উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো কৰ’ণা ভাইৰাছ ধৰা পৰিল মণিপুৰৰ যুৱতীৰ শৰীৰত

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ মাৰ্চ: উত্তৰ পূব ভাৰতৰ মণিপুৰত ধৰা পৰিল প্ৰথটো কৰ’ণা আক্রান্ত। মণিপুৰৰ এগৰাকী যুৱতীৰ শৰীৰত পোৱা গৈছে কৰ’ণা ভাইৰাছ। ১৯ মাৰ্চত মণিপুৰৰ যুৱতী গৰাকী ইংলেণ্ডৰ পৰা কলিকতাৰ হৈ মণিপুৰলৈ আহিছিল। মণিপুৰৰ ২৩ বছৰীয়া যুৱতী গৰাকীৰ দেহত …

অসমক লক ডাউন কৰাৰ সিদ্ধান্ত চৰকাৰৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ মাৰ্চ : কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে অৱশেষত কঠোৰ হ’ল ৰাজ্য চৰকাৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক লক ডাউন কৰাৰ ঘোষণা কৰিলে। ২৪ মাৰ্চ আবেলি ৬ বজাৰ পৰা ৩১ মাৰ্চ নিশা ১২ বজালৈ অসম লক ডাউন। …

“জনতা কাৰ্ফিউ”ৰ পিছতে সোমবাৰে গুৱাহাটীৰ ৰাজপথত দেখা গ’ল ৰাইজৰ কিছু সমাগম

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ মাৰ্চ: কৰ’ণা ভাইৰাছে সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰি থকা সময়তে দেওবাৰে সমগ্ৰ ভাৰতবৰ্ষত ঘোষণা কৰা হৈছিল “জনতা কাৰফিউ”। “জনতা কাৰফিউ”ৰ ফলত দেওবাৰে জনজীৱন স্তব্ধ হৈ পৰিছিল সমগ্ৰ দেশতে। সোমবাৰে কিন্তু প্ৰায় ২৪ ঘণ্টা পিছত ৰাজপথলৈ ওলাই …

সোমবাৰ পুৱা ৮ বজালৈ ৰাজ্যত অব্যাহত থাকিব “জনতা কাৰ্ফিউ”

গুৱাহাটী, সংবাদ ৩৬৫, ২২ মাৰ্চ : দেওবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা “জনতা কাৰ্ফিউ” সোমবাৰ পুৱা ৮ বজালৈ অব্যাহত থাকিব অসমত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যত বৃদ্ধি কৰিলে “জনতা কাৰ্ফিউ” সময়। কৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে …

ভাৰত ষ্টেজ থ্ৰী লৈ যোৱাৰ সম্ভাবনা কিমান

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২২ মাৰ্চ : ভাৰতবৰ্ষত প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। ভাৰত যদিও কৰ’ণা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত ষ্টেজ টু’ত আছে, ভাৰত ষ্টেজ থ্ৰী লৈ যোৱাৰ সম্ভাবনা নুই কৰিব নোৱাৰি। ভাৰতত বিদেশলৈ নোযোৱা দুজন ব্যক্তিৰ …

প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি : স্তব্ধ হ’ল মহানগৰী

গুৱাহাটী, সংবাদ ৩৬৫, ২২ মাৰ্চ : দেওবাৰ, ২২ মাৰ্চ তাৰিখে সমগ্ৰ দেশবাসীক নিজৰ নিজৰ বাসগৃহত থাকি “জনতা কাৰ্ফিউ” পালন কৰিবলৈ আহ্বান জনাইছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সমগ্ৰ দেশবাসীৰ লগতে সঁহাৰি জনালে অসমৰ জনতাও। ৰাজ্যৰ ৰাজধানী তথা …

কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যত হেণ্ড ছেনিটাইজাৰ আৰু ফেচ মাস্ক বিক্ৰী নিশ্চিত কৰাৰ দাবী : কনজিউমাছ লিগেল প্রটেক্টশ্বন ফৰাম

গুৱাহাটী, সংবাদ ৩৬৫, ২১ মাৰ্চ : কৃত্ৰিম নাটনি আৰু ক’লা বজাৰ ৰোধৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰণালয়ে হেণ্ড ছেনিটাইজাৰ আৰু মাস্কৰ মূল্য নিৰ্ধাৰণ কৰি দিছে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰাম বিলাস পাছোৱানে শুকুৰবাৰে এক নিৰ্দেশ যোগে এই সামগ্ৰী দুবিধৰ …

কৰ’ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ ২৫ খন বিহু কমিটিয়ে সাংস্কৃতিক অনুষ্ঠান কৰিলে পৰিত্যাগ

গুৱাহাটী, সংবাদ ৩৬৫ ,২১ মাৰ্চ: সমগ্ৰ বিশ্বতে কৰ’ণা ভাইৰাছে সন্ত্ৰাস বিয়পাই থকা সময়তে ভাৰতবৰ্ষটো দিনক দিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। ভাৰতবর্ষত কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে যদিও অসমত কৰ’ণা ভাইৰাছৰ উপস্থিতি পোৱা নাই। অসমত …

ফাঁচী কাঠত উলমিল নির্ভয়া কাণ্ডৰ ৪ অভিযুক্ত

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২০ মাৰ্চ: ২০১২ চনত সংঘটিত হৈছিল দেশ কঁপাই যোৱা নির্ভয়া কাণ্ডৰ। চলন্ত বাছৰ ভিতৰতে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল এগৰাকী ২৩ বছৰীয়া যুৱতীক। ৭ বছৰৰ অপেক্ষাক অন্ত পেলাই অৱশেষত ন্যায় লাভ কৰিলে নিৰ্ভয়াই। শুকুৰবাৰে পুৱা ৫ …

ক’ভিড-১৯ক প্ৰত্যাহ্বান জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰক উদ্দেশ্যি সম্বোধন

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২০ মাৰ্চ : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নিশা ৮ বজাত ক’ভিড-১৯ক প্ৰত্যাহ্বান জনোৱাৰ বাবে সমগ্ৰ দেশবাসীক সম্বোধন কৰি ‘নৱৰাত্ৰি’ উপলক্ষে দেশবাসীক নটা কাৰ্যৰ বাবে অনুৰোধ জনায়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্বতে বিয়পি পৰা এই বিশ্বব্যাপী …