সাধাৰণ কাজিয়াক কেন্দ্ৰ কৰি বাসগৃহ জ্বলাই দিয়াৰ অভিযোগ

কলগাছিয়া ১২ আগষ্ট কলগাছিয়াৰ বিলৰটাৰী গাঁৱৰ ছোৰহাব আলীৰ ঘৰত মঙলবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ছোৰহাব আলীৰ দুখনকৈ বাসগৃহ, ধানৰ, হাহঁ-কুকুৰা আৰু বহু মুল্যবান সামগ্ৰী ভষ্মীভূত হয়। বৰপেটা জিলাৰ কলগাছিয়াৰ বিলৰটাৰী গাঁৱৰ ছোৰহাব আলী নামৰ এজন লোকৰ …

দুখীয়াৰ ওপৰত ধনী আৰু বাহুবলীৰ অত্যাচাৰ

বৰপেটা ১২ আগষ্ট বৰপেটা জিলাৰ বানিয়াৰাপাৰা বজাৰত চলিছে দুখীয়াৰ ওপৰত ধনী আৰু বাহুবলীৰ অত্যাচাৰ। বানিয়াৰাপাৰা বজাৰৰ চৰকাৰী গৃহত কোঠা বনাই অবৈধ ভাৱে বিক্ৰীৰ অভিযোগ। পাচলিৰ দোকানীৰ পৰাও দাবী ধমকিৰে আদায় কৰিছে ৬০ হেজাৰ টকা। ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া। থানাত ভুক্তভোগীৰ …

লাওখোৱা বুঢ়াচাপৰিত বনৰীয়া ম’হ হত্যা কৰা চোৰাং চিকাৰী আটক

শিবেন্দু বৰা জুৰীয়া ১২ আগষ্ট লাওখোৱা বুঢ়াচাপৰিত বনৰীয়া ম’হ হত্যা কৰা এজন চোৰাং চিকাৰী আটক। বন কৰ্মীৰ বৃহৎ দল এটাই বুধবাৰে পুৱাৰ ভাগত চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই এজন চোৰাং চিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ধৃত চোৰাং চিকাৰীজন বাটলিচাপৰিৰ আতাবুৰ …

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত কেলেংকাৰী : সোণতলীৰ জে কে এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষকক আটক

ফজলুৰ ৰহমান সোণতলী  ১২ আগষ্ট দক্ষিণ কামৰূপ জিলাৰ ছমৰীয়া শিক্ষাখণ্ডৰ অধীনস্থ একাংশ বিদ্যালয়ত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ নামত সংঘটিত হোৱা বিয়াগোম কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পিছতে সোণতলী আৰক্ষীয়ে আটক কৰিছে এম ই মাদ্ৰাছাৰ এগৰাকী প্ৰধান শিক্ষকক৷ আৰক্ষীৰ হাতত আটক হোৱা শিক্ষকজন …

নাগ্ৰিজুলীত মন্ত্ৰী ভৱেশ কলিতাৰ বৰনদীৰ গৰাখহনীয়া পৰিদৰ্শন

বাক্সা ১১ আগষ্ট অসম চৰকাৰৰ জলসিঞ্চন তথা ৰাজ্যিক শিক্ষামন্ত্ৰী ভৱেশ কলিতাই মঙলবাৰে তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰিজুলীত বৰনদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। গৰাখহনীয়া পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে কয় তেওঁ বিভাগীয় মন্ত্ৰী নহয় গতিকে তেওঁ অচিৰেই বিভাগীয় মন্ত্ৰীৰ লগত বিষয়টো আলোচনা কৰি …

ছয়গাঁৱত ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ এজন

ছয়গাঁও ১১ আগষ্ট ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ঘোঁৰামাৰা পথাৰৰ পৰা সোমবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে৷ আটকাধীন লোকজন ঘোঁৰামাৰা পথাৰৰ আবু তালেবউদ্দিনৰ পুত্ৰ খবিৰুদ্দিন৷ জানিব পৰামতে খবিৰুদ্দিন নামৰ লোকজনে দীৰ্ঘদিন ধৰি …

হোজাইৰ বিজেপি বিধয়াক শিলাদিত্য দেৱক গ্ৰেপ্তাৰ কৰাৰ দাবীত আমছু প্ৰতিবাদ

আনোৱাৰ হুছেইন গৰৈমাৰী ১১ আগষ্ট ৰাজ্যৰ প্রান্তে প্রান্তে অব্যাহত আছে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱৰ গ্ৰেপ্তাৰৰ দাবী। শিলাদিত্য দেৱৰ গ্ৰেপ্তাৰৰ দাবীত ছয়গাঁৱত উত্তাল প্ৰতিবাদ। শিলাদিত্য দেৱৰ প্ৰতিমূৰ্তি দাহ কৰি আমছুৰ প্ৰতিবাদ। বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত …

আলহী হৈ আহিব এবাৰ “আলহী ঘৰ”লৈ

গুৱাহাটী ১১ আগষ্ট মহানগৰীৰ গুৱাহাটীৰ সমীপৰ ধোপগুৰিৰ লিচুবাগানত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত অসমৰ বিভিন্ন জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা এটা বিশেষ ঘৰ। “আলহী ঘৰ” নামাৰে জনজাতি উন্নয়ন কেন্দ্ৰটোৰ এফালে যদি টঙী ঘৰ, আনফালে তিৱা, মিচিং, আহোম, কাৰ্বি আদি জনগোষ্ঠীৰ পৰম্পৰাগত একোটাকৈ ঘৰ। …

এটোপাল বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কেইবাখনো গাঁৱৰ ৰাইজৰ

জনীয়া ১১ আগষ্ট যোৱা দুমাহত দুটাকৈ ভয়াবহ বানপানীৰ কবলত পৰা বৰপেটা জিলাৰ কেইবাখনো গাঁৱত এতিয়া বিশুদ্ধ খোৱা পানীৰ অভাৱ।এটোপাল বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ৰাইজ। নদীৰ লেতেৰা আৰু ঘোলাপানীৰে তৃষ্ণা নিবাৰণ কৰিবলৈ বাধ্য ৰাইজ। বানপানী কমিছে যদিও …

বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এজাহাৰ দাখিল

কুন্দন ভৰালী নগাঁও ১১ আগষ্ট হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ দাখিল। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সাহিত্যক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত চৈয়দ আব্দুল মালিকলৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে শিলাদিত্য দেৱৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। …