অসমৰ মুখ্যমন্ত্রী শ্ৰীসর্বানন্দ সোণোৱালে উদ্বোধন কৰিলে অসমৰ পচৰীয়াত প্ৰকল্প

পচৰীয়া, ১৪ নৱেম্বৰ: ভাৰতৰ আগশাৰীৰ এফএমচিজি ইমামী লিমিটেডৰ তৃতীয়টাে উৎপাদন গােট অসমৰ পচৰীয়াত আনুষ্ঠানিকভাৱে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণোৱালে উদ্বোধন কৰে। অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত, পৰিকল্পনা আৰু উন্নয়ন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু শিক্ষা দপ্তৰৰ মন্ত্রী শ্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু …

গুৱাহাটীত ফুটবল একাডেমী স্থাপনৰ ইচ্ছা প্রকাশ কৰিলে জন আব্রাহামে, ক্রীড়াৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে সহযোগিতা আগবঢ়াব: মুখ্যমন্ত্রী

গুৱাহাটী, ১৪ নৱেম্বৰ: ৰাজ্যখনৰ ফুটবল প্রতিভাসমূহ বিকশাই তোলাৰ বাবে এখন ফুটবল একাডেমী স্থাপন কৰাৰ বাবে ইচ্ছা প্রকাশ কৰিছে বিশিষ্ট অভিনেতা তথা আই এছ এলৰ নৰ্থ-ইষ্ট এফ চিৰ স্বত্ত্বাধিকাৰী জন আব্রাহামে। আজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক সাক্ষাৎ কৰাৰ সময়ত তেওঁ এই …

শিশুসকলৰ মানসিক, শাৰীৰিক, বৌদ্ধিক বিকাশৰ বাবে দায়বদ্ধতাৰে কাম কৰিব লাগিব: মুখ্যমন্ত্রী

গুৱাহাটী, ১৪ নৱেম্বৰঃ “দেশৰ ভৱিষ্যত শিশু সকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে সকলোৱে দায়বদ্ধতাৰে কাম কৰিব লাগিব। শিশুসকলক উপযুক্ত শিক্ষা প্রদান, খেলাৰ প্ৰতি ধাউতি বৃদ্ধি, স্বাস্থ্যৰ প্ৰতি সজাগ-সচেতন কৰাৰ বাবে পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়ন্ত্ৰীসকলে বিশেষ দায়িত্ব ল’ব লাগিব।” আজি অসম শিশু …

দুৰ্নীতিৰ চৰমসীমাই অতিক্ৰম কৰিছে বৰপেটা জিলাৰ পঞ্চায়তসমূহত, পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ

কলগাছিয়া, ১৪ নৱেম্বৰ: কলগাছিয়াৰ তিতাপানী গাঁও পঞ্চায়তৰ সভানেত্ৰী ছুফিয়া খাতুনে কেইবাটাও মছজিদ আৰু এটা কৱৰস্থানত ১৪তম ফাইনেন্স কমিছন আঁচনিৰ পৰা ৰূপায়ন কৰিছিল কিছু কামৰ তালিকা। ২০১৫-১৬ বিত্তীয় বৰ্ষত বগুলামাৰি মছজিদত ১ লাখ, দক্ষিণ ক্ষুদ্ৰকুছি মছজিদত ১ লাখ, ক্ষুদ্ৰকুছি জামে মছজিদত ১.৫ লাখ …

অসম কৃষি বিশ্ববিদ্যালয়ত নৱনিযুক্ত ৰাজ্যপালক সম্বৰ্দ্ধনা

যোৰহাট, ১৪ নৱেম্বৰ: যোৰহাট আৰু মাজুলী ভ্ৰমণলৈ তিনিদিনিয়া কাৰ্যসূচীৰে অহা অসমৰ নৱ নিযুক্ত ৰাজ্যপাল জগদীশ মূখীক আজি সম্বৰ্ধনা জনোৱা হয় অসম কৃষি বিশ্ববিদ্যালয়ত৷ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্যপালজনৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য  ড০ কমল মল্ল বুজৰ বৰুৱা, যোৰহাটৰ জিলা উপায়ুক্ত …

কামপুৰত নাৰিকল গছৰ পৰা পৰি এজন লোকৰ মৃত্যু

কামপুৰ, ১৩ নৱেম্বৰ: নাৰিকল গছত উঠাটোৱে কাল হ’ল এজন লোকৰ৷ কামপুৰত এজন লোক নাৰিকল গছৰ পৰা পৰি কৰুণ মৃত্যুক সাৱটি লোৱাৰ কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যকৰ সৃষ্টি হৈছে৷ নিহত লোকজনক বৰ্তমান চিনাক্ত কৰিব পৰা নাই। প্ৰাপ্ত তথ্য মতে, কামপুৰৰ মাজগাঁৱৰ পিংকু লস্কৰ …

মৰিয়নিত অসম প্ৰদেশ কংগ্ৰেছৰ বিশাল পদযাত্ৰা, নগাৰ বেদখল দেখি স্তম্ভিত

মৰিয়নি, ১৩ নৱেম্বৰ: মৰিয়নিত আজি নগা ফ্ৰেমৱৰ্ক চুক্তিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ নেতৃত্বত এক বিশাল পদযাত্ৰা হয়। ৰিপুন বৰা, গৌৰৱ গগৈ, ৰূপজ্যোতি কুর্মী সহিতে  কেইবাজনো কংগ্ৰেছী  নেতা পালিনেতাই অসম নাগালেণ্ড সীমান্তৰ অঞ্চলসমূহ পৰিভ্ৰমণ কৰে৷ জানিব পৰা মতে, পৰিভ্ৰমনৰ কালছোৱাত …

সৃজনশীল কামেৰে নিজৰ উদ্ভাৱনি শক্তিৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ৰঙিয়াৰ এজন বিষ্ময় বালকে

ৰঙিয়া, ১৩ নৱেম্বৰ:  এজন বিষ্ময় বালকৰ অপূৰ্ব সৃষ্টি৷ পেলনীয়া সামগ্ৰীৰে এটিএম সাজি উলিয়াইছে সপ্তম শ্ৰেণীৰ বাদলে নামৰ প্ৰতিভাৱান এজন ছাত্ৰই৷  ১০০ টকীয়াৰ পৰা ২০০০ টকীয়া লৈকে উলিয়াব পাৰি এই এটিএমটোৰ পৰা৷ মাত্র বুটাম টিপিলেই হ’ল৷ লগত আছে এটিএম কাৰ্ডো৷ পেলনীয়া …

গৰৈমাৰীৰ চাম্পুপাৰাত উত্তপ্ত পৰিস্থিতি, কংগ্ৰেছ-অগপ কৰ্মীৰ মাজৰ প্ৰচণ্ড মাৰপিট

সোণতলী, ১৩ নৱেম্বৰঃ দক্ষিণ কামৰূপৰ গৰৈমাৰী ৰাজহ চক্ৰৰ অধীনস্থ চাম্পুপাৰা বজাৰ সমিতিক লৈ চলি থকা অগপ আৰু কংগ্ৰেছ দলৰ দীৰ্ঘদিনীয়া শীতল যুদ্ধৰ সংঘাত নিশা চূড়ান্ত ৰূপ লয়৷ নৱগঠিত বজাৰ সমিতিৰ এখন আলোচনা চক্ৰ অনুষ্ঠানত এদল কংগ্ৰেছ কৰ্মীয়ে উদ্ভণ্ডালী কৰি উত্তপ্ত …

প্ৰাক্তন মন্ত্ৰী নীলমনি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকাৰ আত্মসমৰ্পণ

গুৱাহাটী, ১৩ নৱেম্বেৰঃ অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ জালিয়াতিৰে চাকৰি লোৱা প্ৰাক্তন মন্ত্ৰী নীলমনি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকাই আজি পুৱা অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে। জালিয়াতিৰে চাকৰি লোৱা ৰাজৰ্ষি সেন ডেকা আৰক্ষীৰ ভয়ত যোৱা …