মহানগৰীৰৰ ধাৰাপুৰত ৰাষ্ট্ৰীয় মীন পালক দিৱস উদযাপন

পলাশবাৰী, সংবাদ ৩৬৫, ১০ জুলাই : আজি ৰাষ্ট্ৰীয় মীন পালক দিৱস । অসমতো ৰাষ্ট্ৰীয় মীন পালক দিৱস উদযাপন কৰিলে ৰাজ্য চৰকাৰৰ মীন বিভাগে । মহানগৰীৰ ধাৰাপুৰৰ পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত আজি ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰে এই মীন পালক দিৱস । …

৯ দিন ধৰি সন্ধান নাই স্বামীৰ : ৰঙিয়াত স্বামীক বিচাৰি ন-কইনাৰ হাহাকাৰ

ৰঙিয়া, সংবাদ ৩৬৫, ১০ জুলাই : আজি ৯ দিন ধৰি এগৰাকী ন-কইনাই ৰঙিয়া চহৰত স্বামীক বিচাৰি হাহাকাৰ কৰি থকা দেখা গৈছে । প্ৰাপ্য তথ্য মতে চাৰি মাহ পূৰ্বে ৰঙিয়া বনগাওঁৰ বিনন্দ কলিতাৰ তৃতীয় কন্যা ৰুমি কলিতাক বাক্সা জিলাৰ তামোলপুৰ মহকুমাৰ …

নেৰানেপেৰা বৰষুণৰ ফলত দ্বীপৰ বিলৰ সমীপৰ মাটিয়াত ভয়ংকৰ ভূমিস্খলন : কথমপি প্ৰান ৰক্ষা দুটা পৰিয়ালৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১০ জুলাই : দ্বীপৰ বিলৰ সমীপৰ মাটিয়াত ভয়ংকৰ ভুমিস্খলন । ৰাণী-গড়চুক সংযোগী কইনাধৰা পথত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন । পাহাৰৰ মাটি খহি পৰিল দুটা পৰিয়ালৰ বাসগৃহত । কথমপি প্ৰান ৰক্ষা পৰিল ৫জনকৈ লোকৰ । আহত হ’ল ১জন …

প্লেন ‘বি’ৰে বনৰীয়া হাতীৰ প্ৰাণ ৰক্ষা উত্তৰ-পূব ৰে’ল বিভাগৰ : ১০১৪টা বনৰীয়া হাতীৰ প্ৰাণ ৰক্ষা কৰি পুৰস্কৃত উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগ

গুৱাহাটী, সংবাদ ৩৬৫, ১০ জুলাই : উত্তৰ পূব সীমান্ত ৰেল বিভাগৰ প্লেন ‘বি’য়ে ৰক্ষা কৰিবলৈ সক্ষম হৈছে বনৰীয়া হাতীৰ প্ৰাণ। প্লেন ‘বি’ৰ দ্বাৰা উত্তৰ পূব সীমান্ত ৰেল বিভাগে ২০১৭-১৮ বৰ্ষত ১০১৪টা বনৰীয়া হাতীৰ প্ৰাণ ৰক্ষা কৰি পুৰস্কৃত হৈছে। প্লেন ‘বি’ …

আজিও বিশ্বকাপৰ ছেমিফাইনেলত বৰষুণে বিধি-পথালি দিয়াৰ সম্ভাৱনা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ জুলাই : বতৰ বিজ্ঞান কেন্দ্ৰই জাননী দিয়া অনুসৰিয়েই বিশ্বকাপৰ ছেমি ফাইনেল বৰষুণৰ বাবে স্থগিত হ’ল । প্ৰথমখন বিশ্বকাপ ছেমি ফাইনেলত ভাৰতৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছিল নিউজিলেণ্ড । টছত জয়ী হৈ নিউজিলেণ্ডে প্ৰথম বেটিং কৰি খেল …

অসমৰ লগতে উত্তৰ-পুৰ্বাঞ্চলত আগন্তুক ৫ দিনলৈ নেৰানেপেৰা বৰষুণ : ৰঙা সতৰ্কতা জাৰি বতৰ বিজ্ঞানৰ

পলাশবাৰী , সংবাদ ৩৬৫, ৯ জুলাই : ৰাজ্যত এইবাৰ ৫ দিনলৈ চলিব নেৰানেপেৰা বৰষুণ । অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহত আগন্তুক ৫টা দিনলৈ বৰঝাৰস্থিত বতৰ বিজ্ঞানে জাৰি কৰিছে সতৰ্কতা । আজিৰ পৰা ৫ দিনলৈ জাৰি কৰা হৈছে সতৰ্কতা । অসমৰ প্ৰায় …

কলগাছিয়াৰ খাৰবাল্লীত বেঁকী নৈৰ বাঢ়নি পানীৰ সোঁতত ৩ বছৰীয়া শিশুক : উদ্ধাৰৰ বাবে এন ডি আৰ এফ বাহিনীৰ অভিযান

বৰপেটা, সংবাদ ৩৬৫, ৯ জুলাই : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খাৰবাল্লীত বেঁকী নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিয়ে এটি তিনি বছৰীয়া শিশু। কালি সন্ধীয়া সন্ধানসীন হোৱা শিশুটি আব্দুল খালেকৰ পুত্ৰ খাইৰুল জামান (৪) বুলি জানিব পৰা গৈছে । এই …

দক্ষিণ কামৰূপৰ ভিন্ন ঠাইত জাপানীজ এনকেফেলাইটিজ সন্দৰ্ভত সজাগতা সভা

পলাশবাৰী, সংবাদ ৩৬৫, ৯ জুলাই : ৰাজ্যত সংহাৰী ৰূপ ধাৰন কৰিছে জাপানীজ এনকেফেলাইটিজে । জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হৈ অৰ্ধশতাধিক লোক মৃত্যুমুখত পৰিছে বৰ্তমানেও চিকিৎসাধীন হৈ আছে বহুতো লোক । পুনৰ যাতে এই ৰোগ অধিক বৃদ্ধি নাপাই তাক লৈ দক্ষিণ কামৰূপৰ …

“ফ্লায়িং স্কোৱাড” সমগ্ৰ মহানগৰী পৰিস্কাৰ -পৰিচ্ছন্নতাৰ লক্ষ্যৰে এক বিশেষ সেৱা

গুৱাহাটী, সংবাদ ৩৬৫, ৯ জুলাই : সমগ্ৰ গুৱাহাটী মহানগৰী পৰিষ্কাৰ কৰাৰ অৰ্থে লোৱা হৈছে এক বিশেষ পদক্ষেপ । মুকলি কৰা হ’ল “ফ্লায়িং স্কোৱাড” । মুঠ ৬ গৰাকী কাৰ্যক্ষম শ্ৰমিক “ফ্লায়িং স্কোৱাড” হিচাপে নিয়োগ কৰা হৈছে। মঙ্গলবাৰে মহানগৰীৰ দিছপুৰস্থিত চুপাৰ মাৰ্কেট …

নিউজিলেণ্ডৰ বিৰুদ্ধে যুঁজত নামিব কোহিলী বাহিনী : বতৰে বিধি-পথালি দিয়াৰ সম্ভাৱনা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৯ জুলাই : আজি অনুষ্ঠিত হ’ব আই চি চি বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল। প্ৰথমখন বিশ্বকাপ ছেমি ফাইনেলত ভাৰতৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ’ব নিউজিলেণ্ড । মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল ৷ উল্লেখযোগ্য …