সমন্বয় প্রগাঢ় কৰিব পৰা সাহিত্য সৃষ্টিৰ বাবে আহ্বান মুখ্যমন্ত্ৰীৰ
গুৱাহাটী, ১৭ নৱেম্বৰ: বৰাক-ব্ৰহ্মপুত্ৰ আৰু পাহাৰ-ভৈয়ামৰ ঐক্য সম্প্রীতিত কোনো অপশক্তিয়ে যাতে আঘাত সানিব নোৱাৰে তাৰবাবে আমাক সমন্বয়ৰ ভাৱধাৰা সুদৃঢ় কৰিব পৰা শক্তিশালী সাহিত্যৰ প্রয়ােজন। একে ৰীতি-নীতি, কৃষ্টি-সংস্কৃতিৰ অধিকাৰী হৈয়ে আমি একাকাৰ হ’ব পৰা নাই। আমাৰ চিন্তাত ক’ৰবাত হয়তো কেৰোণ আছে। …