আইবা বক্সিং প্ৰতিযোগিতাত ভাৰতৰ শেষ শঙ্খঃ অসমৰ অংকুশিতাৰ লগতে চাৰিগৰাকী বক্সাৰৰ সোণৰ পদক অৰ্জন

গুৱাহাটী, ২৬ নৱেম্বৰঃ গুৱাহাটীৰ সৰুসজাইস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত আইবা বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাত অসম সন্তান অংকুশিত বড়োৰ লগতে চাৰিগৰাকী ভাৰতীয় বক্সাৰে সোণৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে, গুৱাহাটীৰ সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত ২০ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা বিশ্ব …

ডিগবৈত আজিৰেপৰা আৰম্ভ কৰিলে অটল অমৃত যোজনাৰ বিনামূলীয়া হেল্থ কাৰ্ড বিতৰণ

ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, ২৬ নৱেম্বৰ: ডিগবৈ সমষ্টিৰ অন্তৰ্গত পাৱৈ গাঁও পঞ্চায়তত আজিৰ পৰা আৰম্ভ কৰিলে অটল অমৃত যোজনাৰ বিনামূলীয়া হেল্থ কাৰ্ড। আজি এখন সভা আয়োজন কৰি এই অটল অমৃত যোজনাৰ বিনামূলীয়া হেল্থ কাৰ্ডৰ শুভাৰম্ভ কৰে ১২৩নং ডিগবৈৰ সমষ্টিৰ বিধায়ক …

বোকাখাতত বাঘৰ মৃতদেহ উদ্ধাৰ

বোকাখাত, ২৬ নৱেম্বৰ: কাজিৰঙাৰ অগৰাতলী বনাঞ্চলৰ নলনি বন শিবিৰ এলেকাত উদ্ধাৰ হৈছে বাঘৰ মৃতদেহ। আজি তহলদাৰী বনকৰ্মীয়ে উদ্ধাৰ কৰে মাইকী ঢেকিয়াপতীয়া বাঘৰ মৃতদেহ। বনবিভাগৰ মতে পাৰস্পৰিক যুঁজত আহত বাঘজনী চেপটিচেমিয়া ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। মৃত বাঘজনী বনবিভাগৰ চিকিৎসকৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষা …

বৈকুন্ঠপুৰীলৈ পৰিণত বৰভেঁটি, ২৫০ সংখ্যক ন লগোৱা উৎসৱ উদযাপন

যোৰহাটৰপৰা যুতিকা মহন্ত, ২৬ নৱেম্বৰ: যোৰহাট জিলাৰ পশ্চিম দিশৰ মালৌপথাৰ স্থিত ঐতিহাসিক ক্ষেত্র বৰভেঁটিৰ ২৫০ সংখ্যক ন লগোৱা উৎসৱত আজি শদিয়াৰ পৰা ধুবুৰীলৈকে পাঁচ লক্ষাধিক ভক্তৰ সমাগমে ঐতিহাসিক বৰভেঁটিক পৰিণত কৰিলে পুণ্যতীৰ্থলৈ। উল্লেখ্য যে, মালৌপথাৰৰ ঐতিহাসিক বৰভেঁটি সমগ্ৰ অসমৰ মায়ামৰা সম্প্ৰদায়ৰ তথা …

কাকডোঙাত কংগ্ৰেছৰ দলীয় সভা, দুশৰো অধিক কংগ্ৰেছ কৰ্মীৰ বাইক ৰেলী  

দেৰগাঁও, ২৬ নৱেম্বৰ: দেৰগাঁও বিধান সভা সমষ্টিৰ দক্ষিণ-পূব কাকডোঙাৰ গাঁও পঞ্চায়ত ভৱন বেজগাঁৱত অলপতে কংগ্ৰেছ দলৰ শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিতিত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। ৰাজহুৱা সভা অনুষ্ঠিত হোৱা আগতে প্ৰায় দুশৰো অধিক দলীয় যুৱ কংগ্ৰেছ কৰ্মীয়ে বাইকে ৰেলীয়ে ম’হবন্ধা …

মহানগৰীত হোটেলৰ বন্ধ কোঠাত যুৱকক আক্ৰমণ

ৰঙিয়া, ২৬ নৱেম্বৰঃ গুৱাহাটী মহানগৰীত এক চাঞ্চ্যল্যকৰ ঘটনা সংঘটিত হৈছে। মহানগৰীৰ পল্টন বজাৰত হোটেলৰ বন্ধ কোঠাত দুই পাঞ্জাৱী যুৱকক নৃশংস আক্ৰমণ কৰি দুৰ্বৃত্তই লুটি নিলে নগদ ৩২ হাজাৰ টকা, ৩০০ কানাডিয়ান ডলাৰ, ডিএছএলআৰ কেমেৰা, মোবাইল ফোনকে ধৰি সকলোবোৰ সামগ্রী। মহানগৰী …

অৰুনাচলৰ ডায়ুং থানাৰ আৰক্ষীৰ জিম্মাত অসমৰ যুৱকৰ মৃত্যু৷

ডিগবৈৰ পৰা বিজয় সূত্ৰধাৰ, ২৫ নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ অসম অৰুণাচল প্ৰদেশ সীমান্তবৰ্তী ডায়ুং থানাত আৰক্ষীৰ জিম্মাত অসমৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বৰডুমচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অৰুনাচল প্ৰদেশৰ ডায়ুং আৰক্ষী থানাত কিছুদিন পূৰ্বে এখন মটৰ চাইকেল চুৰিৰ সন্দৰ্ভত এক …

কাকডোঙাত সাংসদ গৌৰৱ গগৈয়ে শুভাৰাম্ভ কৰিলে পকী পথৰ কাম

দেৰগাঁও, ২৫ নৱেম্বৰ: দেৰগাঁও বিধান সভা সমষ্টিৰ অন্তগৰ্ত দক্ষিণ পূব কাকডোঙা গাঁও পঞ্চায়ত এলেকাৰ, চাবুকধৰা আলিৰ পৰা কুকুৰাপহীয়া, পহুছোৱা পৰা মহিমা চোমনি সংযোগী গড়কাপ্তনি পথ দুটি আজি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত, পকীকৰণৰ কাম দেৰগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ভৱেন …

আকৌ হিমন্তৰ ভুল: টুইটাৰত খুজিলে ক্ষমা

নিউজ ডেস্ক, ২৫ নৱেম্বৰ: যোৱা কিছুদিন ধৰি ৰাজ্যৰ লগতে সমগ্ৰ দেশত অসমৰ শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘কেন্সাৰ পাপৰ ফল’ বুলি কৰা মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাত সংবাদ মাধ্যমত প্ৰেছ বিবৃত্তি প্ৰেৰণ কৰি ক্ষমা খুজিবলৈ বাধ্য হোৱাৰ পিছত পুনৰ মন্ত্ৰীগৰাকীয়ে …

টেমছ নদী প্ৰদূষণমুক্ত কৰাত ব্যস্ত অসমৰ ধ্রুৱজ্যোতি

ধেমাজি, ২৫ নৱেম্বৰ:   লণ্ডণত টেমছ নদীৰ প্লাষ্টিকৰ বিৰুদ্ধে অভিযান চলাইছে ধেমাজিৰ ধ্ৰুৱ বৰুৱাই৷ নিজৰ প্ৰচেষ্টাত বাঁহেৰে তৈয়াৰ কৰি লোৱা চাইকেল এখনে টেমছৰ বুকুত জমা হোৱা প্লাষ্টিকৰ আৱৰ্জনা চফা কৰাৰ লগতে প্লাষ্টিক ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে ধ্ৰুৱ বৰুৱাই। যাৰ বাবে বিবিচি …