বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাৰ বিয়োগত শোক প্ৰকাশ ডঃ দিব্যজ্যোতি শইকীয়াৰ

গুৱাহাটী ৩ জুন অসমৰ বিশিষ্ট লেখক, সাহিত্যক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য অকাডেমি আৰু পদ্মশ্ৰী বঁটা প্ৰাপক ডঃ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ডঃ দিব্যজ্যোতি শইকীয়াই। ডঃ দিব্যজ্যোতি শইকীয়াই শোক …

মঙলবাৰৰ তুলনাত বুধবাৰে দেশত সামান্য বৃদ্ধি পালে ক’ভিড আক্রান্তৰ সংখ্যা

নিউজ ডেস্ক  ৩ জুন মঙলবাৰৰ তুলনাত বুধবাৰে দেশত সামান্য বৃদ্ধি পালে ক’ভিড আক্রান্তৰ সংখ্যা। বিগত কিছুদিন ধৰি দেশত ক’ভিডত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা নিম্নগামী হ’বলৈ ধৰিছিল যদিও বুধবাৰে পুনৰ সামান্য বৃদ্ধি পায় আক্রান্তৰ সংখ্যা। বুধবাৰে দেশত নতুনকৈ ক’ভিডত আক্রান্ত …

চিকিৎসকক আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা বিশিষ্ট মানৱ অধিকাৰকৰ্মী-সমাজসেৱক ড° দিব্যজ্যোতি শইকীয়াৰ

গুৱাহাটী  ৩ জুন হোজাইত চিকিৎসকক আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে বিশিষ্ট মানৱ অধিকাৰকৰ্মী-সমাজসেৱক ড° দিব্যজ্যোতি শইকীয়াই।চিকিৎসকক ভগৱানৰ পিছতে স্থান দিয়া হয় যদিও বিভিন্ন সময়ত চিকিৎসকৰ ওপৰতে সংঘটিত হয় আক্ৰমণৰ ঘটনা।তেনে এক দুৰ্ভাগ্যজনক ঘটনা পুনৰবাৰ সংঘটিত হৈছে হোজাই জিলাত। চিকিৎসকৰ ওপৰত …

চোৰাং চিকাৰীৰ বিৰূদ্ধে অভিযান চলাই বন বিভাগে উদ্ধাৰ কৰিলে আঁঠটাকৈ কাম চৰাই

জুৰীয়া ২ জুন জুৰীয়াৰ লাওঁখোৱা- বুঢ়াচাপৰি অভয়াৰণ্যত বন বিভাগৰ অভিযান। অভিযানত উদ্ধাৰ আঁঠটাকৈ কাম চৰাই। জব্দ অত্যাধুনিক টেপৰেকৰ্ডাৰ আৰু অডিঅ’ প্লেয়াৰ। অভিযানত বন বিভাগে চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম নহ’ল যদিও অনাগত দিনত পক্ষী নিধন কাৰ্যৰ পৰা বিৰত থাকিবলৈ চোৰাং …

কেব চালকৰ ঋণৰ কিস্তি ৰেহাই দিয়াৰ দাবী জাতীয় পৰিষদৰ

গুৱাহাটী ২ জুন গুৱাহাটী মহানগৰীৰ কেব চালকসকলে উত্থাপন কৰা দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে৷ বুধবাৰে এক প্ৰেছ বিবৃতিৰ জৰিয়তে দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে মহানগৰীত কেব চালক হিচাপে কাম কৰি জীৱন নিৰ্বাহ …

বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত এগৰাকী ক’ভিড আক্ৰান্ত প্ৰসূতিয়ে জন্ম দিলে সন্তান

জোনমণি বেগম বিশ্বনাথ ১ জুন বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেন্তাৰত ক’ভিড আক্ৰান্ত এগৰাকী প্ৰসূতিয়ে জন্ম দিলে কন্যা সন্তান। প্ৰসূতি গৰাকী বিশ্বনাথৰ ননকে জাপৰীগুৰিৰ বুলি জানিব পৰা গৈছে। প্ৰসূতি গৰাকীয়ে সোমবাৰে পুৱাৰ ভাগত ক’ভিড ৰোগত আক্ৰান্ত হৈ চাৰিআলি অসামৰিক …

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত এইবাৰ জালত পৰিল ডি এছ পি

ধুবুৰী  ৩১ মে’ অসম আৰক্ষীয়ে ঘোষণা কৰিছে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ। বিগত কিছুদিন ধৰি অব্যাহত থকা অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানলৈ লক্ষ্য কৰিলে সহজে বুজিব পাৰি যে এইবাৰ আৰু কাৰো ৰেহাই নাই। অবৈধ ড্ৰাগছৰ বেহাৰ লগত জড়িত কোনো লোকে ৰক্ষা নপৰে …

নগাঁও আৰক্ষীৰ গুলীত পুনৰ আহত ড্ৰাগছ ব্যৱসায়ী

ৰূপহীহাট  ৩১ মে’ নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। জিলাখনৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অধিক তীব্রতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান। জিলাখনত প্ৰতিদিনে ইজনৰ পিছত সিজন ড্ৰাগছ মাফিয়া আৰক্ষীৰ জালত পৰিছে। জব্দ হৈছে বৃহৎ পৰিমাণৰ মাৰাত্মক ড্ৰাগছ। বিশেষকৈ নতুনকৈ নগাঁও …

যোৰহাটতো আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত : ড্ৰাগছসহ আটক দুই যুৱক

নেকিব আহমেদ যোৰহাট ৩০ মে’ ৰাজ্যৰ বিভিন্ন অঞ্চলত শেহতীয়াকৈ অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে। ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ইতিমধ্যে আৰক্ষীয়ে বৃহৎ সাফল্য লাভ পৰা পৰিলক্ষিত হৈছে। উজনিৰ পৰা নামনিলৈকে চলা এই অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ …

শিৱসাগৰত ব্ৰাউন চুগাৰসহ আটক দুজন সৰবৰাহকাৰী

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৯ মে’ ৰাজ্যজুৰি তীব্রতৰ হৈ উঠিছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বিগত কিছুদিন ধৰি উজনিৰ পৰা নামনিলৈকে অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ইতিমধ্যে অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই বৃহৎ পৰিমাণৰ …