উত্তৰ পূৰ্বৰ প্ৰথমটো “ইনভেচন হাব”ৰ আধাৰশিলা স্থাপন

যোৰহাটৰপৰা যুতিকা মহন্ত, ৪ ডিচেম্বৰ: উত্তৰ পূৰ্বৰ প্ৰথমটো “ইন’ভেচন হাব”ৰ আধাৰশিলা যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহত আজি স্থাপন কৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মন্ত্ৰী কেশৱ মহন্তই৷ ছাত্ৰ-ছাত্ৰীসকলৰ গঠনমূলক চিন্তাধাৰাৰ দ্বাৰা বিভিন্ন বৈজ্ঞানিক সঁজুলি নিৰ্মাণ কৰিব পাৰিব এই ইন’ভেচন হাবত৷ প্ৰায় ১.৫০ কোটি …

সোণগুটি চপোৱাত ব্যস্ত ৰাজ্যৰ কৃষক, ঠায়ে ঠায়ে নখোৱাৰ আয়োজন

নলবাৰীৰ পৰা কৈলাস ডেকা, ৪ ডিচেম্বৰ: এতিয়া আঘোণৰ বতৰ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত কৃষকক বানে জুৰুলা কৰাৰ সময়তে আঘোণৰ পথাৰৰ সোণোৱালী সোণগুটি দেখি কৃষকৰ হাঁহি বিৰিঙি উঠিছে৷ উল্লেখ্য যে, বানে বিধ্বস্ত কৰি পোলোৱাৰ সময়তে ৰৈ যোৱা কৃষি ভূমিৰ  লখিমীক আদৰৰ বাবে …

ৰঙিয়াত গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

ৰঙিয়া, ৪ ডিচেম্বৰ: ৰঙিয়াত মডেল হাস্পতাল কাৰ্যক্ষম কৰাৰ দাবীত গৰিয়া যুৱ ছাত্ৰ পৰিষদে আজি অৱস্থান ধৰ্মঘট পালন কৰে৷ ২০১৪ চনতে নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পাছতো আজিলৈ চিকিৎসালয়খন মুকলি নকৰাত স্বাস্থ্য মন্ত্ৰীৰ বিৰুদ্ধে আজি তীব্ৰ আন্দোলন গঢ়ি তোলে সংগঠনটোৱে৷ গৰিয়া যুৱ …

উত্তৰ পূৱ সীমান্ত ৰেল বিভাগৰ প্লেন ‘বি’ সফল হৈছে

ছৰফৰাজ খান ৩ ডিচেম্বৰঃ উত্তৰ পূৱ সীমান্ত ৰেল বিভাগৰ প্লেন ‘বি’ সফল হৈছে। মাত্ৰ ৩০ ছেকেণ্ডৰ ভিতৰত প্লেন ‘বি’ শৈষম হৈছে দুর্ঘটনা ৰোধ কৰিবলৈ। প্লেন ‘বি’ হৈছে উত্তৰ পূব সীমান্ত ৰেল বিভাগৰ এক পৰীক্ষামূলক ব্যৱস্থা যাৰ প্ৰয়োগ কৰি ৰেল বিভাগে সফলতা …

“মিষ্টাৰ মৰাণ “খিতাপ অৰ্জন সিদ্ধাৰ্থ ৰায়ৰ

মৰাণ, ৩ ডিচেম্বৰ: ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে মৰাণতো ২ ডিচেম্বৰত বৰ অসম গঢ়োতা চাওলুং চ্যুকাফা প্ৰতি সন্মান জনাই অনুষ্ঠিত কৰে চ্যুকাফা দিৱস তথা অসম দিৱস। টাই আহোম যুৱ পৰিষদ, অসম মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমুহ মৰাণবাসী …

আৰক্ষীৰ জালত খৰ্গ সহ চোৰাং চিকাৰী

বোকাখাত, ৩ ডিচেম্বৰ: বোকাখাতৰ আৰক্ষীৰ বৃহৎ অভিযান। খৰ্গ সহ আটক কৰিলে চোৰাং চিকাৰী। বোকাখাতৰ ৪ নং দ গাঁৱৰ পৰা গঁড়ৰ খৰ্গ সৈতে বিপিন বৰা নামৰ এজন ব্যক্তিক আটক কৰিলে। গোপন সূত্ৰৰ পম খেদি বোকাখাত আৰক্ষীয়ে আজি পুৱা বিপিন বৰাৰ ঘৰ পৰা …

সোনাপুৰত জ্বলিল শিক্ষা বিভাগৰ কিতাপ ভৰ্তি ট্ৰাক

সোনাপুৰ, ৩ ডিচেম্বৰঃ যোৱা নিশা প্ৰায় ১ মান বজাত সোনাপুৰ আৰক্ষী চকীৰ পৰা কিছু নিলগত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা উৰণীয়া সেতুত এখন কিতাপ ভৰ্তি ট্ৰাক জ্বলি ভস্মীভূত হয়। গুৱাহাটীৰ বোন্দাৰ পৰা শিক্ষা বিভাগৰ কিতাপ লৈ যোৰহাট অভিমুখে যাত্ৰা কৰা …

আজি আকাশত দেখা পোৱা যাব ‘চুপাৰমুন’

অনলাইন ডেস্ক সংবাদ ৩৬৫, ৩ ডিচেম্বৰঃ নিশা আকাশত চন্দ্ৰক আপুনি কেইবাবাৰো প্ৰত্যক্ষ কৰিছে কিন্তু আজি নিশা আপুনি আকাশত দেখিবলৈ পাব চন্দ্ৰৰ এক নতুন ৰূপ। নিজৰ অৱস্থানৰ পৰা আঁতৰি নাহিলেও আজি আকাশত চন্দ্ৰক পূৰ্বতকৈ অলপ ডাঙৰ আকাৰত দেখা পাব পৃথিৱীবাসী। আজি চন্দ্ৰ …

১০০ বছৰ হল কাগজৰ ১ টকাৰ নোটৰ

অনলাইন ডেস্ক সংবাদ ৩৬৫, ৩ ডিচেম্বৰঃ কাগজৰ ১ টকাৰ নোট আমি সকলোৱে ব্যৱহাৰ কৰো, কিন্তু আমাৰ বেছি ভাগ মানুহে চাগে নাজানে এই কাগজৰ ১ টকাৰ নোট কেতিয়াৰ পৰা ভাৰতত প্ৰচলন হৈ আছে। চলিত বছৰতে কাগজৰ ১ টকাৰ নোটতো ১০০ বছৰ সম্পূৰ্ন …

১০১ গছি বন্তি প্ৰজ্বলন কৰি বৰহাটত ছ্যু-কা-ফা দিৱস সম্পন্ন

বৰহাট, ২ ডিচেম্বৰঃ চৰাইদেউ জিলাৰ বৰহাটত আজি ত্তাঈ সাহিত্য সংস্কৃতি পৰিষদৰ বৰহাট আঞ্চলিক সমিতিৰ উদ্যোগত ছ্যু-কা-ফা সমন্বয় ক্ষেত্ৰ বৰহাট ত্তাঈ কলা কৃষ্টি কেন্দ্ৰত ছু-কা-ফা দিৱস অনুস্থিত হয়। ত্তাঈ সাহিত্য সংস্কৃতি পৰিষদ বৰহাট আঞ্চলিক সমিতিৰ সম্পাদক সুৰেণ বুঢ়াগোঁ‌হাইয়ে আঁ‌ত ধৰা অনুস্থানত …