ৰঙিয়াত নৱম শ্ৰেণীৰ ছাত্ৰীক বিয়া কৰাবলৈ আহি আটক মানৱদেহ সৰবৰাহকাৰী

ৰঙিয়া, সংবাদ ৩৬৫, ১৮ মেঃ ৰঙিয়াৰ সমীপৰ জয়ন্তীপুৰ নিবাসী সতীশ বৈশ্যৰ কনিষ্ঠ কন্যা তথা নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক বিয়া কৰাবলৈ আহি ৰঙিয়া আৰক্ষীৰ হাতত আটক হ’ব লগীয়া হ’ল এজন লোক। ঘটনাৰ বিবৰনী মতে জয়ন্তীপুৰৰ তপন কলিতা, খৰ্গে কলিতা আৰু লক্ষী কলিতাই …

বিহুৰ সংজ্ঞা চাই ক্ষোভত জ্বলিছে বিভিন্ন জাতীয় সংগঠন

ধুবুৰী, সংবাদ ৩৬৫, ১৮ মেঃ বিহু অসমৰ জাতীয় উৎসৱ। পিছে বিহু কাক বোলে জানেনে? প্ৰতি মাহৰ শেষৰ দিনটোক বিহু বোলে। আচৰিত যেন লাগিলেও ধুবুৰীৰ পৰা প্ৰকাশিত সহজ ব্যাকৰণ আৰু ৰচনা নামৰ কিতাপ খনত এয়াই দাঙি ধৰা হৈছে। অসমীয়া সমাজ সংস্কৃতিক …

বঙাইগাঁৱৰ ৰে’লৱে এল পি স্কুলত শিক্ষয়ত্ৰীৰ প্ৰহাৰত আহত ছাত্ৰী

বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১৮ মেঃ বঙাইগাঁও জিলাৰ অল্ড কলনীস্থিত ৰে’লৱে প্ৰাথমিক বিদ্যালয়ত শিক্ষয়ত্ৰীৰ প্ৰহাৰত দ্বিতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰী আহত হবলগীয়া হয় ৷ বনশ্ৰী সাহা নামৰ শিক্ষয়ত্ৰী গৰাকীয়ে শ্ৰেণীত এটেনডেন্স নিদিয়াৰ বাবে বৃহস্পতিবাৰে কণমাণি ছাত্ৰী গৰাকীক লাঠিৰে প্ৰহাৰ …

দীঘলীপুখুৰীত কংগ্ৰেছৰ প্ৰতিবাদ

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ মেঃ মহানগৰী গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ। দীঘলীপুখুৰীৰ পাৰত কৰ্ণাটকত বিজেপিৰ চৰকাৰ গঠনৰ প্ৰতিবাদত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট। প্ৰতিবাদত কংগ্ৰেছ দলৰ শীৰ্ষ নেতা, প্ৰাক্তন মন্ত্ৰী আৰু কেইবাশ কৰ্মীয়ে অংশগ্ৰহণ কৰে। কৰ্ণাটকত বিজেপিক সৰ্ববৃহৎ দল হিচাপে …

দুই কন্যাৰ লগত পিতৃৰ অনশন

নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ১৭ মেঃ নলবাৰী জিলাত এগৰাকী পিতৃয়ে নিজৰ দুই কন্যাক লগত লৈ অনশনত বহিব লগীয়া হয়। অসমীয়া জাতিৰ অস্থিত ৰক্ষাৰ উদ্দেশ্যে নিজৰ দুই কন্যাৰ লগত পিতৃয়ে বৃহস্পতিবাৰে অনশন বহে। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যত উত্তাল …

কাবুললৈ উভতি গ’ল কামৰূপৰ কাবুলিৱালা

মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ১৭ মেঃ কামৰূপ জিলাৰ এজন কাবুলিৱালা বৃহস্পতিবাৰে উভতি গ’ল কাবুললৈ। অসমৰ মিঠা তিতা স্মৃতি বুকুতলৈ, আত্মীয়ৰ ভালপোৱা আৰু পত্নীৰ প্ৰেম এৰি সেমেকা দুচকুলৈ কাবুললৈ উভতি গ’ল কামৰূপৰ কাবুলিৱালা। ১৯৮০ খনত আফগানিস্তানৰ গৃহযুদ্ধৰ সময়ত প্ৰাণৰক্ষাৰ বাবে অসমলৈ …

মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ মাৰ্ঘেৰিটা ভ্ৰমণ

ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ১৭ মেঃ মূখ্যমন্ত্ৰী ৰূপে পোন প্ৰথমবাৰ বাবে সৰ্বানন্দ সোনোৱালে বৃহস্পতিবাৰে মাৰ্ঘেৰিটাত উপস্থিত হয়। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত মাৰ্ঘেৰিটা টাউন হাইস্কুল খেল পথাৰত মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ উদ্যোগত যোৱা পোন্ধৰ মে’ৰ পৰা তিনিদিনীয়া কৈ অনুষ্ঠিত …

ডিমাকুচিত বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ

ওদালগুৰি, সংবাদ ৩৬৫, ১৭ মেঃ ওদালগুৰি জিলাৰ ১নং উত্তৰ ডিমাকুছি গাঁৱত পানী যোগান আঁচনিৰ কোনো সুব্যৱস্থা নথকাৰ বাবে এটুপাল বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজ। বিশুদ্ধ খোৱা পানীৰ বাবে গাঁওখনত থকা ১ নং উত্তৰ ডিমাকুছি পূৰ্ণাপানী প্ৰাথমিক বিদ্যালয় …

ধুবৰী জিলাৰ ৯০ শতাংশ ফাৰ্মাচী অবৈধ

ধুবুৰী, সংবাদ ৩৬৫, ১৬ মেঃ ধুবুৰী জিলাৰ ৯০ শতাংশ ফাৰ্মাচী অবৈধ বুলি বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে ধুবুৰী জিলা পঞ্জিনভূক্ত ফাৰ্মাচিষ্ট সন্থাই। জিলাখনত অবৈধ ফাৰ্মাচীৰ বজাৰ চলাৰ লগতে কাঠফুলাৰ দৰে গঢ়ি উঠিছে কেইবাশ অবৈধ ফাৰ্মাচী। বুধবাৰে এক সংবাদমেলত ধুবুৰী জিলাৰ পঞ্জিনভূক্ত …

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নলবাৰীত কংগ্ৰেছৰ বিশাল সমদল

নলবাৰী, সংবাদ ৩৬৫, ১৬ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বুধবাৰে নলবাৰীত কংগ্ৰেছ দলে বিশাল প্ৰতিবাদী সমদল উলিয়াই। প্ৰতিবাদী সমদশলত অংশগ্ৰহণ কৰি অসম প্ৰদেশৰ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই কয় যে খিলঞ্জীয়াৰ অস্তিত্ব কেৱল কংগ্ৰেছ দলে ৰক্ষা কৰিছে। নলবাৰী জিলাৰ ৰাজীৱ …