ঠেলাৰ ওপৰত সন্তান প্ৰসৱ

কলগাছিয়াত ধোৱাচাঙত পৰিণত স্বাস্থ্য বিভাগৰ ১০৮ এম্বুলেঞ্চ সেৱা কলগাছিয়া, ১৬ মেঃ বৰপেটা জিলাৰ কলগাছিয়াত আজি এগৰাকী প্ৰসূতিয়ে ৰাজপথত ঠেলাৰ ওপৰত সন্তান প্ৰসৱ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে, কলগাছিয়াৰ খাৰবাল্লী গাঁৱৰ শ্বাহজাহান আলীৰ পত্নী ফৰিদা ইয়াছমিনৰ ঘৰত …

ভেকচিনৰ আতংকত ভীতিগ্ৰস্ত নহ’বলৈ আহ্বান স্বাস্থ্য বিভাগৰ

গুৱাহাটী, ১৬ মেঃজাপানীজ এনকেফেলাইটিছ টীকাকৰণ সম্পৰ্কত ওলোৱা বাতৰিত ভীতিগ্ৰস্ত নহ’বলৈ আহ্বান জনাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ প্ৰকৃততে জনতাক বিপথে পৰিচালিত কৰিবলৈ দুষ্টচক্ৰই প্ৰচাৰ কৰা এয়া এক উৰাবাতৰিহে বুলি আজি এক সংবাদমেলত স্বাস্থ্য বিভাগে স্পষ্টীকৰণ দিয়ে৷ সেয়ে এনে উৰা বাতৰিত সন্ত্রষ্ট নহ’বলৈ …

সোণতলীত ভেকচিনক লৈ আতংকঃ স্বাস্থ্য কৰ্মীক জবাবদিহি

সোণতলী, ১৬ মেঃ বিগত কিছুদিন ধৰি নামনি অসমৰ সকলোবোৰ জিলাৰ গ্ৰামাঞ্চল তথা চৰাঞ্চলৰ জনসাধাৰণৰ মাজত ভেকচিনক লৈ এক বিভ্ৰান্তিৰ সৃষ্টি হৈছে ৷ বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক ভেকচিন প্ৰদানেৰে সন্তান জন্ম দিয়াৰ ক্ষমতা শেষ কৰি পেলাব বুলি ওলোৱা এক উৰা বাতৰি বিয়পি …

প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ বাসগৃহত চিবিআইৰ তালাচী

নতুন দিল্লী, ১৬ মেঃ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰম আৰু পুত্ৰ কাৰ্তি চিদাম্বৰম বাসগৃহত চিবিআইয়ে তালাচী চলায়৷  চিবিআইয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীৰ চেন্নাইস্থিত বাসগৃহ, কাৰ্যালয় আৰু পুত্ৰ কাৰ্তিৰ কৰাইকুডীৰ বাসগৃহৰ লগতে গুৰুগ্ৰামৰ চেস মেনেজমেন্ট চাৰ্ভিছ প্ৰাইভেট …

পাঁচজনী সতী নাৰীক লৈ নদীত নামিছে বাবা

কোকিলা, ১৬ মেঃ বছৰ বছৰ ধৰি আই নদীৰ ব্যাপক গৰাখহনীয়াৰ কবলত পৰি সৰ্বস্বান্ত হোৱা মানিকপুৰৰ, টেনটনপুৰ, কাহীবাৰী, হালধীবাৰী, তিলপুখুৰী, চিল্লাপাৰা আদি গাঁৱৰ ত্ৰানকৰ্তাৰ ৰূপত আবিৰ্ভাৱ হল ধুবুৰী জিলাৰ বিলাসীপাৰাৰ আব্দুল গফুৰ নামৰ ভণ্ড বাবাৰ। হোমগাৰ্ডত কাম কৰা এই ভণ্ড বাবাই বন্ধ কৰিব …

দুগৰাকীকৈ আৰক্ষীৰ আত্মহত্যা লগতে কিশোৰীৰ চেষ্টা

সংবাদ ৩৬৫ ডেস্ক, ১৬ মেঃ,অসম পুলিচৰ দুগৰাকীকৈ আৰক্ষীয়ে আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গুৱাহাটীত দশম আৰক্ষী বাহিনীৰ এগৰাকী মহিলা আৰক্ষী জোৱানে চিপ লৈ আত্মহত্যা কৰাক লৈ  চাঞ্চল্যই বিৰাজ কৰিছে৷ শুৱালকুচিৰ মঞ্জু কলিতা নামৰ মহিলা আৰক্ষী গৰাকীৰ মৃতদেহ …

ভাইৰাছৰ আতংকত বন্ধ এ টি এম

নতুন দিল্লী, ১৬ মেঃ ৰেনছমৱেৰ ‘ৱান্নাক্রাই’ ভাইৰাছৰ আতংকত ক্ৰস্তমান ভাৰতীয় ৰিজাৰ্ভ বেংক৷ চাইবাৰ অপৰাধীয়ে ৰেনছমৱেৰ ৱান্নাক্রাই ভাইৰাছেৰে বিশ্বৰ ১৫০ তকৈও অধিক দেশত কম্পিউটাৰ নেটৱৰ্ক ব্যৱস্থাত ব্যাঘাত জন্মোৱাত ভাৰতীয় ৰিজাৰ্ভ বেংকে এ টি এমৰ ছফটৱেৰ সলনি কৰিবলৈ নির্দেশনা জাৰি কৰিছে। এ …

ভীমবৰ দেউৰীৰ ১১৪ তম জন্ম বাৰ্ষিকী উদযাপন

গুৱাহাটী, ১৬ মেঃ জনগোষ্ঠীয় লোক কৃষ্টি সমাৰোহ অসমৰ উদ্যোগত পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সংগ্ৰহালয়ৰ প্ৰেক্ষাগৃহত জননেতা ভীমবৰ দেউৰীৰ ১১৪ তম জন্ম বাৰ্ষিকী উদযাপন কৰা হয়৷ সমাৰোহৰ কাৰ্যসূচী অনুসৰি ১১ বজাত ড০ শিলচন্দ্ৰ দেউৰীয়ে স্মৃতি তৰ্পনৰ পিছত ইন্দিবৰ দেউৰীয়ে সভাৰ সঞ্চালকৰ আৰু …

মুম্বাই ইণ্ডিয়ানছ-ৰাইজিং পুনে, কোনে খেলিব ফাইনেল

মুম্বাই, ১৬ মেঃ  আই পি এলৰ ফাইনেলত স্থান সুৰক্ষিত কৰাৰ লক্ষ্যৰে আজি নিশা ৮ বজাত প্ৰথমখন কোৱালিফায়াৰত অৱতীর্ণ হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু ৰাইজিং পুনে ছুপাৰজায়েন্টয়ে। মুম্বাইয়ে দলটােৰ বিৰুদ্ধে ৱাংখেড়ে ষ্টেডিয়ামত ঘৰুৱা দৰ্শকৰ সন্মুখত প্রতিশোধ পূৰণৰ সুৱৰ্ণ সুযোগ লাভ কৰিব। লেণ্ডল ছিমনাছ, …

বেজী পালেহি গুৱাহাটী

গুৱাহাটী, ১৬ মেঃ হাজো, বৰপেটাকে ধৰি নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পিছত এইবাৰ বেজী আহি পালে মহানগৰী গুৱাহাটীত৷ যোৱা কিছুদিন ধৰি নামনি অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত আতংকৰ সৃষ্টি কৰা নপুংসক কৰা বেজী অৱশেষত গুৱাহাটী মহানগৰীতো আহি পালে৷ মহানগৰীৰ হাতীগাঁও স্থিত নতবমাৰ …