আজি মহাষ্টমীঃ অভয়াপুৰী গান্ধীময়দান পূজাস্থলীত উদুলি মুদুলি পৰিবেশ
অভয়াপুৰী, ২৮ ছেপ্টেম্বৰঃ সমগ্র দেশৰ লগতে বঙাইগাঁৱতো উলহ মালহেৰে উদযাপিত হৈছে দেৱী দুৰ্গাৰ আৰাধনা। অভয়াপুৰী গান্ধীময়দান সাৰ্বজনীন দুৰ্গা পূজাস্থলীত ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰাৰে পৰা ধুমধামেৰে আৰম্ভ হৈছে পূজা অৰ্চনা। শংখ, ঢোল, ঘন্টাৰ ঐক্যতান, আয়তী উৰুলি আৰু দুৰ্গতিনাশিনী মাতৃস্বৰূপিনী, দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈছে পূজাস্থলী। আজি মহাষ্টমীৰ …