বাঘবৰত বানৰ তাণ্ডৱঃ জলমগ্ন অৰ্ধশতাধিক গাঁও

বাঘবৰ ১২ আগষ্টঃ বৰপেটাৰ  বাঘবৰত দ্ৰুতগতিত বৃদ্ধি পাইছে বেঁকী নৈৰ জলপৃষ্ঠ। সমষ্টিটোৰ অৰ্ধশতাধিক গাঁও বৰ্তমান বানৰ কৱলত পৰিছে। প্ৰাপ্ত তথ্য মতে, বাঘবৰত প্ৰলয়কাৰী বানে মৰাভাজ, বালাজান, সাতমূখী, সেউৰাভিটা, শিলোচী পাথাৰ লগতে মানিকপুৰ, সত্ৰকণৰা, ৰামাপাৰা, সোণাবাড়ীসহ গাওঁ পঞ্চায়তৰ  প্ৰায় ৫০ খনৰো …

দীনদয়ালৰ পৰিবৰ্তে আম্বেদকাৰৰ নামত মহাবিদ্যালয় স্থাপনৰ দাবী অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ

গুৱাহাটী, ১২ আগষ্টঃ সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে জনসংঘৰ প্ৰতিষ্ঠাতা দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্যত অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ পৰিষদৰ সভাপতি ৰুবুল দাসে এক বিবৃতিত কয় যে, অসমৰ সমাজ জীৱনৰ সৈতে …

বানাক্রান্ত উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰি তুলিবলৈ মুখ্যমন্ত্রীৰ নির্দেশ

গুৱাহাটী, ১১ আগষ্টঃ ৰাজ্যখনৰ শেহতীয়া প্রলয়ংকাৰী বানপানীৰ সময়ছােৱাত উদ্ধাৰ আৰু সাহাৰ্য্য অভিযান তীব্রতৰ কৰি তুলিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নতুন দিল্লীৰ পৰা বানাক্রান্ত জিলা কেইখনৰ উপায়ুক্ত সকলক নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে লগতে বানাক্রান্ত জিলা সমূহৰ উপায়ুক্ত সকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে সাহাৰ্য্য …

বৃহত্তৰ মন্দিয়া কেন্দ্ৰীয় শান্তি সমিতি গঠন

বাঘবৰ, ১১ আগষ্টঃ বৰপেটাৰ মন্দিয়া আৰক্ষী চকীৰ অধীনস্থ অঞ্চলসমূহ সামৰি মন্দিয়া কেন্দ্ৰীয় শান্তি সমিতি গঠন কৰা হয়৷ এই উদ্দেশ্যে মন্দিয়া আৰক্ষী চকীৰ প্ৰাঙ্গনত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে প্ৰাক্তন অগপ নেতা  ৰহম আলী আহমেদে৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মন্দিয়া আৰক্ষী চকীৰ …

নিছান ইণ্ডিয়াৰ নিছান কানেক্ট মুকলি

গুৱাহাটী, ১১ আগষ্টঃ নিছান ইণ্ডিয়াই মুকলি কৰিলে নিছান কানেক্ট। নিছান কানেক্ট হৈছে তথ্য আৰু জনসংযোগৰ এক মঞ্চ যিয়ে উন্নত ড্রাইভিং অভিজ্ঞতাৰ বাবে গ্ৰাহকৰ স্মার্টফ’নক সংযুক্ত কৰে। ড্রাইভিঙক অধিক আত্মবিশ্বাসী, দক্ষ আৰু আনন্দময় কৰি তুলিবলৈ নিছনৰ ইণ্টেলিজেণ্ট মবিলিটীৰ উদ্দেশ্যৰ দ্বাৰা অনুপ্রাণিত …

বাঘবৰত বেকী নৈৰ সংহাৰঃ দুদিনত উছন ২০টা পৰিয়ালৰ ভেঁটি-মাটি

বাঘবৰ, ১১ আগষ্টঃ বৰপেটাৰ বাঘবৰত বেঁকী নদীৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰিছে৷ বেকী নদীৰ বাঢ়নী পানীয়ে নিশাৰ ভিতৰতে প্ৰায় ২০ খকৈ গাঁও জলমগ্ন কৰাৰ লগতে ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, বেঁকী নৈৰ প্ৰৱল সোঁতে বাঘবৰৰ মৰাভাজ, সত্ৰকনৰা ১৪ …

জলমগ্ন জনীয়াৰ অৰ্ধ শতাধিক গাঁওঃ মাথাউৰিত আশ্ৰয় বানাক্ৰান্তৰ

কলগাছিয়া, ১১ আগষ্টঃ বিগত কেবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ ফলত বিপদ সীমাৰ ওপৰেৰে বৈছে বৰপেটাৰ মাজেৰে বৈ যোৱা বেঁকী নৈ। বেঁকী নৈৰ বাঢ়নী পানীত বৰডাংগা, কামাৰপাৰা, লাচাংগা, ডাউকমাৰী, জনীয়া, কাদং, ছালেহকুৰাকে ধৰি প্ৰায় ৭০ খন গাঁও প্লাৱিত হৈছে। বানাক্ৰান্তই …

পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ মুখ্যমন্ত্রীৰ সাহাৰ্য্য পুঁজিলৈ সাহাৰ্য্য

গুৱাহাটী, ১০ আগষ্টঃ সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই সংস্থাৰ সদস্যসকলৰ দান-বৰঙণিৰে সংগ্ৰহ কৰা সৰ্বমুঠ ৭৫ হাজাৰ টকা মুখ্যমন্ত্রীৰ সাহাৰ্য্য পুঁজিলৈ আগবঢ়ায়। পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ এটা সঁজাতী দলে মুখ্যমন্ত্রী সর্বানন্দ সোনোৱালক সাক্ষাৎ কৰি এই পুঁজি প্ৰদান কৰে৷ …

ভাৰতত প্ৰকল্প সম্প্রসাৰণত ব্রীজ ষ্ট’নে বিনিয়োগ কৰিব ৩০৪.৩ মিলিয়ন মার্কিন ডলাৰ

গুৱাহাটী, ১০ জুলাইঃ বিশ্বৰ আগশাৰীৰ টায়াৰ আৰু ৰবৰ কোম্পানী ব্রীজষ্ট’ন কর্পোৰেছনৰ এটা গোট বীজষ্ট’ন ইণ্ডিয়া প্রাইভেট লিমিটেডে পুনে (ছাকান) আৰু ইন্দােৰ (খেদা)ৰ প্ৰকল্প সম্প্রসাৰণৰ বাবে ৩০৪.৩ মিলিয়ন মার্কিন ডলাৰ বিনিয়োগ কৰাৰ ঘোষণা কৰিছে। বীজষ্ট’ন ইণ্ডিয়া প্রাইভেট লিমিটেডে ২০১৭ চনৰ পৰা …

ৰঙিয়াত সমাজকৰ্মীক বেনামী পত্ৰৰে হত্যাৰ ভাবুকি

ৰঙিয়া, ১০ আগষ্টঃ ৰঙিয়াৰ জয়ন্তীপুৰ মলখাটৰ এজন সমাজকৰ্মীক বেনামী পত্ৰৰে হত্যাৰ ভাবুকি দিয়া ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে,  মুকুল আহমেদ নামৰ যুৱ সমাজকৰ্মীজনক কোনো অজ্ঞাত লোকে নিশা মৃত্যুৰ ভাবুকিৰে বেনামী পত্ৰ ঘৰত পেলাই থৈ যায়। পুৱা …