক্য সম্প্ৰীটি বিনষ্ট কৰি শিৱসাগৰৰ মহিলাকলৈ অশ্লীল মন্তব্য কৰা গীত কামৰূপাৰ বিৰুদ্ধে পুণৰ উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে৷ শিৱসাগৰৰ …

শিৱসাগৰ আৰক্ষীৰ জালত ৬ জনীয়া ভুৱা আলফাৰ দল

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান শিৱসাগৰ ২ ছেপ্টেম্বৰ শিৱসাগৰ আৰক্ষীৰ বৃহৎ সাফল্য। শিৱসাগৰ আৰক্ষীৰ জালত পৰিল ভুৱা আলফা। শিৱসাগৰ জিলাৰ বিভিন্ন ব্যৱসায়ীৰ পৰা দীৰ্ঘদিন ধৰি আলফাৰ নামত ধন দাবী কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল দলটোৱে৷ শিৱসাগৰ আৰক্ষীয়ে মঙলবাৰে নিশা এক …

কেইবাটাও দাবী লৈ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

গুৱাহাটী ২ ছেপ্টেম্বৰ অসম বিধানসভাৰ বৰ্ষাকালীন অধিবেশনৰ তৃতীয় দিনা লাষ্ট গেটত কেইবাটাও দাবী লৈ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। ধৰ্মঘটস্থলীৰ পৰা মুখ্যমন্ত্ৰীলৈ বিভিন্ন দাবী সন্নিবিষ্ট স্মাৰকপত্ৰ প্ৰেৰণ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ। অসম বিধানসভাৰ বৰ্ষাকালীন অধিবেশন চলি …

গৰৈমাৰীত জব্দ বৃহৎ পৰিমাণৰ কফ চিৰাপ

আনোৱাৰ হুছেইন গৰৈমাৰী  ২ ছেপ্টেম্বৰ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ অন্তৰ্গত হাতীশলাত জব্দ বৃহৎ পৰিমানৰ কফ চিৰাপ৷ এচাম অসাধু ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি গৰৈমাৰীৰ বিভিন্ন অঞ্চলত চলাই আহিছে অবৈধ কফ চিৰাপৰ লগতে বিভিন্ন নিচাজাতীয় সমগ্ৰীৰ ৰমৰমীয়া বেহা। ছয়গাঁও আৰক্ষীয়ে এজ গোপন সুত্ৰৰ খবৰৰ …