বৰাকৰ তিনি জিলাত ভূমিস্খলন : নিহত ১৯ জনকৈ লোক

শিলচৰ, সংবাদ ৩৬৫, ২ জুন : বৰাকৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকন্দিত পৃথকে পৃথকে সংঘটিত হোৱা ভূমিস্খলনত নিহত হৈছে ১৯ জনকৈ লোক। ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰৰ মাটি খহি অহাৰ ফলত কাছাৰ জিলাত ৭ জন, কৰিমগঞ্জ জিলাত ৫ জন আৰু …

মাজবাটত দুগৰাকী কভিড -১৯ পজিটিভ

মাজবাট, সংবাদ ৩৬৫, ১ জুন : ওদালগুৰি জিলাৰ মাজবাটত দুগৰাকী বহিঃৰাজ্যৰ পৰা অহা যুৱকৰ দেহত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। মাজবাট থানাৰ অন্তৰ্গত গছেনপুৰ গাঁৱৰ নিবাসী ৰহিৰাম বসুমতাৰীৰ পুত্ৰ জন বসুমতাৰী আৰু ডিমাকুছী থানাৰ অন্তৰ্গত আঠাৰীঘাট নিবাসী মোহন গৌতমৰ পুত্ৰ …

সংবাদ ৩৬৫ বাতৰিৰ প্ৰভাৱ : ৰুবী সোণোৱালৰ সহায়ৰ বাবে ওলাই আহিল কেইবাজনো ব্যক্তি

চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ১ জুন : যোৱা ২৯ মে’ তাৰিখে সংবাদ ৩৬৫ ৱেব প’ৰ্টেলত প্ৰকাশিত “ৰুবী সোণোৱালৰ জীৱনৰ কৰুণ গাঁথা” – শীৰ্ষক বাতৰিৰ পিছতে চৰাইদেউ জিলাৰ কেইবাজনো শুভাকাংক্ষী ব্যক্তি আগবাঢ়ি আহিছে ৰুবী সোণোৱালৰ পৰিয়ালটোক আৰ্থিক সাহাৰ্য প্ৰদান …

খণ্ড উন্নয়ন বিষয়াক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ দক্ষিণ শালমাৰা-মানকাচৰ কংগ্ৰেছ কৰ্মীৰ

হাটশিঙিমাৰী, সংবাদ ৩৬৫, ১ জুন : লক ডাউনৰ ফলত খাদ্য সংকটত ভোগা দৰিদ্ৰ পৰিয়ালৰ লোক সকলক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে যদিও এই আঁচনি সমূহৰ পৰা বহু লোক বঞ্চিত হৈ থকাৰ কথা বিভিন্ন সময়ত পোহৰলৈ আহিছে। সোমবাৰে …

দেৱশীষ গগৈৰ হত্যাৰ উচিত তদন্ত বিচাৰি দেবেৰাপাৰ আৰক্ষী চকীত কেইবাশতাধিক ৰাইজৰ ভিৰ

মৰিয়নীৰ পৰা বিৰেন তাঁতী, সংবাদ ৩৬৫, ৩১ মে’ : সামান্য এটা দুর্ঘটনাক কেন্দ্ৰ কৰি যোৰহাট জিলাৰ মৰিয়নীত দেৱশীষ গগৈ নামৰ এজন যুৱকক উদণ্ড কিছুমান লোকে হত্যা কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। দেওবাৰে মৰিয়নীৰ দেবেৰাপাৰ আৰক্ষী চকীত কেইবাশতাধিক …

পুনৰ গণপ্ৰহাৰৰ বলি হ’ল এজন যুৱক

যোৰহাট, সংবাদ ৩৬৫, ৩১ মে’ : সধাৰণ কথা এটাক কেন্দ্ৰ কৰি এজন লোকৰ ওপৰত জপিয়াই পৰে কেইবাজনো লোক। সৰু এটা কথাতে হওক বা অন্ধবিশ্বাসৰ বাবেই হওক বা অন্য কোনো কাৰণতে হওক, গণপ্ৰহাৰৰ ঘটনা যোৱা কিছু বছৰ ধৰি ব্যাপক হাৰত বৃদ্ধি …

বঙাইগাঁও জিলাত আই, মানাহ আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি

বঙাইগাঁও, সংবাদ ৩৬৫, ৩০ মে’ :  বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত বৃদ্ধি পাইছে আই, মানাহ আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ।জিলাখনৰ অভয়াপুৰীৰ বিস্তৃৰ্ণ অঞ্চলৰ লগতে কৃষিভূমি প্লাৱিত হোৱাত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে শতাধিক কৃষিজীৱি লোক। যোৱা কিছুদিন ধৰি ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি …

চৰাইদেউৰ এগৰাকী যুৱতীৰ কৰুণ কাহিনী

চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ২৯ মে’ : আৰ্থিক অনাতনৰ বাবে অসহায় হৈ পৰিছে এগৰাকী যুৱতী। আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ যুৱতী গৰাকীয়ে চিকিৎসাৰ বাবে সহায় বিচাৰি চৰকাৰলৈ জনাইছে আহ্বান। সোণাৰি মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা যুৱতী …

লক ডাউনৰ মাজতে মহানগৰীত চলিছে ড্ৰাগছৰ হোম ডেলিভাৰী

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ মে’ : লক ডাউনৰ মাজতে মহানগৰীত চলিছে ড্ৰাগছৰ হোম ডেলিভাৰী। যদু দাসে জালুকবাৰীৰ পৰা চলিছে ড্ৰাগছৰ হোম ডেলিভাৰী। শুকুৰবাৰে ড্ৰাগছৰ হোম ডেলিভাৰী কৰিবলৈ আহোতে আৰক্ষীৰ হাতত ধৰা পৰিল যদু দাস, আৰক্ষীয়ে উদ্ধাৰ কৰিলে ৩০০ মিলিগ্ৰাম ড্ৰাগছ, …

দুদিনত ১০১ জন কৰ’ণা আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে ভৰ্তি সোণাপুৰ জিলা চিকিৎসালয়ত

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ মে’ : ৰাজধানী চহৰ গুৱাহাটীৰ সমীপৰ সোণাপুৰ জিলা চিকিৎসালয়ত বিগত দুদিনত ১০১ জন কৰ’ণা আক্ৰান্ত ৰোগীক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে। সোণাপুৰ জিলা চিকিৎসালয়ত পূৰ্বে তিনিজন ৰোগীক ভৰ্তি কৰোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত তিনিজন ৰোগী সুস্থ …