ঘগ্ৰাপাৰৰ খেতিপথাৰত নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ

নলবাৰী ৮ নৱেম্বৰ ঘগ্ৰাপাৰৰ খেতিপথাৰত নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ। বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ উদ্যোগত কংগ্ৰেছ দলৰ প্ৰতিবাদ। দেশত চলি থকা কৃষক আন্দোলন তথা মঙলবাৰে ঘোষিত ভাৰত বন্ধ কাৰ্যসূচীলৈ সমৰ্থন জনাই কংগ্ৰেছ দলৰ প্ৰতিবাদী  কাৰ্যসূচী। তীব্ৰ বিৰোধীতাৰ মাজতো সদনত কেন্দ্ৰীয় চৰকাৰে …

হিমন্ত বিশ্ব শৰ্মাই বিপিএফ দলে ১৭ খন আসন পাব বুলি কৈছে যদিও আমি ১৮ খন আসন পাম : চন্দন ব্ৰহ্ম 

চিৰাং ৮ ডিচেম্বৰ বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত বিপিএফ দলে ১৭ খন আসন লাভ কৰাৰ কথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যদিও আমি ১৮ খন আসন লাভ কৰিম বুলি দাবী কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই। বিটিচিবাসীয়ে হাগ্ৰামা মহিলাৰীক যি দৰে সঁহাৰি …

ৰাজ্যৰ নিৱনুৱাক কৰ্মসংস্থাপনমুখী কৰাৰ লক্ষ্য চৰকাৰৰ

আজিজুল হক বৰপেটা ৮ ডিচেম্বৰ ৰাজ্যৰ নিৱনুৱা সকলক কৰ্মসংস্থাপন দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে লৈছে এক অভিনৱ উদ্যোগ। গ্ৰাম্যাঞ্চলৰ সুচল যাতায়ত আৰু স্বাৱলম্বনৰ এক নতুন দিশ উন্মোচিত কৰাৰ প্ৰয়াসেৰে চৰকাৰে হাতত লৈছে “মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পথ পৰিবহন” আঁচনি। ৰাজ্যৰ লগতে বৰপেটা জিলাতো …

চকলেট ৰুম তেজপুৰৰ প্ৰথম বাৰ্ষিক অনুষ্ঠানত যুৱ সামাজিক কৰ্তাক সন্মান জনোৱাৰ লগতে কেক মিক্সিং চেৰেমণি আয়োজন

তেজপুৰ ৮ ডিচেম্বৰ চকলেট ৰুম কেফ, তেজপুৰে ২০২০ চনৰ ২৯ নৱেম্বৰত ইয়াৰ প্ৰথম বাৰ্ষিকী উদযাপন কৰে। এই অনুষ্ঠানত গুৱাহাটী আৰু তেজপুৰৰ কেইবাগৰাকী বিশিষ্ট লোক আৰু বিভিন্ন সামাজিক-সাংস্কৃতিক সংগঠনৰ উজ্জ্বল উৎসাহী লোক উপস্থিত থাকে। অনুষ্ঠানটোৰ আৰম্ভ হয় দৰং কলেজৰ গভৰ্ণিং ব’ডীৰ …

ৰাইজৰ দল আৰু আদিবাসী নেচনেল পাৰ্টিৰ যুটীয়া সংবাদ মেল

আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৭ ডিচেম্বৰ শিৱসাগৰত ৰাইজৰ দল আৰু আদিবাসী নেচনেল পাৰ্টিৰ যুটীয়া সংবাদ মেল। সংবাদ মেলত দুয়োটা দলে আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত একেখন মঞ্চৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। দুয়োটা দলে অসমীয়া জাতিৰ স্বাৰ্থত অসমৰ সকলো …

এইবাৰ নগাঁৱত ওলাইছে কণী চোৰ

কুন্দন ভৰালী নগাঁও ৭ ডিচেম্বৰ এইবাৰ নগাঁৱত ওলাইছে কণী চোৰ। কণী চোৰক ৰাইজৰ উত্তম মাধ্যম। কণীৰ কাৰ্টুনৰ পৰা কণী চুৰি কৰি থকা অৱস্থাত ৰাইজে আটক কৰে এজন কণী চোৰক। অন্য এজন চোৰ পলাই যাবলৈ সক্ষম। বিগত কিছুদিন ধৰি নগাঁও চহৰত …

বন্দুক দেখুৱাই ভোট বিচৰা সকলে এতিয়া হাতজোৰ কৰি ভোট বিচাৰিব লগীয়া হৈছে : হিমন্ত বিশ্ব শৰ্মা

চিৰাং ৬ ডিচেম্বৰ বিজেপিয়ে বিটিচি ঠাণ্ডা কৰিলে। বিটিচিত শান্তিৰ পৰিৱেশ ঘুৰাই আনিলে বিজেপিয়ে। এটা সময়ত বন্দুক দেখুৱাই ভোট লোৱা সকলে এতিয়া হাতজোৰ কৰি ভোট বিচাৰিবলৈ বাধ্য হ’ল বিটিচিত। বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বৰ মন্তব্য। বিটিচিৰ …

নগাঁও আৰক্ষীৰ সৰ্ববৃহৎ ড্ৰাগছ বিৰোধী অভিযান

ধিং ৬ ডিচেম্বৰ নগাঁও আৰক্ষীৰ সৰ্ববৃহৎ ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছ বিৰোধী সৰ্ববৃহৎ সফল অভিযান চলাই নগাঁও আৰক্ষীয়ে জব্দ কৰিলে আঠ কোটি টকাৰ ড্ৰাগছসহ নগদ আঠ লাখ টকা। ধিংৰ সোনাৰী গাঁৱত আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত আটক তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ …

বড়ো জাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই : হাগ্ৰামা মহিলাৰী

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ৬ ডিচেম্বৰঃ বিটিচি নিৰ্বাচনৰ আহিলা লৈ ৰাজ্যৰ বিত্ত,শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচি অঞ্চলত সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাবৰ চেষ্টা কৰি থকাৰ লগতে বড়ো জাতিক ধ্বংস কৰাৰ কূটিল ষড়যন্ত্ৰ কৰি আছে।বিটিচি নিৰ্বাচনত বিজেপি দলে নিৰ্বাচনী …

তিৱা স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নগাঁও জিলা প্ৰশাসন

নগাঁও ৫ ডিচেম্বৰ অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নগাঁও জিলা প্ৰশাসনে। শনিবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদ মেলত এই কথা সদৰি কৰে নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভনে। …