তেজপুৰত চ্যুকাফা দিৱস উদযাপন

তেজপুৰ, ২ ডিচেম্বৰ: পাহাৰ ভৈয়াম একে কৰি ভাই-ভনীৰ সেঁতু বান্ধি চ্যুকাফাই গঢ় দিছিল বৰ অসম। চ্যুকাফাই ৰাজ্য ঘোষণা কৰা দিনতো চ্যুকাফা দিৱস হিচাপে পালন কৰি অহা হৈছে।বৰ্তমান চ্যুকাফা দিৱসক অসম দিৱস হিচাপে পালন কৰা হয়। সমগ্ৰ ৰাজ্যবাসীৰ লগতে তেজপুৰৰ চ্যুকাফা …

প্ৰেমিকাৰপৰা টকা-মোবাইল লৈ পলাল প্ৰেমিক

বৰপেটাৰোড, ২ ডিচেম্বৰ: বৰপেটাৰোডত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। মেঘালয়ৰ লুংফৈ অঞ্চলৰ ১৬ বছৰীয়া লালুং সম্প্ৰদায়ৰ এগৰাকী যুৱতী বৰপেটাৰোডলৈ আহিছিল প্ৰেমীকক লগ পাবলৈ। সেই মৰ্মে দিনৰ ১২ মান বজাত উপস্থিত হৈ বৰপেটাৰোডৰ সঞ্জীত দাস বুলি পৰিচয় দি অহা প্ৰেমীকজনক লগ ধৰে। …

শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা

শিৱসাগৰ, ২ডিচেম্বৰ: শিৱসাগৰৰ ডিমৌৰ কাষৰীয়া দিচাংঘাটত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি পৰিল নৈশ বাছ। দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে কুৰিজনৰো অধিক। নিহত লোকজনৰ নাম আবুল হুচেইন। তেওঁ কন্যাৰ সৈতে আহিছিল ডিব্ৰুগড় …

বাঘৰ আক্ৰমণত মহিলা নিহত : উত্তেজিত জনতাই বনবিভাগ আৰক্ষীৰ সন্মুখতে হত্যা কৰি ভগাই খালে বাঘৰ মাংস

নাহৰকটীয়া,  ১ ডিচেম্বৰঃ শুক্ৰবাৰে নাহৰকটীয়াৰ জয়পুৰ মাজকপহুৱা গাঁৱত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে হঠাৎ আক্ৰমণ চলাই সন্ত্ৰাসৰ সৃষ্টি কৰে। নাহৰফুটুকী বাঘৰ আক্ৰমণত এগৰাকী মহিলাই প্ৰাণ হেৰুৱাৰ লগতে পাঁচ জনকৈ যুৱক আহত হয়। বাঘৰ আক্ৰমণত মহিলা নিহত হোৱাত স্থানীয় গাওঁবাসী উত্তেজিত হৈ পৰে আৰু …

কলগাছিয়াৰ জয়পুৰ তাৰাকান্দিত মানাহ-ব্ৰহ্মপুত্ৰৰ খহনীয়াত বিলীন ২০০ টা কৈ পৰিয়াল 

কলগাছিয়া, ১ ডিচেম্বৰ: মানাহ আৰু ব্ৰহ্মপুত্ৰ নদীয়ে খৰালিৰ দিনতো কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কিচমত মইনবৰী, জয়পুৰ, তাৰাকান্দি, চিকাটাৰী গাঁৱত মাত্ৰ এমাহৰ ভিতৰত বিধ্বংসী গৰাখহনীয়াই তাণ্ডৱ চলাই ২ খন কৈ শিক্ষানুষ্ঠান, ৪ খন ধৰ্মীয় অনুষ্ঠান সহ ২০০ অধিক পৰিয়ালৰ ঘৰ-দুৱাৰ উছন …

বৰপেটাৰোডত বিস্ফোৰক সহ এজনক আটক

বৰপেটাৰোড, ১ ডিচেম্বৰ: বৰপেটাৰোডৰ সমীপৰ বাক্সা জিলাৰ শিমলাগুৰিত আজি এখন বাছৰ পৰা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে। এই সম্পৰ্কত গোৱালপাৰাৰ আব্বাছ আলী নামৰ এজন লোকক শিমলাগুৰী আৰক্ষীয়ে আটক কৰিছে। তেওঁৰ পৰা আৰক্ষীয়ে ৫০ ডাল ডিট’নেটৰ, ৫০ ডাল জিলেটিন ষ্টিক জব্দ কৰিছে। আৰক্ষীৰ …

ঢেকিয়াজুলি স্বৰ্ণ কন্যাক আদৰণী জনালে মুখ্যমন্ত্ৰীয়ে

তেজপুৰ, ১ ডিচেম্বৰ: শোণিতপুৰ জিলাৰ ঠেলামৰা -উলুবাৰীত বিশ্ব যুৱ মহিলা বক্সিঙৰ সোণৰ পদক বিজয়ী অংকুশিতা বড়োক মুখ্যমন্ত্ৰীৰ উপস্থিতিত অসমৰ বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনায়। শোণিতপুৰ জিলা সাহিত্য সভা আৰু অসম সাহিত্য সভাৰ তৰফৰ পৰা গামোছা, জাপি, গ্ৰন্থৰ টোপোলা, শৰাই, ফুলৰ থোপাৰে …

নাজিৰাত বিশ্ব এইডছ্ দিৱস পালন

শিমলুগুৰি, ১ ডিচেম্বৰ: নাজিৰা মহকুমা অন্তৰ্গত চেলেংপথাৰৰ ব্ৰীজ অফ হ’প এ চাইল্ড কেয়াৰ প্ৰজেক্ট অফ বিলিভাৰ্ছ চাৰ্চ নামৰ এক স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত ১ ডিচেম্বৰ তাৰিখে অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলক লৈ এইডছ্ সজাগতা শীৰ্ষক এক শোভাযাত্ৰা উলিয়ায়। লগতে এখন …

জীৱন সংগ্ৰামৰ অক্লান্ত যোদ্ধা মিথুনৰ কাহিনী

বঙাইগাঁৱৰ পৰা কিশোৰ দাস,  ১ ডিচেম্বৰঃ  শাৰীৰিক বাধাগ্ৰস্ততা এজন ব্যক্তিৰ বাবে কেতিয়াও হেঙাৰ হব নোৱাৰে। পৃথিৱীত এনে বহু ব্যক্তি আছে যিসকলে শাৰীৰিক দিশৰ পৰা দুৰ্বল হৈয়ো নিজৰ মানসিক আৰু আত্মবিশ্বাসৰ বলত বহু অসাধ্যকৰ কাম সাধ্য কৰি নিজৰ এক সুকীয়া পৰিচয় দাঙি …

নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰীৰ বাবে সৃষ্টি হল তীব্ৰ যানযত

গুৱাহাটী, ১ ডিচেম্বৰঃ  শপত গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে মোৰ বাবে ৰাজপথত যানজটৰ সৃষ্টি নহয়। মই ৰাজপথত সাধাৰণ মানুহৰ নিচিনা চলাচল কৰিম যাতে ৰাইজৰ অসুবিধা নহয়। কিন্তু চকীত বহাৰ পিছত মুখ্যমন্ত্ৰীয়ে পাহৰিলে নিজৰ সেই প্ৰতিশ্ৰুতি। তাৰে …