অসমৰ সংবাদ জগতৰ মহীৰূহ স্বৰূপ ৰাধিকা মোহন ভাগৱতীৰ মৃত্যু

সংবাদ ৩৬৫ ডেস্ক, ৩০ ছেপ্টেম্বৰঃ অসমৰ সংবাদ জগতৰ মহীৰূহ স্বৰূপ জ্যেষ্ঠ সাংবাদিক, দৈনিক অসম কাকতৰ সম্পাদক ৰাধিকা মোহন ভাগৱতীয়ে পুৱা  ৯.২০ বজাত ইণ্টাৰনেচনেল হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি শাৰিৰীক অসুষ্ঠতাৰ কাৰণে জ্যেষ্ঠ সাংবাদিকগৰাকী ইণ্টাৰনেচনেল হস্পিতালত চিকিৎসাধীন হৈ আছিল। ১৯৩৩ চনৰ ১৯ জানুৱাৰিত জামুগুৰিহাটত জন্ম গ্ৰহণ কৰা ৰাধিকা …

কাঠৰ নহয়, কেমিকেল কংক্ৰিট বাটামেৰে নিৰ্মিত হ’ব ঘৰ

অভয়াপুৰী, ৩০ ছেপ্টেম্বৰঃ ঘৰ সাজিবলৈ পৈনত, উন্নত কাঠ বিচাৰি হাবাথুৰি খাব লগা হৈছে নেকি? উন্নত কাঠ অবিহনে এতিয়া সাজিব পাৰিব সপোনৰ ঘৰ। বঙাইগাঁৱৰ অভয়াপুৰীৰ সৰ্মীপবৰ্তী উত্তৰ শালমাৰাত ৰবি ৰায়ে স্থাপন কৰিছে চিলাৰায় কেমিকেল বাটাম ইণ্ডাষ্ট্ৰিজ। পৰিবেশ তন্ত্ৰক সুস্থ কৰি কাঠৰ বিকল্প হিচাপে বগা …

কোকৰাঝাৰৰ বিভিন্ন প্ৰান্তত দুৰ্গা পূজা উদযাপন

কোকৰাঝাৰ, ২৯ ছেপ্টেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিটিচিৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰৰ বিভিন্ন স্থানত মহাসমাৰোহেৰে দুৰ্গা পূজা উদযাপন কৰা হৈছে।কোকৰাঝাৰত ধৰ্মীয় কাৰণৰ লগতে সমাজৰ সৰ্বাঙ্গীন উন্নতি, ঐক্য আৰু শান্তি ৰক্ষাৰ উদ্দেশ্য আগত ৰাখি বিশিষ্ট সমাজ সেৱক জ্যোতি ব্ৰহ্মই ব্যক্তিগত ভাৱে কোকৰাঝাৰৰ জেডিৰোডত অৱস্থিত বাসগৃহৰ প্ৰাংগনত …

প্ৰদূষণ নিৰ্মূলকৰণৰ উদ্দেশ্যে মিৰ্জাত স্থায়ী প্ৰতিমা স্থাপন

মিৰ্জা, ২৯ ছেপ্টেম্বৰঃ ভাৰতৰ বিভিন্ন ঠাইত উদযাপিত হৈছে দুৰ্গা পূজা। দশমী দিনা দুৰ্গা পূজাৰ প্ৰতিমা সমূহ নৈত বিসৰ্জন দিয়া হ’ব। পূজাৰ প্ৰতিমাসমূহ নৈত বিসৰ্জন দিয়া ফলত প্ৰতিমাৰ অৱশিষ্ট অংশই নৈৰ গভীৰতা হ্ৰাস কৰি বানপানীৰ সৃষ্টি কৰে। মিৰ্জা সাৰ্বজনীন দুৰ্গা সমিতিয়ে পৰিবেশ নিৰ্মূলকৰণৰ লগতে বিভিন্ন দিশৰ সৰ্ম্পকে …

বাণিজ্যক চহৰ মুম্বাইত ২৩ জনৰ মৃত্যু

অনলাইন ডেস্ক সংবাদ ৩৬৫, ২৯ ছেপ্টেম্বৰঃ দেশৰ প্ৰধান বাণিজ্যক চহৰ মুম্বাইৰ এলফিনষ্টোন ৰেল ষ্টেচনত আজি পুৱা সংঘটিত হোৱা এক দুর্ঘটনাত ২৩ জনকৈ লোকে প্ৰাণ হেৰুৱাব লগা হয়। শুকুৰবাৰে পুৱা ১০.৪৫ বজাত বৰষুণৰ পৰা ৰক্ষা পাবলৈ মুম্বাইৰ এলফিনষ্টোন ৰেল ষ্টেচনত থকা এক …

এগৰাকী মাৰাথন খেলুৱৈ কাহিনীৰে

ধুবুৰী, ২৯ ছেপ্টেম্বৰঃ ধুবুৰীৰ বিলাসীপাৰাৰ অন্তৰ্গত বামুনপাৰাৰ যুৱক মাজেৰ আলী। মাজেৰ আলীয়ে বিলাসীপাৰাত অনুষ্ঠিত বিভিন্ন খেল ধেমালিত শ্ৰেষ্ঠতা অৰ্জন কৰি বৰ্তমান ৰাষ্ট্ৰীয় পৰ্য্যায়ত নিজৰ লগতে অসমৰ নাম উজ্বলাই তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু আৰ্থিক দৈন্যতাই মাজেৰৰ বিখ্যাত খেলুৱৈ হোৱা সপোনত হেঙাৰৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, মাজেৰে মায়া …

তিতাবৰৰ যান-বাহন আৰক্ষী দিগন্ত গগৈৰ মৃত্যুত শোক স্থানীয় লোকৰ

তিতাবৰ, ২৮ ছেপ্টেম্বৰঃ তিতাবৰৰ যান-বাহন আৰক্ষীৰ দিগন্ত গগৈৰ কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত তথ্য মতে, দিগন্ত গগৈয়ে ২৪ ছেপ্টেম্বৰত ডিউটি শেষ কৰি বাসগৃহলৈ যোৱা সময়ত তিতাবৰ যোৰহাট সংযোগী ন আলি ঢেকীয়াজলিত এক পথ দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হয়। গগৈক …

যোৰহাটত পূজাৰ তৎপৰতা

যোৰহাট, ২৮ ছেপ্টেম্বৰঃ কুঁৱলীৰ ওৰণি লৈ ধৰালৈ নামি আহিল শৰৎ । শৰৎ ঋতুৱে কঢ়িয়াই আনে উৎসৱৰ বতৰা। দুৱৰিৰ নিয়ৰ সনা টোপালবোৰ শৰতৰ বুকুত মণি মুকুতাহৈ জিলিকি উঠে। শেৱালী ফুলৰ আমোলমোল গোন্ধে দিলেহি শৰত আগমনৰ বতৰা। আৰম্ভ হ’ল শাৰদীয় দুৰ্গোৎসৱৰ। খনিকৰৰ হাতৰ …

দুৰ্গোৎসৱৰ আনন্দ উল্লাসৰ পৰা বঞ্চিত কলগাছিয়াৰ তিনি শতাধিক পৰিয়াল

কলগাছিয়া, ২৮ ছেপ্টেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উল্লাসৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে বৰপেটাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জনীয়াৰ তিনি শতাধিক পৰিয়াল। প্ৰায় তিনিমাহ ধৰি বেঁকী নদীয়ে বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাদং , মহম্মদপুৰ আৰু ৰছুলপুৰ গাওঁত কালৰূপ ধাৰণ কৰি প্ৰায় তিনি শতাধিক …

আজি মহাষ্টমীঃ অভয়াপুৰী গান্ধীময়দান পূজাস্থলীত উদুলি মুদুলি পৰিবেশ 

অভয়াপুৰী, ২৮ ছেপ্টেম্বৰঃ সমগ্র দেশৰ লগতে বঙাইগাঁৱতো উলহ মালহেৰে উদযাপিত হৈছে দেৱী দুৰ্গাৰ আৰাধনা। অভয়াপুৰী গান্ধীময়দান সাৰ্বজনীন দুৰ্গা পূজাস্থলীত ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰাৰে পৰা ধুমধামেৰে আৰম্ভ হৈছে পূজা অৰ্চনা। শংখ, ঢোল, ঘন্টাৰ ঐক্যতান, আয়তী উৰুলি আৰু দুৰ্গতিনাশিনী মাতৃস্বৰূপিনী, দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈছে পূজাস্থলী। আজি মহাষ্টমীৰ …