বঙাইগাঁৱৰ ৰাখালডুবিত অবৈধ কাঠ কঢ়িওৱা গাড়ী দুৰ্ঘটনাগ্ৰস্থ

বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১৯ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ ৰাখালডুবিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে পুৱা চোৰাং কাঠ কঢ়িওৱা টাটা মোবাইল এখন দুৰ্ঘটনাগ্ৰস্থ হয়। জানিব পৰা মতে চিৰাংৰ ফলৰ পৰা আহি থকা এছ-২৬চি-০২১১ নম্বৰৰ টাটা মোবাইল গাড়ীখনৰ চকা ফুটি যোৱাত …

টীয়কৰ মেলেংত নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ

টীয়ক, সংবাদ ৩৬৫, ১৯ এপ্ৰিলঃ যোৰহাট জিলাৰ টীয়কৰ মেলেং গায়ন গাঁৱত বৃহস্পতিবাৰে পুৱা এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়। দীৰ্ঘ দিন ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই থকা নাহৰফুটুকী বাঘটোক বন্দী কৰিবলৈ বন বিভাগে স্থানীয় ৰাইজৰ সহযোগত কেইবাদিন ধৰি চেষ্টা চলাই আছিল। গৰু ছাগলী নিধন …

গো পালনৰে চৰকাৰী সাহাৰ্য্যক প্ৰত্যাহ্বান মঙ্গলসিংহ ব্ৰহ্মৰ

বাক্সাৰ পৰা অজিত ৰাভা, সংবাদ ৩৬৫, ১৯ এপ্ৰিলঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ২৭ নং নাগ্ৰীজুলী পৰিষদীয় সমষ্টিৰ ভাৰত ভূটান সীমান্তৰ আমলাইগুৰী গাঁৱৰ মঙ্গলসিংহ ব্ৰহ্মৰ চৰকাৰী সাহাৰ্য্যক প্ৰত্যাহ্বান। আমলাইগুৰী গাঁৱৰ মঙ্গলসিংহৰ ব্ৰহ্ম নামৰ শিক্ষিত যুৱকজনে আজো ককাৰ দিনৰে পৰা গো পালনৰ বৃত্তি পৰম্পৰাগত …

বৰপেটাত নহৰু খেতিয়কৰ হাহাকাৰ : উচিত মূল্য নাপাই পেলাই দিলে কুইণ্টলে কুইণ্টলে নহৰু

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১৯ এপ্ৰিলঃ অসমৰ ভিতৰত সৰ্বাধিক নহৰু উৎপাদন কৰা অঞ্চল হিচাপে পৰিচিত বৰপেটা জিলাৰ গাগলমাৰী, কান্দাপাৰা, লুৰফুৰিয়া, মেধেৰটাৰী, গৰৈমাৰিৰ নহৰু খেতিয়ক সকলৰ অৱস্থা বৰ্তমান পানীত হাঁহ নচৰা হৈছে। সম্প্ৰতি জিলাখনৰ নহৰু খেতিয়ক সকলে বজাৰত নহৰুৰ উচিত …

মহানগৰীৰ সোনাইঘূলিত উদযাপন দেউৰী বিচু

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ এপ্ৰিলঃ উজনিৰ পৰা নামনীলৈকে ৰাজ্যবাসী এতিয়া ৰঙালী বিহু উদযাপনত ব্যস্ত। ৰঙালীৰ বতৰত বুধৱৰৰ পৰা আৰম্ভ হৈছে দেউৰী সকলৰ বিচু উৎসৱ৷ অসমৰ বিভিন্ন প্ৰান্তত থকা দেউৰী জনগোষ্ঠীৰ লোকসকলে বহাগৰ প্ৰথমটো বুধবাৰৰ পৰা পালন কৰে বিচু অৰ্থাৎ বিহু ৷ …

হোজাইত দলবদ্ধ ধৰ্ষণ কৰি ৰাজপথত পেলাই গল যুৱতীক

নগাঁবৰ পৰা পিংকি শইকীয়া, সংবাদ ৩৬৫, ১৮ এপ্ৰিলঃ বিহুৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যত সংঘটিত হৈ আছে এটাৰ পিছত আনটো ধৰ্ষণ আৰু নাৰী নিৰ্যাতনৰ ঘটনা। দুদিনমান পূৰ্বে মহানগৰীৰ গডচুক আৰক্ষী চকীৰ সন্মুখত এগৰাকী মহিলাক দুৰ্বৃত্তই নিৰ্যাতন চলাই ৰাজপথত পেলাই থৈ যোৱা ঘটনাৰ …

ধুবুৰীত স্বচ্ছ ভাৰত দিৱস পালন

ধুবুৰী, সংবাদ ৩৬৫, ১৮ এপ্ৰিলঃ স্বচ্ছ ভাৰত দিৱস উপলক্ষে বুধবাৰে ধুবুৰী জিলাত এক বিশাল শোভাযাত্ৰা উলিওৱা হয়। ৰাইজৰ মাজত স্বচ্ছ ভাৰতৰ সজাগতা অনাৰ প্ৰয়াসৰে ধুবুৰী জিলা পানী আৰু অনাময় সমিতিৰ উদ্যোগত ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰৰ পৰা উলিওৱা এই …

৬৭সংখ্যক গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞীৰ মুকুট লাভ কৰিলে কাৰ্বি আংলঙৰ জীয়ৰী জাগৃতি সন্দিকৈয়ে

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ এপ্ৰিলঃ ৬৭সংখ্যক গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞীৰ মুকুট লাভ কৰিলে কাৰ্বি আংলঙৰ জীয়ৰী জাগৃতি সন্দিকৈয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাতগৰাকী বৰ বিহুৱতীক পৰাজিত কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰিলে কাৰ্বি আংলঙৰ জীয়ৰী জাগৃতিয়ে।বিহু সম্ৰাজ্ঞীৰ উপহাৰস্বৰূপে জাগৃতিয়ে লাভ কৰিলে নগদ …

আচিফাৰ ধর্ষণকাৰীক ফাঁচী দিয়াৰ দাবীত এবিএমছুৰ প্ৰতিবাদ

তামুলপুৰ, সংবাদ ৩৬৫, ১৭ এপ্ৰিলঃ জম্মু কাশ্মীৰৰ আচিফা নামৰ এগৰাকী আঠ বছৰীয়া কিশোৰীক অতি নিষ্ঠুৰ ভাবে ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত মঙলবাৰে বাক্সা জিলাৰ খন্দিকৰত এবিএমছুৰ তীব্ৰ প্ৰতিবাদ। এবিএমছুৰ তামুলপুৰ সমিতিৰ শতাধিক কৰ্মীয়ে মঙলবাৰে বন্তি প্ৰজ্বলন কৰি এক প্ৰতিবাদী সমদল উলিয়াই …

গুৱাহাটীত ভাৰত আৰু পাকিস্তানৰ মাজত হব বেট-বলৰ যুদ্ধ

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ এপ্ৰিলঃ গুৱাহাটী মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত বেট বলৰ যুদ্ধত অৱতীৰ্ণ হব ভাৰত আৰু পাকিস্তান। গুৱাহাটীত অনুষ্ঠিত হব লগা এই যুদ্ধৰ বাবে ইতিমধ্যে পাকিস্তান দলে লাভ কৰিছে ভিজা। ভাৰতৰ লগতে বিশ্বেৰ আঠখনকৈ দেশে অংশগ্ৰহণ কৰিব এই বেট আৰু বলৰ …