নাগশংকৰ মন্দিৰৰ কাছ সমুহক যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ খাদ্য যোগান

জোনমণি বেগম বিশ্বনাথ ১৭ জুন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ৰ পুখুৰীত থকা কাছ সমুহক কিছু পৰিমাণে খাদ্য সামগ্ৰী যোগান ধৰা হয়। বৰ্তমান অব্যাহত থকা ক’ভিড মহামাৰীৰ বাবে সমগ্ৰ অসমৰ লগতে বিশ্বনাথ জিলাতো আংশিক লকডাউনৰ …

ৰাষ্ট্ৰৰ নামত উৎসৰ্গা হ’ল ১২ টাকৈ পথ

লখিমপুৰ ১৭ জুন লখিমপুৰৰ কিমিনত প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে কিমিনৰ পৰা পুতিন সংযোগী প্ৰায় ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা পথ ফিটা কাটি উদ্ধোধন কৰাৰ লগতে বৈদ্যুতিন মাধ্যমেৰে আন ১১ টা পথ উদ্ধোধন কৰে। প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে উদ্ধোধন কৰা পথ কেইটাৰ …

মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ : ৰাজ্যজুৰি মহিলাৰ প্ৰতিবাদ

জোনমণি বেগম বিশ্বনাথ ১৬ জুন নতুন চৰকাৰখন গঠন হোৱাৰ পিছতে ৰাজ্যত মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ লোৱা মহিলা সকলে নতুন চৰকাৰখনৰ পৰা তেওঁলোৰ ঋণ মাফ কৰিব বুলি আশা কৰিছিল। নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰখনৰ তেতিয়াৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভা-সমিতিয়ে বিজেপিয়ে …

শিৱসাগৰ জিলাৰ গৰাখহনীয়া হোৱা স্থান পৰিদৰ্শন কৰিলে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই

শিৱসাগৰ  ১৫ জুন অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মঙলাবাৰে শিৱসাগৰ জিলাত উপস্থিত হৈ জিলাখনৰ বিভিন্ন স্থানৰ মথাউৰি আৰু গৰাখহনীয়াৰ কবলত পৰা স্থান সমূহ পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত নদীৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ …

অসম কন্যা দিবাংগনা কলিতাসহ দুই অভিযুক্তই লাভ কৰিলে জামিন

নিউজ ডেস্ক  ১৫ জুন দিল্লীৰ হিংসাত্মক ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত কাৰাবন্দী হৈ থকা অসম কন্যা দিবাংগনা কলিতাসহ অন্য দুজন অভিযুক্তই লাভ কৰিলে জামিন। দিল্লী উচ্চ ন্যায়ালয়ে মঙলাবাৰে তিনি অভিযুক্তক জামিন প্ৰদান কৰে। “কা” আন্দোলনৰ সময়ৰ গ্ৰেপ্তাৰ কৰা হৈছিল তিনিওকে। …

পঞ্চায়ত সভানেত্ৰী প্ৰশংসনীয় পদক্ষেপ : ভেকচিন লোৱা লোকক ৫ কেজি চাউল আৰু আমূল গাখীৰ বিতৰণ

দক্ষিণ শালমাৰা  ১৪ জুন সমগ্ৰ দেশৰ ভিতৰতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ক’ভিড ভেকচিন লোৱা লোকৰ হাৰ নিম্নগামী হোৱাৰ ফলত জিলা প্ৰশাসনে প্ৰতিখন গাঁও পঞ্চায়তৰ গাঁওবুঢ়া, পঞ্চায়ত প্ৰতিনিধি সকলক লৈ ৰাইজক ক’ভিড ভেকচিন ল’বলৈ আহ্বান জনাই বিভিন্ন সময়ত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা …

দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰ নদীৰ পৰা ৭ টাকৈ চোৰাং গৰুসহ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ

দক্ষিণ শালমাৰা ১৩ জুন দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত ৰাভাটাৰী চৰত দেওবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে অভিযান চলাই ৭ টাকৈ গৰু জব্দ কৰাৰ লগতে এজন গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ব্ৰহ্মপুত্ৰ নদীৰে নাওঁযোগে বাংলাদেশলৈ গৰু সৰবৰাহ কৰি থকা সময়ত আৰক্ষীয়ে …

মানকাচৰত ৪৩২ টা নিচাজাতীয় টোবলেটসহ গ্ৰেপ্তাৰ এজন ড্ৰাগছ সৰবৰাহকাৰী

মানকাচৰ ১৩ জুন দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ ২ নং পুৱেৰ গাঁৱত দেওবাৰে ৰাতিপুৱা প্ৰায় ৫ বজাত আৰক্ষী আৰু চিআৰপিএফে যৌথভাৱে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ কৰে। মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া …

ক’ভিড মহামাৰী সন্দৰ্ভত নগাঁও মহাবিদ্যালয়ৰ বিশেষ জৰীপ

কনক হাজৰিকা নগাঁও ১২ জুন নগাঁও মহাবিদ্যালয় (অট’ন’মাচ) ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা (এন.এছ.এছ) গোট আৰু আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ যৌথ উদ্যোগত ‘গ্ৰাম্য অৰ্থ-সামাজিক ক্ষেত্ৰত ক’ভিড মহামাৰীৰ প্ৰভাৱ’ শীর্ষক অধ্যয়নে বহু গুৰুত্বপূৰ্ণ তথ্য উন্মোচিত কৰিছে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীৰ পৃষ্ঠপোষকতাত …

বিশ্বনাথত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড

জোনমণি বেগম বিশ্বনাথ ১১ জুন বিশ্বনাথ জিলাৰ বাঘমাৰিৰ নুৰ হক নামৰ এজন লোকক হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে নুৰ হক নামৰ ৩৬ বছৰীয়া লোক জনক নিশা ১০.৩০ মান বজাত কোনো লোকে ফোন কৰি মাতি …