এইবেলি স্বাধীনতা দিৱস পালন নহয় নগাওঁ আৰু কাছাৰ কাগজ কলত

জাগীৰোড, সংবাদ ৩৬৫, ৫ আগষ্টঃ বিগত দুটা বছৰে কেবল আশ্বাস প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰে৷ পৰিৱৰ্তনকামী কেন্দ্ৰীয় আৰু ৰাজ্য বিজেপি চৰকাৰখনে  বাৰেপ্ৰতি নগাওঁ-কাছাৰ কাগজ কলক প্ৰতাৰনা কৰি আহিছে৷ তাৰেই প্ৰতিবাদত এইবেলি স্বাধীনতা দিৱস বৰ্জন কৰাৰ সিদ্ধান্ত …

এজাক বৰষুণ হ’লেই জলমগ্ন হয় শ্ৰীৰামপুৰ ক’লনীঃছাত্ৰ-ছাত্ৰী,ৰাইজৰ দুৰ্ভোগ

শ্ৰীৰামপুৰ, সংবাদ ৩৬৫, ৪ আগষ্টঃ এজাক বৰষুণতেই বুৰ যায় কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমা তথা বিটিচিৰ তিনি নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত শ্ৰীৰামপুৰ ৰিফিউজী ক’লনী৷ এই ক’লনীটোৰ পুতৌলগা যাতায়াত ব্যৱস্হাই ৰাইজক জমৰ যাতনা ভোগাইছে৷ এজাক বৰষুণতেই শ্ৰীৰামপুৰ ক’লনীৰ পথসমূহ জলাশয়ত পৰিণত হৈ …

দিখৌৰ এৰা সুতিত মাছ  মাৰিবলৈ  গৈ  মৃত্যু  এজনৰ

শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ৪ আগষ্টঃ পুনৰ এক হৃদয় বিদাৰক ঘটনাই জোকাৰি গল শিমলুগুৰিৰ বালি গাঁও৷ শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ বালি গাঁৱত শনিবাৰে পুৱা প্ৰায় ১০ মান বজাত  দিখৌ নৈৰ এৰা সুতিত মাছ মাৰিবলৈ গৈ এজন লোকৰ সলিল সমাধি …

চিলং,চেৰাপুঞ্জিৰ কথা আৰু আপুনি বাদ দিয়কঃ পলাশবাৰী সমষ্টিলৈ হাতবাউলি মাতিব আপোনাক

পলাশবাৰী,সংবাদ ৩৬৫, ৪ আগষ্টঃ  প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ এতিয়া আৰু আপুনি চিলং,চেৰাপুঞ্জিলৈ যোৱাৰ পৰিৱৰ্তে অসম-মেঘালয় সীমান্তৰ পলাশবাৰী সমষ্টিৰ বাৰেগাওৰ এট জলপ্ৰপাতে হাতবাউলি মাতিব আপোনাক৷  প্ৰকৃতিৰ এক অপৰুপ দৃশ্য৷ পথৰ দুয়োকাষে চাহ বাগিচা আৰু মূল্যৱান শাল গছৰ বিৰল দৃশ্য৷ গুৱাহাটীৰ মহানগৰীৰ পৰা …

কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিধায়কৰ সুমতি বিছাৰি নেদেখাজনৰ ওচৰত দোৱা মাগিলে নামৰূপৰ আছুৰ দলে

নামৰূপ, সংবাদ ৩৬৫, ৪ আগষ্টঃ নামঘৰৰ পিছতব এইবাৰ নামৰূপ মছজিদত আছুৰ দলে ভাগ ললে সমূহীয়া দোৱাত৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শুমতি বিচাৰি শুক্ৰবাৰে নামৰূপ মছজিদত দোৱা মাগিলে নামৰূপ আছুৱে৷ পাঞ্জাৱী টুপি পৰিধান কৰি ডিঙিত গামোচা লৈ নামৰূপ জামে মছজিদত নেদেখাজনৰ …

ফ’ৰ্থ  ইণ্টাৰনেচনেল  অপেন  চেম্পিয়নশ্চিপত  লক্ষীমপুৰৰ  সাফল্য

লক্ষীমপুৰ,সংবাদ ৩৬৫, ৪ আগষ্টঃ -কলকাতাৰ নেতাজী ইন্দৰ ষ্টেডিয়ামত ২৮-২৯ জুলাইত অনুষ্ঠিত হোৱা ফ’ৰ্থ ইণ্টাৰনেচনেল অপেন চেম্পিয়নশ্চিপত ভাৰতবৰ্ষৰ হৈ অসমৰ লক্ষীমপুৰ জিলাৰ পৰা যোৱা ৯ জন প্ৰতিযোগিৰ মাজৰ পৰা ৩ জনে বাংলাদেশ, নেপাল, মালয়েচিয়া, শ্ৰীলংকা আৰু ইৰানকে ধৰি ৫ খন ৰাষ্ট্ৰৰ …

নুমলীগড়ত আছাম টকচে উদ্ধাৰ কৰিলে জল বন্দী এটা দুৰ্ভগীয়া পৰিয়াল

নুমলীগড়, সংবাদ ৩৬৫, ৪ আগষ্টঃ পৃথিৱীত এনেকুৱা কোনো শক্তি নাই যে যিয়ে নিজৰ কন্যা সন্তানতকৈও আনৰ স্নেহৰ প্ৰতি বেছি দৰদ৷ এজনী কন্যা সন্তানৰ প্ৰথম প্ৰেমেই হৈছে পিতৃ৷ পিতৃ স্নেহেই হৈছে কন্যা স্নেহৰ মৰমৰ এনাজৰী৷ তেনে এক পিতৃ স্নেহৰ দুৰ্ভগীয়া পৰিয়ালক …

পৰিৱৰ্তনে ঢুকি নোপোৱা এটা বৃহত্তৰ অঞ্চলৰ ঘাইপথ

চিৰাঙ, সংবাদ ৩৬৫, ৪ আগষ্টঃ কংগ্ৰেছ শাসনৰ পোন্ধৰ বছৰীয়া বিকাশ আৰু সোণোৱাল চৰকাৰৰ পৰিৱৰ্তনে আজিকোপতি ঢুকি নাপালে বৃহত্তৰ অঞ্চলটোৱে৷ নিৰ্বাচনৰ পূৰ্বে জনপ্ৰতিনিধি সকলে দিয়া  প্ৰতিশ্ৰুতিয়ো ফুটুকাৰ ফেন হৈয়ে থাকিল৷ বৃহত্তৰ অঞ্চলটো হৈছে চিৰাং জিলাৰ ভাৰত-ভূটান সংযোগি ১২৭ চি নং ৰাষ্ট্ৰীয় …

২০১৭ চনৰ ১৫ ফেব্ৰুৱাৰীত সমগ্ৰ ৰাজ্য কপোৱা গোৱালপাৰাত বিদেশী ন্যায়ধীশ আদালতৰ সদস্যক আক্ৰমণৰ ঘটনাৰ বিচাৰৰ ৰায়দানঃ সাতজন অভিযুক্ত অধিবক্তাক দুবছৰ কাৰাদণ্ডসহ জৰিমনা

গোৱালপাৰা, সংবাদ ৩৬৫, ৩ আগষ্টঃ ৰাজ্য কপাই যোৱা ২০১৭চনৰ ১৫ ফেব্ৰুৱাৰীত গোৱালপাৰাৰ কছাৰী ঘাটৰ চাৰি নং বিদেশী ন্যায়ধীকৰণৰ সদস্য অজয় ফুকনক একাংশ অধিবক্তাই শাৰিৰীকভাৱে আক্ৰমণ কৰা ঘটনাৰ বিচাৰ প্ৰক্ৰিয়াত বৃহস্পতিবাৰে গোৱালপাৰা জিলা মূখ্য ন্যায়িক আদালতে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আঠজনকৈ …

দৰঙৰ  ধুলাত উদ্ধাৰ মানুহৰ অংগঃ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

দৰঙ, সংবাদ ৩৬৫, ৩ আগষ্টঃ দৰং জিলাৰ ধুলাৰ টাংনী চাৰিআলীত ৰহস্যৰ সৃষ্টি কৰিছে উদ্ধাৰ হোৱা মানুহৰ কটা হাত এখনে৷ এই ৰহস্যৰ সৃষ্টি হৈছে দৰঙৰ ধুলাৰ টাংনী চাৰিআলিত থকা হিন্দুস্থান পেট্ৰলিয়াম তেল ডিপুৰ সন্মুখত৷ প্ৰাপ্ত বাতৰি মতে বৃহস্পতিবাৰে নিশা প্ৰায় ১:৩০ …