বাহৰ দলঙৰে এক ভয়ংকৰ যাত্ৰা গোৱালপাৰাৰ জলেশ্বৰত

জলেশ্বৰ, সংবাদ ৩৬৫, ৭ জুলাইঃ পুনৰ এক ভয়ংকৰ ছবি প্ৰতিফলিত হৈছে অসমত। মৰণফান্দত পৰিণত হৈছে এখন দলঙ। বাহৰ দলঙৰে ভয়ংকৰভাৱে যাতায়ত কৰিছে গোৱালপাৰাৰ জলেশ্বৰবাসী ৰাইজে। যুগ যুগ ধৰি বাহৰ দলঙৰে যাতায়াত কৰি আহিছে ফুলপুৰ আৰিকাটা অঞ্চলৰ লোক। কণ কণ স্কুলীয়া …

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ গৃহ সমষ্টিত পথ অৱৰোধ

সৰভোগ, সংবাদ ৩৬৫, ৬ জুলাইঃ পৰিৱৰ্তনকামী চৰকাৰৰ অপৰিৱৰ্তনকামী ব্যৱস্থা। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ গৃহ সমষ্টি সৰভোগৰ পুঠিমাৰিত পথ অৱৰোধ। যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে বিভিন্ন ধৰণৰ শ্লোগান তথা কাৰ্যপন্থা হাতত লৈছে সেই সময়তে সৰভোগ-কমাৰগাঁও গড়কাপ্তানি পথ …

খাৰুপেটীয়াত তীৰৰ বুকী গ্রেপ্তাৰ

খাৰুপেটীয়া, সংবাদ ৩৬৫, ৬ জুলাইঃ দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত এন,চি,খেতাশ্বৰ গাৱঁত দৰং আৰক্ষীৰ উপ-অধীক্ষক অমিত হোজাইৰ নেতৃত্বত আৰক্ষীৰ দল এটাই যোৱা নিশা এক অভিযান চলাই তীৰৰ বুকী এজনক গ্রেপ্তাৰ কৰি গোচৰ ৰুজু কৰি শুক্ৰবাৰে জেললৈ প্রেৰন কৰে। অভিযানত …

শিৱসাগৰৰ হাঁ‌হচৰাত গাঞ্জা ব্যৱসায়ী আটক !

শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ৬ জুলাইঃ শিৱসাগৰৰ হাঁ‌হচৰা কুজিবালিত চাহাবুদ্দিন আহমেদ নামৰ ধৃত গাঞ্জা ব্যৱসায়ীক আটক কৰা হয়। শুক্ৰবাৰে স্থানীয় ৰাইজ আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু আৰক্ষীৰ সহযোগত চাহাবুদ্দিনৰ ঘৰত তালাচী চলাই ২কেজি ৭০০ গ্ৰাম গাঞ্জা জব্দ …

কেঞ্চাৰ ৰোগত আক্ৰান্ত সোণালী বেন্দ্ৰে নিউইয়ৰ্কত চিকিৎসাধীন

গুৱাহাটী, সংবাদ ৩৬৫, ৬ জুলাইঃ ভাৰতীয় ছবি জগতৰ তথা তামিল, তেলেগু আৰু অন্যান্য ভাষাৰ কেইবাখনো ছবিত অভিনয় কৰা মোহময়ী আৰু জনপ্ৰিয় অভিনেত্ৰী সোণালী বেন্দ্ৰে অসুস্থ। হাই গ্ৰেদ কেঞ্চাৰত ৰোগত আক্ৰান্ত হৈ বৰ্তমান নিউইয়ৰ্কৰ এক কেঞ্চাৰৰোগ বিশেষজ্ঞ চিকিৎসালয়ত চিকিৎসাধীন সোণালী বেন্দ্ৰে। অভিনেত্ৰী গৰাকী …

মুকেশ হুণ্ডাই শ্ব’ৰূমৰ স্বত্বাধিকাৰীক ৰাজপথত আঠু কাঢ়ি ক্ষমা খোজাৰ দাবীত গণেশগুৰিত উত্তাল প্ৰতিবাদ

গুৱাহাটী, সংবাদ ৩৬৫, ৬ জুলাইঃ মহানগৰীৰ গণেশগুৰিস্থিত মুকেশ হুণ্ডাই শ্ব’ৰূমৰ স্বত্বাধিকাৰী এজনে কৰ্মচাৰী এজনৰ লগত কৰা কু-ব্যৱহাৰৰ কাৰ্য্যই সমগ্ৰ ৰাজ্যতে তোলপাৰ সৃষ্টি কৰিছে। উল্লেখ্য যে শ্ব’ৰূমটোৰ স্বত্বাধিকাৰীজনে কৰ্মচাৰী এজনক কাণত ধৰি আঠু কঢ়াই শাস্তি প্ৰদান কৰাৰ দৃশ্যৰ ফটো ৰাজহুৱা হোৱাৰ পিছতেই সমগ্ৰ ৰাজ্যতে …

বিগত ১৮ বছৰে উন্নয়নৰ মুখ দেখা নাই সাংস্কৃতি নগৰী তেজপুৰৰ দোলাবাৰী অঞ্চল

তেজপুৰ, সংবাদ ৩৬৫, ৬  জুলাইঃ বছৰ বছৰ ধৰি উন্নয়নৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিল। পোন্ধৰ বছৰীয়া কংগ্ৰেছ শাসনৰ পিছত সোণোৱাল চৰকাৰ গঠন হ’ল। পৰিৱৰ্তনকামী চৰকাৰখনেও একেটাই ৰূপ দেখুৱালে জনসাধাৰণক। উন্নয়নৰ দুবছৰ উকলি গ’ল, তথাপিও উন্নয়নৰ মুখ নেদেখিলে সাংস্কৃতি নগৰী তেজপুৰৰ দোলাবাৰী অঞ্চলৰ …

১২ দিন পিছত মুক্ত হ’ল অন্নবালা ৰায়

কোকৰাঝাৰ, সংবাদ ৩৬৫, ৫ জুলাইঃ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষিত কৰাৰ পিছত যোৱা ২৩ জুনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা চিৰাং জিলাৰ পুৱ এংকৰবাৰীৰ নিৱাসী অন্নবালা ৰায়ক বৃহস্পতিবাৰে ১২ দিনৰ পিছত মুকলি কৰি দিয়া হয়। ভাৰতীয় নাগৰিক হিচাপে …

কলগাছিয়াত মানাহ নদীয়ে ধাৰণ কৰিছে ৰুদ্ৰমূৰ্তি : গঢ়াখহনীয়াই খহাই নিলে কেইবাটাও পৰিয়ালৰ মাটি-ঘৰ

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ৫ জুলাইঃ বানপানীৰ সমান্তৰালভাৱে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত তথা বাঘবৰ সমষ্টিৰ মইনবড়ী অঞ্চলত মানাহ নদীৰ গঢ়াখহনীয়াই কালৰূপ ধাৰণ কৰিছে। যোৱা এটা সপ্তাহৰ ভিতৰত মইনবড়ী অঞ্চলত মানাহ নদীৰ গঢ়াখহনীয়াই …

নিশ্চহ্নি হোৱাৰ পথত ঐতিহাসিক জলেশ্বৰ বজাৰ : ঠাল-ঠেঙুলিৰে গঢ়াখহনীয়া প্ৰতিৰোধৰ ব্যাৰ্থ চেষ্টা গোৱালপাৰা জিলা জলসম্পদ সংমণ্ডলৰ

জলেশ্বৰ, সংবাদ ৩৬৫, ৫ জুলাইঃ বছৰৰ প্ৰথমটো বানতেই গঢ়াখহনীয়া কালৰূপ ধাৰণ কৰিছে গোৱালপাৰা জিলৰ জলেশ্বৰত। খহনীয়াৰ তাণ্ডৱত ইতিমধ্যে জলেশ্বৰত বহু কেইটা পৰিয়ালৰ মাটি-ঘৰ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ উপৰিও হেক্টৰে হেক্টৰে কৃষি ভূমি লুইতত বিলীন হ’বলৈ ধৰিছে। খহনীয়াৰ তাণ্ডৱত আতংকিত হৈ …