কাজিৰঙাৰ বানাক্ৰান্ত বন্যপ্ৰাণীৰ ওপৰত দ্ৰোণৰ দৃষ্টি

কাজিৰঙা, ৭ জুলাইঃ  বানৰ কৱলত ককবকাই থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা বন্যপ্ৰাণীৰ ওপৰত দৃষ্টি ৰাখিবলৈ উৰিল দ্ৰোণ। বানৰ কৱলত পৰা ৰাষ্টীয় উদ্যানখনত থকা বন্যপ্ৰাণী সুৰক্ষিত আছে নে নাই ইয়াৰ বাবে দ্ৰোণৰ সহায় লৈছে গোলাঘাট আৰক্ষী আৰু বনবিভাগে। উদ্যানখনৰ কঁহৰা, বাগৰি, …

সোণতলীত বানে উটুৱাই নিলে পথঃ গাঁঠিৰ ধনেৰে ৰাইজে নিৰ্মান কৰিলে বাঁহৰ সাঁকো

সোণতলী, ৭ জুলাইঃ দক্ষিণ কামৰূপৰ সোণতলীত বিধ্বস্ত যাতায়ত ব্যৱস্থা। জনপ্ৰতিনিধি নাইবা বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিত ৰাইজে গাঁঠিৰ ধন খৰচ কৰি যাতায়ত সুবিধাৰ্থে নিৰ্মান কৰিলে বাঁহৰ সাঁকো। নগৰবেৰাৰ পৰা সোণতলী হৈ গুৱাহাটী লৈ যোৱা একমাত্ৰ পথটো নিৰ্মানৰ ছয়মাহ পিছতেই ভাঙি যায়৷ …

শিশুৰ চিকিৎসাৰ কাৰণে আৰ্থিক সাহাৰ্য্যৰ প্ৰয়োজন

ৰঙিয়া, ৮ জুলাইঃ ৰঙিয়াৰ দৰিদ্ৰ পৰিয়ালৰ এটি কনমানি শিশু। শিশুটোৱে উপযুক্ত চিকিৎসাৰ অভাৱত জীৱন-মৃত্যুৰে যুঁজিছে। শিশুটো নাম হিবজুল আলী। ৰঙিয়াৰ গোগমালাছাৰ দিন হাজিৰা কৰা শ্ৰমিক চাদেক আলীৰ পুত্ৰ। আঢ়ৈ বছৰীয়া হিবজুল আলী বৃক্ক ৰোগত আক্ৰান্ত। আৰ্থিক দীনতাৰে পিষ্ট দুখীয়া পৰিয়ালটোৱে …

গ্ৰেটাৰ তিতাবৰ পানীযোগান আঁচনিৰ তদন্তৰ দাবীত অৱস্থান ধৰ্মঘট

তিতাবৰ, ৭ জুলাইঃ এছিয়া মহাদেশৰ সৰ্ববৃহৎ পানীযোগান আঁচনি গ্ৰেটাৰ তিতাবৰ পানীযোগান আঁচনিৰ বৃহৎ কেলেংকাৰীৰ উচিত তদন্ত কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিতাবৰ আঞ্চলিক সমিতিয়ে দুইঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে, তিতাবৰৰ ভূ-গৰ্ভৰ পানীত বিষাক্ত আৰ্ছেনিক ধৰা পৰাৰ পিছত তদানীন্তন …

 ৰঙিয়াত নিৰ্মান শ্ৰমিকৰ প্ৰতিবাদ

ৰঙিয়া, ৭ জুলাইঃ ৰঙিয়াৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে । শ্ৰমিক ইউনিয়নে বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাজপথ উত্তাল কৰাৰ লগতে মুৰাৰাত থকা শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে । শ্ৰমিক ইউনিয়নৰ সদস্যসকলে চহৰৰ এন …

বানৰ কৱলত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি

তিতাবৰ, ৭ জুলাইঃ অসমৰ বিভিন্ন স্থানৰ লগতে তিতাবৰটো বানপানী ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বর্তমানৰ বিধায়ক তৰুণ গগৈৰ নিজ গৃহ সমষ্টি তিতাবৰৰ কেবাখনো গাওঁ প্ৰলয়কাৰী  বানৰ কৱলত। কাকডোঙা নদীৰ পানীয়ে বুৰাইছে জোনাকী মণ্ডল, বিলগাওঁ, নাওপেটাকে ধৰি তিতাবৰ  ৰাজহ …

সোণতলীত মহিলা সন্ধানহীনঃ নাৰী সৰবৰাহকাৰীক বিক্ৰীৰ সন্দেহ

সোণতলী, ৭ জুলাইঃ দক্ষিণ কামৰূপৰ বকো থানাৰ অন্তৰ্গত সোণতলী আৰক্ষী চকীৰ অধীনস্থ মাহতলীৰ আবিদা বেগম নামৰ মহিলাগৰাকী ১৭ জুনৰ পৰা সন্ধানহীন হৈ আছে। ৰফিকুল ইছলামৰ পত্নী আবিদা বেগমে ১৭ জুনৰ নিশা প্ৰায় ২ মান বজাত ৰোজাৰ চেহেৰী পাক কৰিবলৈ উঠাৰ …

ৰেলৰ খুন্দাত হাতী নিহত

লখিমপুৰ, ৭ জুলাইঃ লখিমপুৰত ৰেলৰ খুন্দাত এটা বনৰীয়া হাতী নিহত হয়। লখিমপুৰৰ পথালিপাম বন বিভাগৰ কাৰ্যালয়ৰ সমীপত ৰেলৰ খুন্দাত হাতীটো নিহত হয়। প্ৰাপ্ত তথ্য অনুসৰি, খাদ্যৰ সন্ধানত হাতীটো লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছিল। হাতীটো মুৰ্কংচেলেক-ডেকাগাওঁ অভিমুখী ৰেলৰ খুন্দাত …

বাঘবৰ- জনীয়াৰ শতাধিক গাওঁ প্ৰলয়কাৰী বানৰ কবলত

বাঘবৰ, ৭ জুলাইঃ ৰাজ্যত ঠাইয়ে- ঠাইয়ে বানে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে বৰপেটাৰ বাঘবৰ-জনীয়া সমষ্টিৰ প্ৰায় শতাধিক গাওঁ প্ৰলয়কাৰী  বানৰ কৱলত পৰিছে। ব্ৰহ্মপুত্ৰ ,বেঁকী নদীৰ বাঢ়নী পানীয়ে বুৰাইছে বাঘবৰ, কলগাছিয়া  ৰাজহ চক্ৰৰৰ শতাধিক গাওঁ। বাঘবৰ সমষ্টিৰ শিলোচী পাথাৰ, বালাজান, সেউৰাভিটা, …

বানাক্রান্তলৈ সাহায্য সামগ্রীকে ধৰি উদ্ধাৰ অভিযান ক্ষীপ্ৰ আৰু তৎপৰতাৰে গ্ৰহণৰ নির্দেশ মুখ্যমন্ত্রীৰ

গুৱাহাটী, ৬ জুলাইঃ ৰাজ্যখনৰ সাম্প্রতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বানাক্রান্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান সাহায্য সামগ্ৰী বিতৰণ, শিশু খাদ্য, পশু খাদ্য, ঔষধ পাতিকে ধৰি চিকিৎসা সেৱা তাৎক্ষণিক ভাবে প্ৰদান কৰাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক জৰুৰী নির্দেশ প্রদান কৰিছে। জনতা ভৱনস্থিত …