বাইকাৰ্ছে মহতিয়াই নিলে এগৰাকী পথচাৰীক : থিতাতে নিহত বৃদ্ধা

গুৱাহাটী, সংবাদ ৩৬৫, ১৫ অক্টোবৰ : মহানগৰীৰ বেলতলাত এক শিহৰণকাৰী ঘটনা। তীব্ৰবেগী বাইকে মহতিয়াই নিলে এজন পথচাৰীক। দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ’ল চিচি টিভি কেমেৰাত। পথচাৰীগৰাকীক মহতিয়াই নিয়ে এক উদণ্ড বাইকাৰ্ছে। দুৰ্ঘটনাত থিতাতে নিহত হয় মমৰেজ আলী নামৰ এগৰাকী …

সদৌ অসম ভিত্তিত চতুৰ্থ বাৰ্ষিক ভৰত কলিতা সোঁৱৰণী ফুটবল খেল প্ৰতিযোগিতাৰ শুভাৰম্ভ

গুৱাহাটী, সংবাদ ৩৬৫, ১৫ অক্টোবৰ : গাড়ীগাঁও ফুটবল ক্লাৱৰ উদ্যোগত সোমবাৰৰ পৰা গাড়ীগাও ঈদগাহ ময়দানত সদৌ অসম ভিত্তিত চতুৰ্থ বাৰ্ষিক ভৰত কলিতা সোঁৱৰণী ফুটবল খেল প্ৰতিযোগিতাৰ শুভাৰম্ভ হয়। দেওবাৰে বিয়লি তিনি বজাত প্ৰতিযোগিতাখনিৰ শুভাৰম্ভণি কৰে বিশিষ্ট সমাজ কৰ্মী কেশৱ কলিতা, …

জনীয়াত বিজেপিৰ নিৰ্বাচনী সভা : সাংসদ খালেকে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হোৱাটো নিবিচাৰে বুলি তাচ্ছিল্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জনীয়া, সংবাদ ৩৬৫, ১৪ অক্টোবৰ : জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি নিজৰ নিজৰ দলৰ প্ৰাৰ্থীৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপি দলৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ জনীয়াত হেলিকপ্টাৰযোগে উপস্থিত হয় প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জনীয়া …

ভাৰতত উপস্থিত নেদাৰলেণ্ডৰ ৰজা আৰু ৰাণী

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ অক্টোবৰ : পাঁচদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে ভাৰতত উপস্থিত নেদাৰলেণ্ডৰ ৰজা উইলেম-আলেকজেণ্ডাৰ আৰু ৰাণী মাক্সিমা । এই ভ্ৰমণত তেওঁলোকে দ্বিপাক্ষিক অৰ্থনীতি আৰু ৰাজনৈতিক সহযোগিতা সম্বন্ধে ভাৰতৰ শীৰ্ষ নেতৃবৃন্দৰ লগত আলোচনাত মিলিত হ’ব ৷ ২০১৩ চনত ৰাজকীয় শাসনভাৰ …

হস্ত নিৰ্মিত পিষ্টলেৰে গুলীওৱা হৈছিল নালাপৰাৰ ঘটনাত” – আৰক্ষী আয়ুক্ত

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ অক্টোবৰ : গুৱাহাটীৰ নালাপৰাত হোৱা গুলি চালনাৰ সন্দৰ্ভত আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ মন্তব্য । আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে দেওবাৰে সন্ধিয়া প্ৰায় ৬ বজাত জৰুল ইছলাম নামৰ ব্যক্তিজনক গুলিওৱা হৈছে । বৰপেটাৰ জৰুল ইছলাম সাধাৰণ …

পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা, সংবাদ ৩৬৫,১৩ অক্টোবৰ : শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কাজিৰঙাক প্লাষ্টিকমুক্ত আৰু প্ৰদূষণমুক্ত কৰাৰ ওপৰত গুৰুত্ব দিয়ে আৰু স্থানীয় ৰাইজ তথা বন বিভাগক সন্মিলিত প্ৰচেষ্টাৰে কাম কৰি যাবলৈ আহ্বান জনায়। বিভিন্ন …

বৰপেটাৰ বহৰিৰ ছনেট্টাৰীত ৩৫ লাখ টকা মূল্যৰ ব্ৰাউন চুগাৰসহ এটা ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

বৰপেটা, সংবাদ ৩৬৫, ১২ অক্টোবৰঃ নিষিদ্ধ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে বৰপেটা জিলা । বৰপেটা জিলাৰ বহৰি-তাৰাবাৰী আৰক্ষীৰ জালত পৰিল নিষিদ্ধ ব্ৰাউন চুগাৰসহ এটা ড্ৰাগছ ব্যৱসায়ী । ধৃত ড্ৰাগছ ব্যৱসায়ীটো তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ছনেট্টাৰী গাঁৱৰ ৰফিকুল ইছলাম (১৯)। বহৰি-তাৰাবাৰী আৰক্ষী …

হোজাই জিলাৰ লংকাৰ ভালুকমাৰীত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড

হোজাই, সংবাদ ৩৬৫, ১২ অক্টোবৰ : হোজাই জিলাৰ লংকাৰ ভালুকমাৰীত পুৱতি নিশা সংঘটিত হয় এক অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত হৰকুমাৰ দাস নামৰ লোকজনৰ এখন গাড়ী আৰু এটা ঘৰ জুইত ভষ্মীভূত হয় ৷ জুইৰ লেলিহান শিখা বিয়পি পৰাত চুবুৰীয়া শংকৰ পাল নামৰ লোকজনৰ …

ডিমৰিয়াৰ একমাত্র চিকিৎসা কেন্দ্ৰৰ প্ৰতি আস্থা হেৰুৱাইছে একাংশ ৰোগীয়ে

ডিমৰিয়া, সংবাদ ৩৬৫, ১২ অক্টোবৰ : ধৈৰ্য্যৰ সীমা চেৰাইছে একাংশ ৰোগীৰ । একমাত্র চৰকাৰী চিকিৎসা কেন্দ্ৰত চিকিৎসাৰ বাবে আহি অপমানিত হৈ উভতিছে একাংশ বয়োজ্যেষ্ঠ ৰোগীয়ে। সময়মতে চিকিৎসক আহি নোপোৱাত নগাঁও, মৰিগাঁও আদিৰ পৰা অহা ৰোগীয়ে চিকিৎসালয়ৰ নাৰ্ছক চিকিৎসকৰ সন্দৰ্ভত সোধ-পোচ …

যোৰাবাটত বৃদ্ধৰ মৃতদেহ উদ্ধাৰ

যোৰাবাট, সংবাদ ৩৬৫, ১২ অক্টোবৰ : শুকুৰবাৰে মহানগৰীৰ পাৰ্শ্বৱৰ্তী যোৰাবাটত এগৰাকী বৃদ্ধৰ মৃতদেহ উদ্ধাৰ কৰা হয়। অঞ্চলটোত নলাত পৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। পিছত যোৰাবাট আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। বৰ্তমানো বৃদ্ধ লোকজনৰ পৰিচয় …