ব্ৰহ্মপুত্ৰ আৰু বৰাক খননৰ ওপৰত গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী, ১১ ছেপ্তেম্বৰঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী খননৰ কাম যাতে বিজ্ঞানসন্মত আৰু সম্পূর্ণ পৰিকল্পিতভাৱে কৰা হয সেই উদ্দেশ্যৰে যথোচিত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে জলসম্পদ বিভাগক নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে খনন প্রক্রিয়াটাে সম্পূর্ণ নিখুঁত কৰাৰ বাবে তথা কোনো কাৰণতে যাতে …

পৃথক বড়োলেণ্ডৰ দাবীত এবছুৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথ অৱৰোধ

ৰঙিয়া, ১১ ছেপ্টেম্বৰঃ পৃথক বড়োলেণ্ডৰ গঠনৰ দাবীত এবছুৱে ৰঙিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ এবছুৱে ৰঙিয়াৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথ অৱৰোধ কৰাত ৰাজপথত শতাধিক যান-বাহন আৱদ্ধ হৈ পৰে। উল্লেখ্য যে, পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত আজি এবছুৱে অসম বন্ধৰ আহ্বান জনাইছিল। ইয়াৰে …

মিছন চাইনা চাবলৈ গৈ হাৰাশাস্তিৰ সন্মুখীন জুবিন প্ৰেমী

ৰঙিয়া, ১১ ছেপ্টেম্বৰঃ যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিনৰ মিছন চাইনা চাবলৈ গৈ ব্লেকমেইলাৰৰ সন্মুখীন হৈছে দৰ্শক। ৰঙিয়াৰ চিত্ৰলেখা চিনেমা হলত ৫০-৬০ টকাৰ টিকট ব্লেকাৰে বিক্ৰী কৰিছে ১৫০টকাৰ পৰা ৩০০ টকা পৰ্যন্ত। চিনেমাখন মুক্তি পোৱাৰ পিছতে সমগ্র অসমৰ লগতে ৰঙিয়াতো এটা টিকটৰ …

মহাৰাষ্ট্ৰত উদ্ধাৰ অসমৰ কিশোৰীঃ ৭০ হাজাৰ টকাত বিক্ৰী কৰিছিল নিজ জেঠিমাকে

বাস্কা, ১১ ছেপ্টেম্বৰঃ অসমৰ বহু কিশোৰী যুৱতীক দুষ্ট চক্ৰই বিভিন্ন প্ৰলোভনেৰে বহিঃৰাজ্যত বিক্ৰী কৰাৰ বাতৰি প্ৰচাৰ হৈ থকাৰ সময়তে এক ভয়ংকৰ সত্য পোহৰলৈ আহিছে। মহাৰাষ্ট্ৰৰ দেহ ব্যৱসায়িক চক্ৰৰ পৰা উদ্ধাৰ হৈছে বাস্কাৰ দৰংগামেলাৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী৷ প্ৰাপ্ত তথ্য মতে, …

ধুবুৰী বিএড মহাবিদ্যালয়ত নামভৰ্তিৰ নামত গাফিলতি

হাটশিঙিমাৰী, ১১ ছেপ্টেম্বৰঃ ধুবুৰী বিএড মহাবিদ্যালয়ত নামভৰ্ত্তিৰ নামত ব্যাপক গাফিলতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰৱেশ পৰীক্ষাত শূন্য পোৱা জনৰো নাম মেধা তালিকাৰ চতুৰ্থ নম্বৰত প্ৰকাশ কৰাৰ অভিযোগ কৰিছে মহাবিদ্যালয়খনৰ মেধা ছাত্ৰই। প্ৰাপ্ত তথ্য মতে, মহাবিদ্যালয়খনত এদিন মূৰে মূৰে পৰিবৰ্তন …

খিলঞ্জীয়াৰ অস্তিত্বৰ স্বাৰ্থত ভূমিপুত্ৰ জনগোষ্ঠীসমূহক ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান আলফাৰ যুদ্ধবিৰত নেতা জীতেন দত্তৰ

গুৱাহাটী, ১১ ছেপ্টেম্বৰঃ সাম্প্ৰতিক সময়ত ৰাজ্যব্যাপি অসমীয়া জাতিৰ বিৰুদ্ধাচৰণ কৰি বহিৰাগত বিদেশীৰ যি দপদপনি আৰম্ভ হৈছে, ইয়াক কেতিয়াও নিৰৱে সহ্য কৰা নহ’ব৷ প্ৰয়োজন হ’লে ৰাজ্যব্যাপি ইয়াৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰি হ’লেও বিদেশীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক বাধ্য কৰোৱা …

মাছ মাৰিবলৈ গৈ মৎস্য ভূতৰ কৱলত মোগল

কলগাছিয়া ১১ ছেপ্তেম্বৰঃ চিকিৎসা বিজ্ঞানৰ জয় যাত্ৰাত মৃত ব্যক্তিয়েও সন্তান জন্ম দিয়া সম্ভৱ হোৱা সময়ত এতিয়াও অন্ধ বিশ্বাসৰ কৰাল গ্ৰাসত অসমৰ একাংশ লোক। কলগাছিয়াৰ শওঁপুৰৰ মোগল হুছেইন নামৰ মাছমৰীয়াজনক ভূতে ধৰাৰ অন্ধবিশ্বাসৰ বলি হৈ সম্প্ৰতি বেজৰ বেজালিৰে বিভিন্ন ধৰণৰ চিকিৎসা …

আই আৰু মানাহ নদীৰ সংহাৰঃ বাঢ়নী পানীত জলমগ্ন অৰ্ধশতাধিক গাওঁ

মানিকপুৰ, ১১ ছেপ্টেম্বৰঃ বিগত তিনিটা দিনত নেৰানেপেৰা বৰষুণ ফলত বঙাইগাঁৱৰ আই আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বাঢ়নী পানীয়ে মানিকপুৰৰ প্ৰায় ৩০ খনকৈ গাওঁ প্লাৱিত কৰাৰ লগতে মানাহ নদীৰ বাঢ়নী পানীয়ে প্ৰায় ২০ খনকৈ গাওঁ প্লাৱিত কৰিছে। …

ৰেনো ইণ্ডিয়াৰ মাই ৰেনো এপ’ মুকলি

গুৱাহাটী, ১১ ছেপ্তেম্বৰঃ ভাৰতৰ অন্যতম খৰতকীয়া অটোমোটিভ ব্ৰেণ্ড ৰেনোয়ে গ্ৰাহকৰ বাবে এটা ব্যৱহাৰকাৰী অনুকুল স্মাৰ্ট ফোন এপ্লিকেচন মাই ৰেনো এপৰ মুকলিৰ ঘোষণা কৰিছে। সকলো ৰেনো পৰিসৰৰ মটৰ গাড়ীত উপলব্ধ, মাই ৰেনো এপে ৬০টাকৈ অধিক সুবিধা গ্ৰাহকক প্ৰদান কৰিছে। এই সুবিধাসমূহে সামৰি …

অষ্টম কলগাছিয়া গ্ৰন্থমেলাৰ আয়োজনঃ স্মৃতিগ্ৰন্থৰ বাবে লেখনি আহ্বান

কলগাছিয়া, ১০ ছেপ্তেম্বৰঃ বৰপেটাৰ কলগাছিয়াত শিক্ষা, সাহিত্য আৰু বৌদ্ধিক বিকাশৰ উদ্দেশ্যে প্ৰত্যেক বছৰে আয়োজন কৰা কলগাছিয়া গ্ৰন্থমেলাখন অহা ১২ অক্টোবৰৰ পৰা ৭ দিনীয়া কাৰ্যসূচীৰে কলগাছিয়া ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’ব৷ কলগাছিয়াৰ ফখৰুদ্দিন আলি আহমেদ সংহতি ভৱনত জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেকৰ …