ৰঙিয়াত এবিএমছুৰ ৰেলপথ অৱৰোধ

ৰঙিয়া, ২৬ অক্টোবৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত ৰঙিয়াৰ খন্দিকৰত এবিএমছুৰ তামুলপুৰ জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে লাফিকুলক হত্যাৰ মূল অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত ৰেলপথ অৱৰোধ কৰে৷ এবিএমছুৰ হেজাৰ হেজাৰ প্ৰতিবাদকাৰীয়ে ৰেলপথৰ ওপৰত বহি …

গোৱালপাৰাৰ ৰংজুলিত বনৰীয়া হাতীৰ তাণ্ডৱ

গোৱালপাৰা, ২৬ অক্টোবৰঃ গোৱালপাৰাৰ ৰংজুলি বনাঞ্চলৰ অন্তৰ্গত খেৰোপাৰা গাঁৱত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। নিশা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে অঞ্চলটোৰ ব্যাপক ক্ষতি সাধন কৰে৷ প্ৰাপ্ত তথ্য মতে, নিশা প্ৰায় ১০ বজাত বনৰীয়া হাতীৰ জাকটোৱে পথাৰৰ ধান খাই …

ৰঙিয়াত অগ্নিকাণ্ডঃ পঞ্চাশ লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত

ৰঙিয়া, ২৬ অক্টোবৰঃ ৰঙিয়াত পুৱতি নিশা সংঘটিত বিধ্বংসী অগ্নিকাণ্ড ১৬খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে পঞ্চাশ লক্ষাধিক টকাৰ সম্পত্তি জ্বলি ভষ্মীভূত হয়। প্ৰাপ্ত তথ্য মতে, ৰঙিয়া ষ্টেচনৰোডত শ্বৰ্ট চাৰ্কিটৰ পুৱতি নিশা অগ্নিকাণ্ডটো সংঘটিত হয়৷ ঘটনাস্থলীত ৰঙিয়া আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ …

উত্তৰপূৰ্বাঞ্চলৰ বাবে নতুন ঔদ্যোগিক নীতি ঘোষণাৰ ক্ষেত্ৰত সক্রিয় ভূমিকা গ্ৰহণৰ বাবে কেন্দ্রীয় বিত্তমন্ত্রীক আহ্বান

গুৱাহাটী, ২৫ অক্টোবৰঃ গুৱাহাটীত ২০১৮ বৰ্ষৰ ৩ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া বিশ্ব বিনিয়োজন সন্মিলনৰ আগে আগে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে নতুন ঔদ্যোগিক নীতি ঘোষণা কৰাৰ ক্ষেত্ৰত কেন্দ্রীয় বিত্তমন্ত্রী অৰুণ জেটলীক সক্রিয় ভূমিকা গ্ৰহণৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে …

নলবাৰীত ৰাস মহোৎসৱৰ প্ৰস্তুতি

নলবাৰী, ২৫ অক্টোবৰঃ নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰত ৩ নৱেম্বৰৰ পৰা ১৩ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’বলগীয়া ৮৪ সংখ্যাক ৰাস মহোৎসৱৰ উপলক্ষে ব্যাপক প্ৰস্তুতি চলিছে৷ জানিব পৰা মতে, এইবাৰ ৰাস মহোৎসৱত নাগাৰা নাম প্ৰতিযোগিতাৰ লগতে প্ৰথম বাৰৰ বাবে ঢুলীয়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে৷ ৰাস …

ৰাজধানী এক্সপ্ৰেছ বৃহৎ পৰিমাণৰ অবৈধ সোণ উদ্ধাৰ

ৰঙিয়াত দুই কিশোৰী উদ্ধাৰ গুৱাহাটী/ৰঙিয়া, ২৫ অক্টোবৰঃ গুৱাহাটী ৰেলৱে আৰক্ষীয়ে ডিব্ৰুগড় নতুন দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সোণ উদ্ধাৰ কৰাৰ লগতে দুজন লোকক আটক কৰে৷ প্ৰাপ্ত তথ্য মতে, ৰেলৱে আৰক্ষীয়ে পুৱা ৭.১৫ত ডিব্ৰুগড় নতুন দিল্লী অভিমুখী ৰাজধানী …

ৰঙিয়াত দুৰ্ধৰ্ষ ডকাইত চফিকুলক আটক

ৰঙিয়া, ২৫ অক্টোবৰঃ ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই দুৰ্ধৰ্ষ ডকাইত চফিকুল হক ওৰফে ক’লাক আটক কৰে৷ প্ৰাপ্ত তথ্য মতে, ৰঙিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ৰঙিয়াৰ জয়ন্তীপুৰস্থিত নিজ গৃহৰ পৰা ডকাইতজনক আটক কৰে। উল্লেখ্য যে, ডকাইত চফিকুলে ৩০ মে’ত …

দক্ষিণ কামৰূপৰ টপাৰ পথাৰ ছিনিয়ৰ মাদ্ৰাছাৰ সাধাৰণ সম্পাদকলৈ আইএছআইএছৰ ভাবুকি

সোণতলী, ২৫ অক্টোবৰঃ দক্ষিণ কামৰূপৰ টপাৰপথাৰৰ এজন ছাত্ৰলৈ আহিছে আইএছআইএছৰ ভাবুকি৷ ছাত্ৰজনক আইএছআইএছত যোগদানৰ কাৰণে হেঁচা প্ৰয়োগ কৰা হৈছে৷ অন্যথা একে৪৭ৰে গুলিয়াই হত্যা কৰা হ’ব ছাত্ৰজনক৷ দক্ষিণ কামৰূপৰ ছয়গাওঁ আৰক্ষী থানাৰ অন্তৰ্গত জোৰশিমুলী আৰক্ষী চকীৰ অধীনস্থ টপাৰ পথাৰ ছিনিয়ৰ মাদ্ৰাছাৰ চৌহদৰ …

তথ্যচিত্ৰৰ নামত জাতিংগাত পৰিভ্ৰমী চৰাই নিধন

জাতিংগা, ২৫ অক্টোবৰঃ ডিমা হাছাও জিলাৰ জাতিংগাত অনুমতি বিহীন তথ্যচিত্ৰৰ নামত পৰিভ্ৰমী চৰাই নিধনত নামিছে স্থানীয় ব্যৱসায়ী আৰু বিদেশী পৰ্যটক। জাতিংগাত চাহ বাগানৰ স্বত্বাধিকাৰীৰ পুত্ৰ আনন্দ চেটাৰ্জী আৰু এজন ব্ৰাজিলৰ পৰ্যটকে স্থানীয় গাওঁবাসীক ধনৰ লোভ দি জাতিংগাত চলাইছে পৰিভ্ৰমী চৰাইৰ …

ৰঙিয়াত ধুমুহাঃ কথমপি প্ৰাণৰক্ষা তুলসীবাৰী বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীৰ

ৰঙিয়া, ২৪ অক্টোবৰঃ ৰঙিয়াৰ তুলসীবাৰীত অহা ধুমুহাত অঞ্চলটোৰ বিস্তৰ ক্ষতি সাধন হয়। বিধ্বংসী ধুমুহাত কথমপি প্ৰাণৰক্ষা পৰে এখন বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ। ধুমুহাত তুলসীবাৰী বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ কাষত থকা এডাল প্ৰকাণ্ড আহত গছ ভাগি বিদ্যালয়ৰ ওপৰত পৰে। গছজোপা ভাগি পৰাত …