হাতীৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্তৰ দাবী ‘নেচাৰ্ছ বেকন’ৰ সঞ্চালক সৌম্যদ্বীপ দত্তৰ

গুৱাহাটী ১৪ মে’ নগাঁও জিলাত ১৮ টাকৈ বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনাই কঁপাই গৈছে সমগ্ৰ দেশক। এই কৰুণ ঘটনাই হৃদয় কঁপাই তুলিছে সমগ্ৰ বিশ্বৰ প্ৰকৃতি প্ৰেমীৰ লগতে দেশবাসীৰ। বজ্ৰপাতৰ ফলত এই ১৮ টাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱা বুলি প্ৰাথমিক তদন্তত সন্দেহ …

নগাঁও জিলাত ৪ টাকৈ বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ

নগাঁও  ১৩ মে’ নগাঁও জিলাত সংঘটিত হৈছে এক কৰুণ ঘটনা। নগাঁৱত বজ্ৰপাতৰ ফলত ২০ টাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ সন্দেহ। ইতিমধ্যে উদ্ধাৰ হৈছে ৪ টাকৈ বনৰীয়া হাতীৰ মৃতদেহ। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। দেশজুৰি মাৰাত্মক ক’ভিডৰ …

হাস্পতালৰ পৰা পলায়ন ক’ভিড ৰোগীৰ : ৰঙিয়াত আতংকময় পৰিৱেশ

ৰঙিয়া ১২ মে’ ৰঙিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। হাস্পতালৰ পৰা এজন ক’ভিড ৰোগীৰ পলায়নক লৈ ৰঙিয়াত সৃষ্টি হৈছে চাঞ্চল্য। স্বাস্থ্য বিভাগৰ দলে ক’ভিড ৰোগী জনক উদ্ধাৰ কৰি পুনৰ ক’ভিড চিকিৎসালয়ত ভৰ্তি কৰে। ৰাজ্যত ক্ৰমাৎ ভয়াবহ দিশে গতি কৰিছে ক’ভিড …

সোমবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি মঙলাবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অন্যান্য মন্ত্ৰী সকলৰ দপ্তৰ বিতৰণ কৰে

গুৱাহাটী ১১ মে’ মঙলাবাৰে বিতৰণ কৰা হয় ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ মন্ত্ৰী সকলৰ দপ্তৰ। সোমবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি মঙলাবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অন্যান্য মন্ত্ৰী সকলৰ দপ্তৰ বিতৰণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগত সোমবাৰে …

অৱশেষত উচ্চতৰ মাধ্যমিক প্ৰথম বর্ষৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত

গুৱাহাটী  ১০ মে’ অৱশেষত সিদ্ধান্ত গ্ৰহণ কৰা হ’ল। উচ্চতৰ মাধ্যমিক প্ৰথম বর্ষৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল। ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা সংসদে পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। দেশত মাৰাত্মক ক’ভিডৰ দ্বিতীয়টো ঢৌৰ সংহাৰী ৰূপ। প্ৰতিদিনে …

অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ল’লে ডঃ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী ১০ মে’ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ল’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ল’লে জালুকবাৰী সমষ্টিত বিধায়ক গৰাকীয়ে। মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰাই ডঃ হিমন্ত বিশ্ব শৰ্মাক ফুলৰ থোপাৰে অভিনন্দন জনায় …

কটন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদকৰ পৰা মুখ্যমন্ত্ৰীলৈকে হিমন্ত বিশ্ব শৰ্মাৰ যাত্ৰা

সাজিদুৰ ৰহমান গুৱাহাটী ৯ মে’ দেওবাৰে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নাম ঘোষণা কৰা হ’ল ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এটা সময়ত সমগ্ৰ উত্তৰ পূবত অস্তিত্বহীন বিজেপি দলৰ উত্থানৰ মূল নায়ক হিমন্ত বিশ্ব শৰ্মাক দলটোৱে অৱশেষত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব প্ৰদান …

বিশ্বনাথত নৈশ বাছৰ খুন্দাত থিতাতে নিহত চিকিৎসালয়ৰ কৰ্মচাৰী

জোনমণি বেগম বিশ্বনাথ ৮ মে’ বিশ্বনাথ নগৰত শুকুৰবাৰে নিশাৰ ভাগত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। নৈশ বাছৰ খুন্দাত থিতাতে নিহত হৈছে বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। স্থানীয় সচেতন ৰাইজে বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ কৰ্মচাৰী জনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ …

সৰুসজাই ক্রীড়া প্রকল্প আৰু ৰয়েল গ্ল’ৱেল বিশ্ববিদ্যালয়ত স্থাপন কৰা কভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

গুৱাহাটী  ৭ মে’ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে শুকুৰবাৰে সৰুসজাই ক্রীড়া প্রকল্প আৰু ৰয়েল গ্ল’ৱেল বিশ্ববিদ্যালয়ত স্থাপন কৰা কভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে চিকিৎসাৰ আন্তঃগাঁথনিকে ধৰি কভিড ৰােগীৰ চিকিৎসাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ সৱিশেষ বুজ লয়। এই মহামাৰীৰ …

গৌৰীপুৰৰ ঈদৰ বজাৰত ধোঁৱাচাঙত কভিড প্ৰ’টকল

সাজিদুৰ ৰহমান গৌৰীপুৰ ৭ মে’ গৌৰীপুৰৰ ঈদৰ বজাৰত ধোঁৱাচাঙত কভিড প্ৰ’টকল। চৰকাৰৰ সকলো নীতি-নিৰ্দেশনা ভংগ কৰি হাজাৰ হাজাৰ লোকৰ ভিৰ গৌৰীপুৰৰ বজাৰত। অধিকাংশ লোকে মাস্ক পৰিধান কৰিছে যদিও সামাজিক দূৰত্ব বজাই ৰখা পৰিলক্ষিত হোৱা নাই বজাৰখনত ভিৰ কৰা ৰাইজে। খবৰ …