চাহ বাগিচাত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ

গোলাঘাট, সংবাদ ৩৬৫, ৭ মাৰ্চ: গোলাঘাটৰ জিলাৰ দৈয়াং চাহ বাগিচাত বুধবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বাগিচাখনত মঙলবাৰে নিশা টুঙী লাইনত অচিন ৰোগত আক্ৰান্ত হৈ পদুমী নায়ক নামৰ এগৰাকী …

ত্ৰিপুৰাৰ পিছত তামিলনাডু আৰু কলকাতা

অনলাইন ডেস্ক, সংবাদ ৩৬৫, ৭ মাৰ্চ: ত্ৰিপুৰাত ২৫ বছৰীয়া চিপিআই (এম)ৰ শাসনৰ সমাপ্তি ঘটাই বিজেপি ক্ষমতালৈ অহাৰ পিছত পশ্চিম ত্ৰিপুৰাৰ বেলোনিয়াত একাংশ উদণ্ড বিজেপি কৰ্মীয়ে বুলডজাৰ লগাই বিশ্বপ্ৰসিদ্ধ বাওঁপন্থী নেতা লেনিনৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ পিছত এইবাৰ তামিলনাডুত ভাঙি পেলোৱা হল …

ৰাজপথত মাছ মাৰিলে ৰাইজে

কলগাছিয়া, সংবাদ ৩৬৫, ৭ মাৰ্চ: পৰিৱৰ্তন আৰু উন্নয়নৰ কথা কৈ ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা বিজেপি চৰকাৰখন ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত কিমান গুৰুত্ব প্ৰদান কৰিছে সেইয়া ৰাজ্যৰ পথসমূহৰ অৱস্থা দেখিলেই বুজিব পাৰি। উজনিৰ পৰা নামনিলৈকে ৰাজ্যৰ পথসমূহৰ অৱস্থা দিনক দিনে …

গুৱাহাটীত অনুষ্ঠিত হব অষ্টম থিয়েটাৰ অলিম্পিক

গুৱাহাটী, সংবাদ ৩৬৫, ৬ মাৰ্চ: বিশ্বৰ সৰ্ববৃহৎ নাট্য মহোৎসৱ অষ্টম থিয়েটাৰ অলিম্পিক অনুষ্ঠিত কৰাৰ বাবে সাজু হৈ উঠিছে মহানগৰী গুৱাহাটী। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে ভাৰতত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা থিয়েটাৰ অলিম্পিক ভাৰত চৰকাৰৰ সংস্কৃতিক মন্ত্ৰালয়ৰ নেতৃত্বত আৰু অসম চৰকাৰৰ সহযোগত অহা …

বিটিএডিত বন্ধ সমৰ্থকৰ হিংসাত্মক ঘটনা

কোকৰাঝাৰ, সংবাদ ৩৬৫, ৬ মাৰ্চ: বিটিচিৰ ভূমি নীতিৰ বিৰুদ্ধে মঙলবাৰে সন্মিলিত সংগঠন সমন্বয়ৰক্ষী সমিতিয়ে পূৱ ৫ বজাৰ পৰা জনোৱা ২৪ ঘন্টাৰ বিটিএডি বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা যায় পশ্চিম অসমত। কোকৰাঝাৰ জিলাৰ চৰাইখোলাত বন্ধ সমৰ্থকে ছফিউৰ ৰহমান নামৰ এজন অটো চলাকক …

ইণ্ডিয়া টুডে আৰু সাংবাদিক কৌশিক ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজু

গুৱাহাটী, সংবাদ ৩৬৫, ৬ মাৰ্চ: জাগগ আৰু জগাওঁক নামৰ সংগঠনে মহানগৰীৰ ভঙাগড় আৰক্ষী চকীত ইণ্ডিয়া টুডেৰ কৰ্তৃপক্ষ আৰু সাংবাদিক কৌশিক ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। সংগঠনটোৰ সদস্যসকলে ভঙাগড় থানাৰ সন্মুখত ইণ্ডিয়া টুডেৰ কৰ্তৃপক্ষ আৰু সাংবাদিক কৌশিক ডেকাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ …

ত্ৰিপুৰাত বিজেপি কৰ্মীৰ সন্ত্ৰাস-বুলডজাৰ লগাই ভাঙিলে বিশ্বপ্ৰসিদ্ধ বাওঁপন্থী নেতা লেনিনৰ প্ৰতিমূৰ্তি

ত্ৰিপুৰা, সংবাদ ৩৬৫,  ৬ মাৰ্চ: ত্ৰিপুৰাত ২৫ বছৰীয়া চিপিআই (এম)ৰ শাসনৰ সমাপ্তি ঘটাই বিজেপি ক্ষমতালৈ অহাৰ পিছত ত্ৰিপুৰাত হিংসাত্মক ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। পশ্চিম ত্ৰিপুৰাৰ বেলোনিয়াত একাংশ উদণ্ড বিজেপি কৰ্মীয়ে বুলডজাৰ লগাই বিশ্বপ্ৰসিদ্ধ বাওঁপন্থী নেতা লেনিনৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ লগতে …

যোৰহাটৰ হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়ত তলাবন্ধ

যোৰহাটৰ পৰা যুতিকা মহন্ত, সংবাদ ৩৬৫,  ৫ মাৰ্চ: যোৰহাটৰ জিলাৰ হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে সোমবাৰে তলাবন্ধ কাৰ্যসূচীৰ লগতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে, যোৱা ২৮ ফেব্ৰুৱাৰীত গুৱাহাটীৰ দিশপুৰ লাষ্টগেটত অসমৰ হোমিওপেথিক চিকিৎসা মহাবিদ্যালয় সমূহৰ ছাত্র ছাত্ৰী সকলক আৰক্ষীয়ে …

বিজেপিয়ে বিমুদ্রাকৰণ জৰিয়তে অন্যান্য ৰাজনৈতিক দলসমূহৰ কঁকাল ভাঙিছে – পৰেশ বৰুৱা

অনলাইন ডেস্ক সংবাদ ৩৬৫,  ৫ মাৰ্চ: ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দুদিন পিছত আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ত্ৰিপুৰা আৰু নাগালেণ্ডত বিজেপিয়ে লাভ কৰা সফলতা আৰু মেঘালয়ত মাত্ৰ দুখন আসন লাভ কৰিও চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ …

কুঁৱাত পৰিল গজৰাজ

যোৰহাট, সংবাদ ৩৬৫, ৫ মাৰ্চ: উজনি অসমৰ যোৰহাট জিলাৰ মৰিয়নীস্থিত হোলোঙাপাৰ গিবন বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি এটা বনৰীয়া হাতী কুঁৱাত আৱদ্ধ হৈ আছে। জানিব পৰা মতে খাদ্যৰ সন্ধানত প্ৰায়ে অভয়াৰণ্যখনৰ পৰা বনৰীয়া হাতীৰ জাক জনাঞ্চলত প্ৰৱেশ কৰি …