আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা মাহীৰ অৱসৰ।

নিউজ ডেস্ক ১৫ আগষ্ট আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে ভাৰতীয় ক্ৰিকেট দলত সবাতোকৈ সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে। আনুষ্ঠানিকভাৱে ঘোষণা হোৱা নাই যদিও ছচিয়েল মাধ্যমত মহেন্দ্ৰ সিং ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ কথা প্ৰকাশ কৰিছে। টেষ্ট ক্ৰিকেট হওক, …

সোণতলীত উদ্ধাৰ প্ৰকাণ্ড আজগ।

ফজলুৰ ৰহমান সোণতলী  ১৫ আগষ্ট দক্ষিণ কামৰূপৰ সোণতলীত শনিবাৰে সন্ধীয়াৰ সময়ত উদ্ধাৰ হয় এটা প্ৰকাণ্ড অজগৰ। স্থানীয় ৰাইজে আজগৰটোক উদ্ধাৰ কৰি বন বিভাগক খবৰ দিয়ে। শনিবাৰে সন্ধীয়া প্ৰায় ৭ বজাত দক্ষিণ কামৰূপৰ সোণতলীত এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয়৷ সোণতলী আৰক্ষী …

ব্যতিক্ৰমী কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন।

খবিৰ আলী দৰঙ ১৫ আগষ্ট এক ব্যতিক্ৰমী কাৰ্যসূচীৰে দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিলে এগৰাকী প্ৰকৃতি প্ৰেমী যুৱকে। খোজ কাঢ়ি গছপুলি ৰোপণ কৰি স্বাধীনতা দিৱসৰ দিনা ৰাইজক প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে প্ৰকৃতি প্ৰেমী যুৱক গৰাকীয়ে। শনিবাৰে দেশজুৰি উদযাপন কৰা …

জাতীয় পতাকাক চৰম অপমান

আনোৱাৰ হুছেইন গৰৈমাৰী ১৫ আগষ্ট ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনাই জাতীয় পতাকাক চৰম অপমান৷ ছয়গাঁৱত ওলোটাকৈ উৰিল জাতীয় পতাকা। মৌলনা আবুল কালাম আজাদ হাইস্কুলত জাতীয় পতাকা ওলোটাকৈ উত্তোলন কৰাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া। কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে শনিবাৰে দেশবাসীয়ে …

স্বাধীনতা দিৱসত অসমৰ ড০ দিব্যজ্যোতি শইকীয়ালৈ “ষ্টাৰ ইণ্ডিপেণ্ডেণ্ট এৱাৰ্ড” আৰু ভাৰত গৌৰৱ সন্মান

গুৱাহাটী ১৫ আগষ্ট স্বাধীনতা দিৱসত অসমৰ ড০ দিব্যজ্যোতি শইকীয়ালৈ “ষ্টাৰ ইণ্ডিপেণ্ডেণ্ট এৱাৰ্ড” আৰু ভাৰত গৌৰৱ সন্মান। ষ্টাৰ বুক অব ওৱৰ্ল্ড ৰেকৰ্ডছৰ তৰফৰ পৰা “ষ্টাৰ ইণ্ডিপেণ্ডেণ্ট এৱাৰ্ড ২০২০” ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱাৰ উপৰি “দ্যা মেইহৰ টাইমছ’ কাকত আৰু অক্সিটিয়ে ভাৰত গৌৰৱ সন্মান …

স্বাধীনতা দিৱসৰ দিনাই সোণতলীত উত্তাল প্ৰতিবাদ

ফজলুৰ ৰহমান সোণতলী ১৫ আগষ্ট দক্ষিণ কামৰূপৰ সোণতলীত অসম মিঞা (অসমীয়া) পৰিষদৰ উত্তাল প্ৰতিবাদ। দক্ষিণ কামৰূপ জিলা বাহাল ৰাখিবলৈ অসম মিঞা (অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ। স্বাধীনতা দিৱসৰ দিনাই দক্ষিণ কামৰূপৰ জাওঁকাটাত গৰজি উঠিল অসম মিঞা (অসমীয়া) …

ৰাজ্যৰ কৃষিভিত্তিক অৰ্থনীতিক নতুন গতি প্ৰদান কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

গুৱাহাটী ১৫ আগষ্ট সমগ্ৰ দেশৰ লগতে অসমতো শনিবাৰে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ জৰ্জ খেল পথাৰত সীমিত সংখ্যক লোকৰ উপস্থিতিত উদযাপন কৰা হয় স্বাধীনতা দিৱস। পুৱা ৯ বজাত জৰ্জ খেল পথাৰত …

মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা “অৰুণোদয়” আঁচনি সম্পৰ্কে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

গুৱাহাটী ১৪ আগষ্ট মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা “অৰুণোদয়” আঁচনি সম্পৰ্কে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা “অৰুণোদয়” আঁচনিখন সম্পূৰ্ণ আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি ভোটাৰক প্ৰভাৱান্বিত কৰিবলৈ বনোৱা আঁচনি। …

পিয়াৰ আলীৰ পতাকাৰে স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু কলগাছিয়াবাসী

কলগাছিয়া ১৪ আগষ্ট কলগাছিয়া বজাৰৰ দৰ্জী পিয়াৰ আলীৰ পতাকাৰে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু কলগাছিয়াবাসী। কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ মাজতো কলগাছিয়াবাসীৰ বাবে স্বাধীনতা দিৱস উপলক্ষে পিয়াৰ আলীয়ে নিৰ্মাণ কৰিলে জাতীয় পতাকা। শনিবাৰে দেশবাসীয়ে উদযাপন কৰিব ৭৪ সংখ্যক স্বাধীনতা দিৱস। …

জেলৰ পৰা নিশা পলায়ন চাৰিজন গভাইত চোৰৰ

যতীন নাথ মাজবাট ১৪ আগষ্ট জেলৰ কোৱাৰেন্টাইন কক্ষৰ পৰা পলায়ন চাৰিজনকৈ গভাইত চোৰৰ। বৰষুণৰ সুযোগ লৈ জেল কৰ্তৃপক্ষৰ চকুত ধূলি দি পলায়ন কৰে চোৰ কেইজন। জেল কৰ্তৃপক্ষৰ লাগিল হাহাকাৰ। ওদালগুৰি জিলা কাৰাগাৰৰ কোৱাৰেন্টাইন কক্ষৰ পৰা বৃহস্পতিবাৰে নিশা চাৰিজন গভাইত চোৰ …