মেঘালী তালুকদাৰ মালো ভূঞাৰ কাব্যগ্ৰন্থ ” সন্ধানী মন”ৰ শুভ উন্মোচন

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ জুন : নৱ প্ৰজন্মৰ কবি মেঘালী তালুকদাৰৰ প্ৰথমখন কাব্যগ্ৰন্থ “সন্ধানী মন”ৰ গুৱাহাটী প্ৰেছ ক্লাৱত শুভ উন্মোচন কৰা হয় । প্ৰণৱজ্যোতি নদীয়ালে আঁত ধৰা অনুষ্ঠানটিত কাব্যগ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি, প্ৰবন্ধকাৰ কাবেৰী কছাৰী ৰাজকোঁৱৰে । অসমৰ অন্যতম …

দক্ষিণ কামৰূপৰ বঙৰাত মুকলি হ’ল নতুন ডিলাৰ

পলাশবাৰী, সংবাদ ৩৬৫ , ১৮ জুন : দক্ষিণ কামৰূপৰ বঙৰাত মুকলি হ’ল এটি নতুন ডিলাৰ । চৰকাৰৰ মেক ইন ইণ্ডিয়াৰ অধীনত বঙৰাত মুকলি কৰা হ’ল বেটাৰীৰে চলা বাহনত ডিলাৰ । এইয়া হৈছে কাইনটিক গ্ৰীণ এণ্ড পাৱাৰ চলিউচনৰ উত্তৰ-পুৰ্বাঞ্চলৰ ভিতৰত দ্বিতীয়টো …

নলাৰ পৰা উদ্ধাৰ মৃতদেহ : হত্যা কৰি পেলাই সন্দেহ পৰিয়ালৰ লোকৰ

কলগাছিয়া, সংবাদ ৩৬৫, ১৮ জুন : কলগাছিয়াৰ যুৱকৰ মৃতদেহ উদ্ধাৰ ওদালগুৰিত । মৃত যুৱক গৰাকীৰ নাম আব্দুল হালিম। এখন নলাৰ পৰা ৰাইজে উদ্ধাৰ কৰে হালিমৰ মৃতদেহ। হত্যা কৰি পেলাই সন্দেহ পৰিয়ালৰ লোকৰ। উল্লেখযোগ্য যে, কলগাছিয়াৰ বাসিন্দা চানমিয়াৰ পুত্ৰ আব্দুল হালিম …

ৰাজ্যজুৰি ৪১ হাজাৰ টেট শিক্ষকৰ প্ৰতিবাদ : শিক্ষামন্ত্ৰীয়ে ড্ৰাইভাৰ আখ্যা দিয়া টেট শিক্ষকৰ ভৱিষ্যত কোন দিশে ?

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুন : ২০১২ চনত ঠিকাভিত্তিক নিযুক্তি লাভ কৰা প্ৰাথমিক শিক্ষক সকলৰ বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীৰে ৰাজ্যৰ সমগ্ৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত মুঠ ৪১ হাজাৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰতিবাদ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ …

ব্যৱসায়ীসকলৰ ন্যায্য দাবী সমাধান কৰিবলৈ সদৌ অসম ব্যৱসায়ী সন্থাৰ দাবী : অন্যথা আন্দোলনৰ হুংকাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুন : ব্যৱসায়ীসকলে সন্মুখীন হোৱা সমস্যাসমূহ অনৈতিকভাৱে দহ গুণ বৃদ্ধি কৰা শ্ৰম অনুজ্ঞা পত্ৰ মাচুলৰ পুনৰ সংশোধন তথা বিভিন্ন বিষয়ৰ ওপৰত সদৌ অসম ব্যৱসায়ী সন্থাৰ মুখ্য আহ্বায়ক প্ৰাণতোষ ৰয়ৰ নেতৃত্বত সন্থাৰ এটা প্ৰতিনিধি বৰ্গই অসমৰ মুখ্য …

ভুলুণ্ঠিত গণতন্ত্ৰত অৱদমিত নাৰী : বেটী বচাওৰ কথা কোৱা চৰকাৰে বেটী বচোৱা নাই

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুন : সুস্থ সমাজ বিকাশ চক্ৰ আৰু ফ’ৰাম এগেইনষ্ট ছেক্সুৱেল হেৰেছমেণ্ট ইন এডুকেশ্যন ইনষ্টিটিউটৰ সহযোগত গুৱাহাটীৰ প্ৰেছ ক্লাৱত এক আলোচনা চক্ৰ অনুষ্ঠিত হয় । আলোচনাৰ বিষয় বস্তু আছিল ভুলুণ্ঠিত গণতন্ত্ৰত অৱদমিত নাৰী। আলোচনা চক্ৰটোৱে তেওঁলোকৰ হাতত …

এলাগী হৈ পৰিছে মামণি ৰয়চম গোস্বামীৰ সপোনৰ চিকিৎসালয় : ক্ৰমাৎ জহি-খহি যাব ধৰিছে চিকিৎসা যন্ত্ৰ

পলাশবাৰী, সংবাদ ৩৬৫, ১৭ জুন : এলাগী হৈ পৰিছে জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়চম গোস্বামীৰ সপোনৰ চিকিৎসালয় । দক্ষিণ কামৰূপত অৱস্থিত এই চিকিৎসালয়খনৰ নাম উমাকান্ত আৰু চন্দ্ৰকান্ত প্ৰাথমিক চিকিৎসা কেন্দ্ৰ । চিকিৎসালয়খন আছে ঠিকেই কিন্তু নাই কোনো চিকিৎসক । যি …

অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম বৰাৰ : পদত্যাগ কৰিয়েই মন্তব্য “ৰিপুন বৰাই টেণ্ট হাউচৰ চকী আনি পূৰণ কৰিব লাগিব মিছন ৮০ “

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ জুন : অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম বৰাৰ। পদত্যাগ কৰিয়েই সংবাদমেলৰ জৰিয়তে ৰিপুন বৰাক সমালোচনা পাৰ্থ প্ৰতিম বৰাৰ । বৰাৰ মন্তব্য ” ৰিপুন বৰাৰ সভাপতি পদৰ পৰা পদত্যাগ …

খাৰুপেটিয়াৰ এখন ব্যতিক্ৰমী শিক্ষানুষ্ঠান : খোৱাৰ পৰা থকালৈকে সম্পূৰ্ণ বিনামূলীয়াভাৱে যোগান ধৰা হয় শিক্ষানুষ্ঠানখনৰ আৱাসীক গৃহত

দৰং, সংবাদ ৩৬৫, ১৭ জুন : দৰঙৰ দলগাওঁ সমষ্টিৰ অন্তৰ্গত আৰিমাৰী গাওঁত অৱস্থিত এখন ব্যতিক্ৰমী শিক্ষানুষ্ঠান। সম্পূৰ্ণ বিনামূলীয়াভাৱে পাঠদান দিয়াৰ উপৰিও থকা খোৱাৰ ব্যৱস্থাও কৰা হয় সম্পূৰ্ণ বিনামূলীয়াভাৱে । দৰং জিলাৰ ৪নং আৰিমাৰী গাওঁত ১১ বছৰ আগতে স্থাপিত হৈছিল মনছুৰীয়া …

পুনৰ আৰম্ভ নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম : প্ৰকল্প চিৰকাললৈ বন্ধ কৰাৰ দাবীৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

গুৱাহাটী, সংবাদ ৩৬৫, ১৭জুন : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰাৰ বিৰুদ্ধে আজি ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ।গুৱাহাটীতো চচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত এই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। উল্লেখযোগ্য যে এন এইচ …