মানিকপুৰত আক্ৰাছুৰ বন্ধ সৰ্বাত্মকঃ স্তব্ধ জনজীৱন

মানিকপুৰ, ৭ ছেপ্টেম্বৰঃ পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুয়ে আহ্বান জনোৱা ৪৮ ঘন্টীয়া অসম বন্ধৰ দ্বিতীয় দিনা বঙাইগাঁৱত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে৷ বঙাইগাঁৱৰ মানিকপুৰ, পাতিলাদহা, কোকিলা, ডাঙাইগাওঁত বন্ধৰ ফলত বন্ধৰ ফলত …

তীব্ৰবেগী বাছৰ খুন্দাত নিহত-১, আহত-১

ৰঙিয়া, ৭ ছেপ্টেম্বৰঃ ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত এগৰাকী ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী ছাত্ৰী গুৰুতৰ ভাবে আহত হয়৷ প্ৰাপ্ত তথ্য মতে, ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত এএছ-০১-এচি-২৪৫০ নম্বৰৰ  নিকিতা নামৰ তীব্ৰবেগী বাছে …

ৰোহিঙীয়া মুছলমান আৰু ম্যানমাৰ

অনলাইন ডেস্ক সংবাদ ৩৬৫, ৭ ছেপ্টেম্বৰঃ ম্যানমাৰৰ সুৰক্ষাবাহিনী আৰু ৰোহিঙীয়া মুছলমানৰ মাজত সংঘটিত হিংসাত্মক ঘটনাই সমগ্ৰ বিশ্বৰ ৰাজনীতি উত্তাল কৰি তুলিছে৷ সংযুক্ত ৰাষ্ট্ৰ মানৱাধিকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা দুটা সপ্তাহত ১.২৩ লাখ ৰোহিঙীয়া মুছলমানে ম্যানমাৰৰ পৰা পলায়ন কৰাৰ লগতে ৪০০ৰো …

সোণাপুৰত পিষ্টলসহ দুজন আটক

সোণাপুৰ, ৭ আগষ্টঃ সোণাপুৰ আৰক্ষী আৰু চিআৰপিএফৰ এটা দলে নিশা যুটীয়াভাবে অভিযান চলাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন গাড়ীত অহা দুজন ব্যক্তিৰ পৰা এটা ৯ এমএম পিষ্টল আৰু পাঁচজাই গুলিসহ দুজন যুৱকক আটক কৰে৷ প্ৰাপ্ত তথ্য মতে, নগাঁৱৰ লাওঁপানীৰ পৰা …

মুম্বাই বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড আবু ছালেমক যাৱজ্জীৱন কাৰাদণ্ড, দুজনক ফাঁচী

অনলাইন ডেস্ক সংবাদ ৩৬৫, ৭ ছেপ্টেম্বৰঃ মুম্বাই ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত তথা মাষ্টাৰ মাইণ্ড আবু ছালেমক মুম্বাইৰ টাডা বিশেষ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে দুই লাখ টকাৰ জৰিমণাৰ ৰায় দিয়ে৷ আনহাতে এই ঘটনাৰ আন চাৰিজন অভিযুক্তৰ তাহিৰ মাৰ্চেন্ট, ফিৰোজ খানক …

যোৰহাট ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন’লজিৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

যোৰহাট, ৭ ছেপ্টেম্বৰঃ যোৰহাট ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন’লজিক অসম চাইন্স এণ্ড টেকন’লজি ইউনিভাৰৰ্চিৰ্টিত অন্তৰ্ভুক্ত কৰাক তীব্ৰ বিৰোধীতা কৰি যোৰহাট ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন’লজিৰ  ছাত্ৰ ছাত্ৰীয়ে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ যোৰহাটৰ চেন্ট্ৰেল কলেজৰ পৰা …

কলগাছিয়াত চাৰি চাইবাৰ অপৰাধী আটক

কলগাছিয়া, ৬ চেপ্তেম্বৰঃ চাইবাৰ ক্ৰাইমৰ লগত জড়িত থকা চাৰিজন যুৱক কলগাছিয়া আৰক্ষীয়ে আটক কৰে৷ প্ৰাপ্ত তথ্য মতে, আৰক্ষীয়ে বৰপেটাৰ জনীয়া-সালেকুৰাৰ পৰা যুৱক কেইজনক আটক কৰে। আটকধীন যুৱক কেইজন ক্ৰমে হাসেম ৱাছিম খান(২৫), আবু ছুলেমান (২৬), মীৰ জুব্বাৰ হুছেইন (৩৩),আৰু আব্দুল …

ডুমডুমাত মুখ্যমন্ত্ৰীৰ হিন্দুস্তান ইউনিলিভাৰৰ চতুৰ্থটো উৎপাদন গোট মুকলি

গুৱাহাটী, ৬ ছেপ্তেম্বৰঃ ৰাজ্যখনৰ ঔদ্যোগিক বিকাশৰ দিশত বৃহৎ উদগণি যোগাই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে তিনিচুকীয়াৰ ডুমডুমাত হিন্দুস্তান ইউনিলিভাৰ লিমিটেডৰ চতুৰ্থটাে উৎপাদন গোট উদ্বোধন কৰে। ৰাইন’ প্রকল্প হিচাপে নামাকৰণ কৰা এই প্রকল্পটাে মাত্র ৩০০ দিনৰ ভিতৰতে নির্মাণ কৰি উলিওৱা হৈছে। ইয়াৰ উপলক্ষে …

দুৰ্গা পূজাৰ পূৰ্বে কৰ্মচাৰীয়ে লাভ কৰিব ৬ মাহৰ বকেয়াঃ শিক্ষামন্ত্ৰী

গুৱাহাটী, ৬ ছেপ্টেম্বৰঃ দুৰ্গা পূজাৰ পূৰ্বে ৰাজ্যৰ কৰ্মচাৰীয়ে লাভ কৰিব ৬ মাহৰ বকেয়া৷ এই ঘোষনা শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ বিধানসভাৰ চেন্ট্রেল হলত আয়োজিত সংবাদমেল শিক্ষামন্ত্ৰী ড০ শৰ্মাই এই তথ্য সদৰি কৰে৷ মন্ত্ৰীগৰাকীয়ে লগতে সদৰি কৰি কয় যে, সৰ্বশিক্ষাৰ অধীনত …

বিধানসভাৰ মজিয়াত মন্ত্ৰী হিমন্তৰ নিয়ম ভংগঃ অধিবেশনৰ সময়ত টেবলেট চোৱাত ব্যস্ত হিমন্ত

সংবাদ ৩৬৫ ডেস্ক, ৬ ছেপ্টেম্বৰঃ অসম বিধানসভাৰ অধিবেশনত গুৰুত্বপূৰ্ণ বিষয় আলোচনা চলি থকাৰ সময়তে স্বাস্থ্য, শিক্ষা আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গোপনে টেবলেট ব্যৱহাৰ কৰি বিৰ্তকৰ মাজত সোমাই পৰিছে৷ বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে অধিবেশন চলি থকা সময়ত সদনত …