বিজেপি এৰি কংগ্ৰেছলৈ দুই শতাধিক বিজেপি কৰ্মী

আজিজ আলী নলবাৰী ২২ নৱেম্বৰ বিজেপি এৰি কংগ্ৰেছলৈ দুই শতাধিক বিজেপি কৰ্মী। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বিজেপি কৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছ দলত। যোগদান অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভুমিধৰ বৰ্মন। আগন্তন বিধানসভা নিৰ্বাচনৰ পুর্বে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ পৰা …

অগপতে জন্মিছো আৰু অগপতে মৃত্যুবৰন কৰিম : ৰমেন্দ্ৰ নাৰায়ণ কলিতা

গুৱাহাটী ২২ নৱেম্বৰ অগপতে জন্মিছো আৰু অগপতে মৃত্যুবৰন কৰিম বুলি মন্তব্য বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। বিজেপিৰ লগত মিত্ৰতা থাকক বা নাথাকক পশ্চিম গুৱাহাটীত হাতী আৰু অগপৰ পতাকা থাকিবই। শেহতীয়াভাৱে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অগপ এৰি বিজেপিত যোগদান কৰিব বুলি …

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে বিশেষ দুৱা কৰি আবেগিক বদৰুদ্দিন আজমল

হোজাই ২২ নৱেম্বৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অসুস্থ। চিকিৎসালয়ৰ বিছনাত জীৱন-মৃত্যুৰ যুঁজত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ। অতিকৈ সংকটজনক অৱস্থাত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ বিশেষ দুৱাৰ আয়োজন। দুৱাত আবেগিক হৈ পৰিল বদৰুদ্দিন আজমল। গুৱাহাটী …

বিশ্বজিৎ দৈমাৰী বিজেপিত গৈ ডাষ্টবিনত সোমাল : চন্দন ব্ৰহ্ম

চিৰাং ২২ নৱেম্বৰ চিৰাং জিলাৰ বিজনীৰ ১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টীৰ বিপিএফ আৰু অগপ দলৰ সমৰ্থিত প্ৰাৰ্থীৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিশ্বজিৎ দৈমাৰীক তীব্ৰ সমালোচনা চন্দন ব্ৰহ্মৰ। বিজেপিত যোগদান কৰি বিশ্বজিৎ দৈমাৰী ডাষ্টবিনত সোমাল বুলি মন্তব্য চন্দন ব্ৰহ্মৰ। বিশ্বজিৎ দৈমাৰীয়ে …

মাৰনাস্ত্ৰ দেখুৱাই ব্যৱসায়ীৰ পৰা লুটি নিলে ৩ লাখ ৫০ হাজাৰ টকা

আব্দুল হকৰ প্ৰতিবেদন নগৰবেৰা ২২ নৱেম্বৰ কামৰূপ জিলাৰ নগৰবেৰাত দিন দুপৰতে ডকাইতি কাণ্ড। মাৰনাস্ত্ৰ দেখুৱাই ব্যৱসায়ীৰ পৰা লুটি নিলে ৩ লাখ ৫০ হাজাৰ টকা।আনোৱাৰ হুছেইন নামৰ ব্যৱসায়ীৰ পৰা ডকাইতৰ দলে লুটি নিলে এই বৃহৎ ধন। বিগত দুনদিনত ৰাজ্যত সংঘটিত হৈছে …

বিটিচি নিৰ্বাচনত বেলট চুৰি কৰাৰ চেষ্টা কৰিলে পৰিস্থিতি ভয়াবহ হ’ব : নৱ কুমাৰ শৰণীয়া

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ২১ নৱেম্বৰ বিটিচিত সুষ্ঠুভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী গণ সুৰক্ষা পাৰ্টিৰ। বিটিচি নিৰ্বাচনত বেলট চুৰি কৰাৰ চেষ্টা কৰিলে পৰিস্থিতি ভয়াবহ হ’ব বুলি সকীয়ানি নৱ কুমাৰ শৰণীয়াৰ। ৰাইজে নিজেই মুক্ত আৰু নিকাভাৱে তথা সুষ্ঠু পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত …

বিশ্ব মীন দিৱসত দেশৰ ভিতৰতে উজলিল অসম, আজুৰি আনিলে ৪ টাকৈ পুৰস্কাৰ

গুৱাহাটী ২১ নৱেম্বৰ বিশ্ব মীন দিৱসত দেশৰ ভিতৰতে উজলিল অসম। মৎস্যখণ্ডত দেখুওৱা উল্লেখনীয় সফলতাৰ স্বীকৃতি হিচাপে নতুন দিল্লীত অনুষ্ঠিত বিশ্ব মীন দিৱসত অসমে চাৰিটাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। মৎস্যপালনত অসমে শ্ৰেষ্ঠ ৰাজ্যৰ সন্মান লাভ কৰাৰ লগতে শ্ৰেষ্ঠ জিলা, শ্ৰেষ্ঠ …

গুৱাহাটীত নিৰ্মাণ কৰা হ’ব অসম অলিম্পিক ভৱন : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী ২১ নবেম্বৰ অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা শণিবাৰে গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুনৰাম ফুকন ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে অসমৰ মুখ্যমন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোনোৱালে। সভাপতিৰ অভিভাষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোনালে কয় …

ধুবুৰীত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ৬০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ

মামুন আলী কোকৰাঝাৰ ২১ নৱেম্বৰ ধুবুৰীত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ৬০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ। চিবিআই তদন্তৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। কৃষক মুক্তি সংগ্রাম সমিতিয়ে। কৃষক মুক্তি সমগ্ৰাম সমিতিৰ ধুবুৰী জিলা সম্পাদক নাজিমুল হকে অভিযোগ উত্থাপন কৰি কয় যে ২০১৯-২০ …

গীতে-মাতে পঞ্চমুখ বিটিচিত নিৰ্বাচনী পথাৰ

বাক্সা ২১ নৱেম্বৰ গীতে-মাতে পঞ্চমুখ এতিয়া বিটিচিত নিৰ্বাচনী পথাৰ। বাক্সা জিলাৰ দেৱচৰাত অনুস্থিত হোৱা ইউপিপিএল দলৰ নিৰ্বাচনী সভাত দলৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত হোৱাৰ লগে লগে ইউপিপিএল দলৰ শতাধীক সমৰ্থকে নৃত্য-গীতেৰে আদৰনী জনায় প্ৰমোদ বড়োক৷ সমৰ্থক সকলৰ লগতে নৃত্যত অংশগ্ৰহণ …