শিৱসাগৰত নৱগঠিত আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম জাতীয় পৰিষদে বজালে নিৰ্বাচনী ৰণডংকা

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৬ নৱেম্বৰ দলীয় পতাকা আৰু সংবিধান মুকলি কৰাৰ ঠিক পিছতে শুকুৰবাৰে ঐতিহ্যমণ্ডিত শিৱসাগৰত অসম জাতীয় পৰিষদ আৰু ইয়াৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ শিৱসাগৰ জিলা সমিতিৰ গঠনৰ উদ্দেশ্যে বিশেষ ৰাজহুৱা সভা তথা যোগদান …

হিমন্ত বিশ্ব শৰ্মাৰ আগমনকলৈ কলাইগাঁৱত উত্তাল প্ৰতিবাদ

কলাইগাঁও ৬ নৱেম্বৰ মন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাৰ আগমনকলৈ কলাইগাঁৱত সৃষ্টি হয় উতপ্ত পৰিস্থিতিৰ। বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ আগ মুহূৰ্তত জ্বলিল দুই নেতাৰ প্ৰতিমূৰ্তি। অসমৰ ৰাইজক চূড়নত প্ৰতাৰণা কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে। বিটিচি পৰিষদীয় নিৰ্বাচনকলৈ …

মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মহিলাৰ প্ৰতিবাদ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৬ নৱেম্বৰ নামনি অসমৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত ঋণ পৰিশোধ কৰিব নোৱাৰি একেটা পৰিয়ালৰ পাঁচজনকৈ ব্যক্তিয়ে আত্মহত্যাৰ দৰে চূড়ান্ত পথ বাছি ল’বলৈ বাধ্য হৈছিল। গোসাইগাঁৱৰ এই হৃদয়বিদাৰ ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতে এইবাৰ কাঠফুলাৰ দৰে …

ড্ৰাগছ বিৰোধী অভিযান চলাই নগাঁও আৰক্ষীয়ে লাভ কৰি আছে ধাৰাবাহিক সফলতা

কুন্দন ভৰালী নগাঁও ৬ নৱেম্বৰ নগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ধাৰাবাহিক ভাৱে লাভ কৰি আছে সফলতা। বিগত কিছুদিন ধৰি কেইবাগৰাকী ড্ৰাগছ ব্যৱসায়ীৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী পৰিছে নগাঁও আৰক্ষীৰ জালত। উদ্ধাৰ হৈছে বিভিন্ন প্ৰকাৰৰ বৃহৎ পৰিমাণ ড্ৰাগছ। শুকুৰবাৰে পুনৰ এক …

হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উল্লেখনীয় পদক্ষেপ : দহ হেজাৰ লোকলৈ শ্ৰী মদ্ভগদ গীতা প্ৰদানৰ লক্ষ্য‌

ইমৰান আলী ডিব্ৰুগড় ৬ নৱেম্বৰ হিন্দু সভ্যতা আৰু হিন্দু সংস্কৃতিৰ বিষয়ে নৱ প্ৰজন্মক আৰ্কষিত আৰু সমাজত হত্যা, হিংসা, সন্ত্ৰাস আদি অপসংস্কৃতি দূৰ কৰাৰ উদ্দেশ্য ডিব্ৰুগড়ত হিন্দু যুৱ ছাত্র পৰিষদে গ্ৰহণ কৰিছে এক যুগান্তকাৰী পদক্ষেপ। ডিব্ৰুগড় জিলাত ১০ সহস্ৰাধিক “শ্ৰী মদ্ভগৱদ …

অৰ্ণৱ গোস্বামী ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক হয়, আল্টু-ফাল্টু চেনেলৰ সম্পাদক নহয় : ভবেশ কলিতা

ৰঙিয়া ৬ নৱেম্বৰ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ পক্ষত এইবাৰ মন্ত্ৰী ভবেশ কলিতা। অৰ্ণৱ গোস্বামীৰ পক্ষত মন্তব্য প্ৰকাশ কৰি অন্য চেনেল সমুহক অপমান কৰিলে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই। অৰ্ণৱ গোস্বামী ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক হয়, …

অসম ৰাজ্যিক চিৰিয়াখানাত বংশবৃদ্ধি কৰিব অষ্ট্ৰেলিয়া আৰু দক্ষিণ আমেৰিকাৰ দুষ্প্ৰাপ্য বন্যপ্ৰাণীয়ে

গুৱাহাটী ৬ নৱেম্বৰ অষ্ট্ৰেলিয়া আৰু দক্ষিণ আমেৰিকাৰ দুষ্প্ৰাপ্য বন্যপ্ৰাণীয়ে বংশবৃদ্ধি কৰিব অসম ৰাজ্যিক চিৰিয়াখানাত। চিৰিয়াখানাৰ প্ৰজনন কেন্দ্ৰত ৰাখি বিশ্বৰ সবাতোকৈ দীঘল ভাটৌ চৰাই আৰু বান্দৰ প্ৰজাতিৰ ভিতৰত আটাইতকৈ বুদ্ধিয়ক বান্দৰক প্ৰজননৰ চেষ্টা চিৰিয়াখানা কৰ্তৃপক্ষৰ। চোৰাং চিকাৰীৰ কবলৰ পৰা জব্দ কৰা …

মূল্যবৃদ্ধি : মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্রীৰ প্ৰতিমূৰ্ত্তি দাহ

সুৰেণ বুঢ়াগোঁ‌হাই চৰাইদেউ ৫ নৱেম্বৰ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰী সম্পুৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ। অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ সোণাৰি কাৰ্য‍্যলয়ৰ সন্মুখত মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্ত্তি দাহ। …

বুঢ়াচাপৰি বন বিভাগৰ অভিযানত তিনি চোৰাং চিকাৰী আটক

মুস্তাক আহমেদ জুৰীয়া ৫ নৱেম্বৰ বুঢ়াচাপৰি বন বিভাগৰ অভিযানত তিনি চোৰাং চিকাৰী আটক। জুৰীয়াৰ বালুচৰ চৰ বজাৰত বন বিভাগে অভিযান চলাই আটক কৰে চোৰাং চিকাৰী তিনি জনক। লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত বনৰীয়া মহ হত্যাৰ লগত জড়িত আছিল তিনিওজন চোৰাং চিকাৰী। বন …

অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ উত্তাল প্ৰতিবাদ

আজিজ আলী নলবাৰী ৫ নৱেম্বৰ নলবাৰী জিলাত সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিদেশ মৰ্মে নলবাৰী জিলা আমছুৰ উদ্যগত অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। নলবাৰীত দুই ঘন্টাৰ অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ন কৰি অতি শীঘ্ৰে মূল্যবৃদ্ধি …