নাচানকুৰী মাদ্ৰাছাৰ পৰিচালনা সমিতি গঠনত অনিয়মঃ তদন্ত দাবী অভিভাৱকসকলৰ

বাঘবৰ, ১৫ ছেপ্টেম্বৰঃ বঙাইগাঁৱৰ মাণিকপুৰ প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ১নং নাচানকুৰী এমএনআল আমিন প্ৰিছিনিয়ৰ মাদ্ৰাছাৰ পৰিচালনা সমিতি গঠনৰ ক্ষেত্ৰত বিভাগীয় নিয়ম উলংঘা কৰাৰ অভিযোগ কৰি সমিতিখন বাতিলৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকে৷ প্ৰাপ্ত তথ্য অনুসৰি, মাদ্ৰাছাখনৰ নতুন পৰিচালনা সমিতি গঠন কৰাৰ …

দিল্লীৰ এনচিআৰ দৰে অসমত হ’ব এছচিআৰ

সংবাদ ৩৬৫ ডেস্ক, ১৫ ছেপ্টেম্বৰঃ অসম বিধানসভাৰ অধিবেশনত আজি ষ্টেট কেপিটেল ৰিজন ডেভেল’পমেণ্ট অথৰিটী বিধেয়কখন গৃহীত কৰা হয়৷ অসমৰ পাঁচখন জিলা ক্ৰমে কামৰূপ, কামৰূপ(মঃ), দৰং, মৰিগাঁও আৰু নলবাৰীক ষ্টেট কেপিটেলত অন্তৰ্ভূক্ত কৰা হৈছে৷ বিধেয়কখনৰ অনুসৰি এতিয়াৰে পৰা গুৱাহাটী বুলি কোনো …

শ্রমিকৰ কাৰণে হাউচিং কলনি মুকলি মানকটা চাহ বাগিছাৰ

গুৱাহাটী, ১৫ ছেপ্টেম্বৰঃ শেহতীয়াকৈ প্রৱল বান আৰু মুষলধাৰ বৰষুণে অসমত বৃহৎ ক্ষতিসাধন কৰি লক্ষাধিক জনতাক গৃহহাৰা কৰি তােলাৰ সময়তে মানকটা চাহ বাগিছাই শ্রমিকৰ বাবে নতুন গৃহ নিৰ্মাণ কৰি চাহ বাগিছাখনৰ ৪৬টা পৰিয়াললৈ হস্তান্তৰ কৰে। বাগিছাৰ কৰ্তৃপক্ষই নিৰ্মাণ কৰা প্ৰতিটাে আবাসত …

নাজিৰাত সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতাৰ আয়োজন

শিমলুগুৰি, ১৫ ছেপ্টেম্বৰঃ নাজিৰাত সাংস্কৃতিক অনুষ্ঠান কপিধ্বজৰ উদ্যোগত সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ নাজিৰাৰ বুদবাৰী সত্ৰৰ সমীপৰ চানবচা পথাৰৰ গোপাল আতা ক্ষেত্রত ১৭ জানুৱাৰীৰ পৰা ২২জানুৱাৰীলৈ ভাওনা প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব। ভাওনা প্ৰতিযোগিতাখন পৰিচালনাৰ কাৰণে অজয় বৰুৱাক সভাপতি, ৰূপম …

যোৰহাটৰ নৰ্থ ইষ্ট টেকন’লজিত অগ্নিকাণ্ড

যোৰহাট, ১৫ ছেপ্টেন্বৰঃ যোৰহাটৰ গড়আলিস্হিত নৰ্থ ইষ্ট টেকন’লজি নামৰ বিপনীত পুৱতি নিশা চৰ্ট চাৰ্কিটৰ ফলত জুই লগাত লক্ষাধিক টকাৰ সম্পতি অগ্নিদগ্ধ হয়৷ প্ৰাপ্ত তথ্য মতে, পুৱতি নিশা প্ৰায় ১.৩০ বজাত এই ঘটনা সংঘটিত হয়৷ বিপনীখনৰ স্বত্বাধিকাৰী মনোজ ঘোষে জানিবলৈ দিয়া …

অখিলক বিনাচৰ্তে মুক্তিৰ দাবীত ৰাজ্যজুৰি কৃষক মুক্তিৰ প্ৰতিবাদঃ বিভিন্ন দল সংগঠনৰ চৰকাৰক সমালোচনা

সংবাদ ৩৬৫ ডেস্ক, ১৪ ছেপ্টেম্বৰঃ ডিব্ৰুগড়ৰ মৰাণ থানাৰ অধীনস্থ বামুণবাৰীৰ এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰি কৃষক নেতা অখিল গগৈয়ে হাতত একে ৪৭ লৈ ৰাষ্ট্ৰৰ বিৰুদ্ধে সংগ্রাম কৰিব বুলি কৰা মন্তব্যক অতি গুৰুতৰ আৰু ৰাষ্ট্রবিৰোধী বুলি উল্লেখ কৰি ডিব্ৰুগড় আৰক্ষীয়ে মৰাণ থানাত …

দক্ষিণ কামৰূপৰ গোসাঁইহাতত চিলাপথাৰৰ যুৱতী উদ্ধাৰ

গোঁসাইহাত, ১৪ ছেপ্টেম্বৰঃ দক্ষিণ কামৰূপৰ গোঁসাইহাতত উদ্ধাৰ হৈছে এগৰাকী অচিনাক্ত যুৱতী। প্ৰাপ্ত তথ্য মতে, যোৱাকালি দক্ষিণ কামৰূপৰ গোসাঁহাতৰ এটা পথত যুৱতীগৰাকীয়ে অকলশৰে ঘূৰি-ফুৰিছিল৷ যুৱতীগৰাকীক অনাই-বনাই ঘূৰি-ফুৰা দেখা পাই গোসাঁইহাতৰ স্থানীয় লোকৰ সন্দেহ হোৱাত পলাশবাৰী আৰক্ষী থানাত খবৰ দিয়ে৷ পলাশবাৰী আৰক্ষী …

ৰঙিয়াত মণিপুৰৰ উগ্ৰপন্থী সংগঠন কেচিপি(এমচিপি)ৰ জিলা কামাণ্ডাৰ আটক

ৰঙিয়া, ১৪ ছেপ্টেম্বৰঃ মণিপুৰৰ উগ্ৰপন্থী সংগঠন কেচিপি (এমচিপি)ৰ জিলা কামাণ্ডাৰ চাগলছেম বৈচা সিঙক ৰঙিয়াত আটক কৰা হয়৷ প্ৰাপ্ত তথ্য মতে, ৰঙিয়াৰ মৰাণজাণাত আত্মগোপন কৰি থকা অৱস্থাত কামৰূপ আৰক্ষীয়ে অভিযান চলাই চাগলছেম বৈচা সিঙক আটক কৰে৷ ধৃত উগ্ৰপন্থীজনে বিগত কেবাদিন ধৰি …

গুৱাহাটীত আহিল ভাৰতৰ ১নং ফ্ৰেছ পাউচ্ছ মিল্ক ব্ৰেণ্ড আমূল

গুৱাহাটী, ১৪ চেপ্তেম্বৰঃ গুৱাহাটীত আহি আছে আমূল গাখীৰৰ পাউচ্ছ পেক। এই কথা সদৰি কৰিলে বৃহত্তম খাদ্যপণ্য সংস্থা তথা আমূল ব্ৰেণ্ডৰ বিপণনকাৰী গুজৰাট কো-অপাৰেটিভ মিল্ক মার্কেটিং ফেডাৰেশ্বন লিমিটেডে (জিচিএমএমএফ)। উল্লেখ্য যে, ভাৰতৰ স্বাধীনতা লাভৰ আগতেই ১৯৪৬ত খেতিয়কসকলৰ সমবায় আন্দোলনৰ শক্তিৰ এক …

ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত যোৰহাটত প্ৰতিবাদ

যোৰহাট, ১৪ ছেপ্টেম্বৰঃ পেট্ৰ’ল ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে জিলাৰ মাজমজিয়াস্থিত বিষ্ণুৰাম বৰুৱা হলৰ চাৰিআলি সমীপৰ বিঅ’চি পেট্ৰ’ল পাম্পৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদকাৰীসকলে চৰকাৰ খনক তীব্ৰ …