জোনবিলৰ পাৰত পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ সেঁতু

মৰিগাঁও, সংবাদ ৩৬৫, ১৬ জানুৱাৰী : জাগীৰোডৰ জোনবিলৰ পাৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা জোনবিল মেলাৰ সমাপ্তি ঘটিব দেওবাৰে। বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিবলৈ পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহিল মামা-মামী সকল। মৰিগাঁও জিলাৰ জাগীৰোডৰ সমীপৱৰ্তী …

পৃথিৱীৰ ভিতৰতে সৰ্বাধিক দৰিদ্ৰ মানুহৰ দেশ ভাৰত

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৬ জানুৱাৰী : পৃথিৱীৰ ভিতৰতে সৰ্বাধিক দৰিদ্ৰ মানুহৰ দেশ হিচাপে পৰিগণিত হৈছে ভাৰতবৰ্ষ । বিশ্ব বেংকৰ তথ্য অনুসৰি বিশ্বৰ প্ৰতিজন দুখীয়া লোকৰ ভিতৰত এজন ভাৰতীয় । তথ্য অনুসৰি ভাৰতত দৈনিক ১২০ টকাতকৈও কম খৰছত নিজৰ পৰিয়াল …

দক্ষিণ শালমাৰাত উদযাপন অসমৰ পূষণা

দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ১৬ জানুৱাৰী : দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে পূষণা (দোমাহী) ।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰাৰ জন কল্যাণ হাইস্কুলত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে পূষণা (দোমাহী) । আয়োজক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি দেশী জনগোষ্ঠী …

ভোগালী বিহু উপলক্ষে ৰাজ্যজুৰি জ্বলোৱা হৈছে মেজি : দাহ কৰা হৈছে “কা”ৰ প্ৰতিলিপি

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৫ জানুৱাৰী : আজি ভোগৰ বিহু ভোগালী । ভোগালী বিহুৰ পৰম্পৰা অনুসৰি ৰাজ্যজুৰি জ্বলোৱা হৈছে মেজি । মেজিত দাহ কৰা হৈছে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি। মাহমহৰা বিধানসভা সভাৰ সমষ্টিৰ কটকী পাপং গাঁওবাসীয়েও মেজিৰ জুইত দাহ কৰিলে …

খেলো ইণ্ডিয়া : মুঠ ১০৭টা পদক লাভ কৰি তালিকাৰ শীৰ্ষত মহাৰাষ্ট্ৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ জানুৱাৰী : খেলো ইণ্ডিয়া য়ুথ গেইমছত মঙলবাৰে মুঠ ১০৭টা পদক লাভ কৰি তালিকাৰ শীৰ্ষস্থান দখল কৰিছে মহাৰাষ্ট্ৰই। সোমবাৰে তালিকাৰ শীৰ্ষত থকা হাৰিয়ানাৰ মঙলবাৰে দ্বিতীয় স্থানলৈ অৱনতি ঘটে। তালিকাত দিল্লীৰ স্থান তৃতীয়। পদকৰ তালিকাত অসম আছে ১৭ নম্বৰত। …

কিউৰেটিভ পেটিচন খাৰিজ উচ্চতম ন্যায়ালয়ৰ : নিৰ্ধাৰিত মতেই ফাঁচী দিয়া হ’ব চাৰিও অপৰাধীক

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ জানুৱাৰী : কিউৰেটিভ পেটিচন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে । ২২জানুৱাৰীৰ পুৱা ৭বজাত চাৰিওটা অপৰাধীক দিয়া হ’ব ফাঁচী। উল্লেখ্য যে ডেথ ৱাৰেণ্ট জাৰি কৰা হৈছিল নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীৰ বিৰুদ্ধে । ইয়াৰ পিছত দুই দোষী বিনয় …

কিউৰেটিভ পিটিচনৰ ওপৰত উচ্চতম ন্যায়ালয়ত শুনানি নিৰ্ভয়া কাণ্ডৰ দুই অপৰাধীৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ জানুৱাৰী : কিউৰেটিভ পিটিচনৰ ওপৰত মঙলবাৰে উচ্চতম ন্যায়ালয়ত শুনানি হ’ব নিৰ্ভয়া কাণ্ডৰ দোষী বিনয় আৰু মুকেশ কুমাৰৰ । ডেথ ৱাৰেণ্ট জাৰি কৰা হৈছে নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীৰ বিৰুদ্ধে । ইয়াৰ পিছত দুই দোষী বিনয় আৰু …

খেলো ইণ্ডিয়া : পদকৰ তালিকাত শীৰ্ষত হাৰিয়ানা

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ জানুৱাৰী : খেলো ইণ্ডিয়া য়ুথ গেইমছৰ পদকৰ তালিকাত সোমবাৰে শীৰ্ষস্থান দখল কৰিলে হাৰিয়ানাই। দ্বিতীয় স্থানলৈ অৱনতি ঘটিল শনিবাৰে আৰু দেওবাৰে শীৰ্ষত থকা মহাৰাষ্ট্ৰৰ। দিল্লী দেওবাৰৰ দ্বিতীয় স্থানৰ পৰা তৃতীয় স্থানলৈ নামি অহাৰ পৰিবৰ্তে পদকৰ তালিকাত আগুৱাই আহিছে …

খেলো ইণ্ডিয়াত হৃদয়ৰ ৰূপৰ পদক

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ জানুৱাৰী : তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত অসমৰ হৈ ৰূপৰ পদক লাভ কৰিলে হৃদয় হাজৰিকাই। ২১ বছৰ অনুৰ্ধ্বৰ শাখাত ১০ মিটাৰ শ্বুটিঙত ৰূপৰ পদক লাভ কৰে হৃদয়ে। অসমৰ খেলুৱৈ গৰাকীয়ে ২৪৭.৫ পইণ্ট লাভ কৰি হৃদয় দ্বিতীয় …

“ভাৰতত ভাৰতীয়ৰ যিমান অধিকাৰ আছে পাকিস্তানৰ পৰা অহা শৰণাৰ্থীৰো একেই অধিকাৰ আছে” – অমিত শ্বাহ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ জানুৱাৰী : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই কেন্দ্ৰই গৃহমন্ত্ৰী অমিত শ্বাহৰ বিতৰ্কিত মন্তব্য ।মধ্য প্ৰদেশৰ জবলপুৰত মন্তব্য কৰে যে ভাৰতত ভাৰতীয়ৰ যিমান অধিকাৰ আছে পাকিস্তানৰ পৰা অহা শৰণাৰ্থীৰো একেই অধিকাৰ …