“অসমৰ স্বাৰ্থ সুৰক্ষাক প্ৰতিজন ৰাজনৈতিক নেতাই উপেক্ষা কৰিছে”—উপমন্যু হাজৰিকা

বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২৪জানুৱাৰী: এইবাৰ শাসক-বিৰোধীৰ কেইবাগৰাকী হাইপ্ৰফাইল নেতাক তীব্ৰ সমালোচনা প্ৰবজন বিৰোধী মঞ্চৰ নেতা তথা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উপমন্যু হাজৰিকাৰ। খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাক অসমৰ প্ৰতিজন ৰাজনৈতিক নেতাই উপেক্ষা কৰাৰ অভিযোগ বিশিষ্ট অধিবক্তাগৰাকীৰ। বৃহস্পতিবাৰে অধিবক্তা গৰাকীয়ে …

আজুৰ দৰঙ জিলা সমিতি গঠন: নাগৰিকত্ব সংশোধনী বিল বাতিলৰ দাবীত ২৯ জানুৱাৰীত ৰাজভৱনৰ সন্মূখত সাংবাদিকৰ অৱস্থান ধৰ্মঘট

খাৰুপেটীয়া, সংবাদ ৩৬৫, ২৪ জানুৱাৰী: বৃহস্পতিবাৰে সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ দৰং জিলা সমিতি গঠন কৰা হয় ৷ দৰঙৰ খাৰুপেটীয়া ডাক বঙলাত বুধবাৰে দলগাঁৱৰ জ্যেষ্ঠ সাংবাদিক আব্দুচ ছামাদৰ সভাপতিত্বত অনুষ্ঠিত এক সাধাৰন সভাত দৰঙৰ ছিপাঝাৰ, মঙ্গলদৈ, খাৰুপেটীয়া আৰু দলগাঁৱৰ অৰ্ধ শতাধিক …

নিশা কমলপুৰত ভয়াৱহ পথ দুৰ্ঘটনা

বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২৪ জানুৱাৰী: বাইহাটা চাৰিআলিৰ কমলপুৰত বুধবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা ৰঙিয়া অভিমুখী তীব্ৰ বেগী এ এছ০১ এইচ চি৪৬২৪ নম্বৰৰ বলেৰো এখনে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেন্দুকোনাত ৰখাই থোৱা …

তামুলপুৰত অসম দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰথম পৰ্যায়ৰ সফল সামৰণি

তামুলপুৰ, সংবাদ ৩৬৫, ২৪ জানুৱাৰী: অসম চৰকাৰৰ দ্বাৰা নিবনুৱা যুৱক যুৱতী সকলৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণ আৰু ৰোজগাৰৰ বাবে চলি থকা আঁচনিৰ ড্ৰিমচ্ এন জি ওৰ উদ্যোগত অনুষ্ঠিত বিনামূলীয়া প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ সফল সামৰণি পৰে। বাক্সা জিলাৰ তামুলপুৰস্থিত অসম দক্ষতা বিকাশ …

কলমণিৰ কুৰ্ম মাধৱ দেৱালয়ত সমূহীয়া প্ৰাৰ্থনা: মন্ত্ৰী হিমন্তক ক’লা পতাকা প্ৰদৰ্শণৰ বিৰুদ্ধে প্ৰতিবাদ

বাইহাটা চাৰিঅালিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২৩ জানুৱাৰী: কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ দৰে কলমণিৰ ঐতিহ্যমণ্ডিত কুৰ্ম মাধৱ দেৱালয় প্ৰাংগণতো এইবাৰ ক’লা পতাকাৰ বিৰুদ্ধে স্থানীয় ৰাইজে সমূহীয়া প্ৰাৰ্থনাৰে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসুচী । অন্য প্ৰান্তৰ পৰা আহি মন্ত্ৰী হিমন্ত বিশ্ব …

দক্ষিণ কামৰূপৰ ছয়গাঁৱত দিন দুপৰতেই সংঘটিত হল অপহৰণকাণ্ড

ছয়গাঁও, সংবাদ ৩৬৫, ২৩ জানুৱাৰী: দক্ষিণ কামৰূপৰ ছয়গাঁৱত বুধবাৰে দিন দুপৰতেই সংঘটিত হ’ল এক অপহৰণকাণ্ড । স্থানীয় দলৈপাৰা গাঁৱৰ যুৱতী এগৰাকীক ঘৰৰ পৰাই অপহৰৰণ কৰি নিয়াৰ চেষ্টা কৰিছিল এটা দুৰ্বৃত্তৰ দলে । ৰোহিত বসুমতাৰী নামৰ যুৱকজনৰ নেতৃত্বত চাৰিখন বাহনত আহিছিল …

সৰভোগৰ মাদুলীঝাৰত সেনা বাহিনীৰ জোৱানৰ পত্নীক অপহৰণ

সৰভোগ, সংবাদ ৩৬৫, ২৩ জানুৱাৰী: এইবাৰ অপহৰণকাৰীৰ জালত সেনা বাহিনীৰ জোৱানৰ পত্নী। বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত মাদুলীঝাৰ গাঁৱৰ সেনা বাহিনীৰ জোৱান অকন বৰ্মনৰ পত্নী তথা ৩ বছৰীয়া এটি সন্তানৰ মাতৃ চিত্ৰা ৰয় বৰ্মনক (২২) যোৱা ২২ ডিচেম্বৰ তাৰিখে …

সৰুপথাৰত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু শ্ৰমিক আইন ভঙ্গ কৰি চলাই আছে অবৈধ ইটা ভাটা

সৰুপথাৰ, সংবাদ ৩৬৫, ২৩ জানুৱাৰী: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য আৰু শ্ৰমিক আইন উলংঘা গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ প্ৰেমহৰাত ইটা ভাটাৰ মালিক বাংকা শ্বাহনী নামৰ ব্যৱসায়ী জনৰ। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু শ্ৰমিক আইন ভঙ্গ কৰি ব্যৱসায়ী জনে চলাইছে ইটা ভাটা ৷ …

ৰঙিয়াত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল বিশিষ্ট সমাজকৰ্মী হৰেশ্বৰ বৰ্মনৰ

ৰঙিয়া, সংবাদ ৩৬৫, ২৩ জানুৱাৰী: ৰঙিয়াৰ কলমণিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এটা দলে সোমবাৰে ক’লা পতাকা দেখুৱাই প্ৰতিবাদ কৰাৰ অভিযোগত আৰক্ষীয়ে ৭ প্ৰতিবাদকাৰীক আটক কৰি ৬ জনক আৰক্ষীয়ে অকথ্য নিৰ্যাতন চলাইছিল। মন্ত্ৰী …

ডুমডুমীয়াত এ আই ইউ ডি এফৰ সম্বৰ্ধনা সভা

বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ২৩ জানুৱাৰী: নগাঁও জিলাৰ ধিংৰ ডুমডুমীয়াত মংগলবাৰে নগাওঁ জিলা কমিটিৰ সভাপতি কম্পক কলিতাৰ সভাপতিত্বত হোৱা সম্বৰ্ধনা অনুষ্ঠানত এ আই ইউ ডি এফৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি আব্দুল কাদিৰে মন্তব্য কৰি কয় যে গ্ৰাম্যাঞ্চলৰ সামগ্ৰিক উন্নয়নত …