বিশ্বনাথ পৌৰসভাৰ ৯ টা ৱাৰ্ডত পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথ চাৰিআলি পৌৰসভাৰ অন্তৰ্গত ৯ টা ৱাৰ্ডত পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া। বৰ্তমানলৈকে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে ভোটকেন্দ্ৰ সমূহত ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে। বিশ্বনাথৰ ভোটগ্ৰহণ কেন্দ্ৰ সমূহত আৰক্ষী প্ৰশাসনৰ ফালৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা …

শিৱসাগৰৰ ৩৮ টা ভোটগ্ৰহণ কেন্দ্ৰত অব্যাহত আছে ভোটগ্ৰহণ

আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক শিৱসাগৰ : শিৱসাগৰ পৌৰ সভাৰ ১৪ টা ৱাৰ্ডৰ নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱাৰে পৰা অনুষ্ঠিত হৈ আছে। শিৱসাগৰৰ এই ১৪ টা ৱাৰ্ডৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ৩৮ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈ আছে। পুৱাৰ ভাগৰে পৰা শিৱসাগৰ পৌৰ সভাৰ …

পৌৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ সাজু কামৰূপ জিলা নিৰ্বাচনী কৰ্তৃপক্ষ

আমিনগাঁও : পৌৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ সাজু কামৰূপ জিলা নিৰ্বাচনী কৰ্তৃপক্ষ। উত্তৰ গুৱাহাটীৰ ৯ টা আৰু পলাশবাৰীৰ ১০ টা ভোট কেন্দ্ৰত হ’ব ভোট গ্ৰহণ। প্ৰতিটো ভোট কেন্দ্ৰলৈ ইভিএমকে ধৰি নিৰ্বাচনী সামগ্ৰী বিতৰণ। নিজ নিজ কেন্দ্ৰলৈ প্ৰস্থান ৭৬ গৰাকী ভোটগ্ৰহণকাৰী …

বিশ্বনাথ নগৰত এক অত্যাধুনীক বিলাসী হোটেল মুকলি

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰত নতুন সংযোজন। বিশ্বনাথ নগৰত এক অত্যাধুনীক বিলাসী হোটেল মুকলি। অসমীয়া চলচিত্ৰ জগতৰ অভিনেতা গুঞ্জন ভৰদ্বাজে আনুষ্ঠানিকভাৱে ফিটা কাটি মুকলি কৰিলে বিলাসী হোটেলখন। পৰ্যটন নগৰী বিশ্বনাথত এক নতুন সংযোজন। বিশ্বনাথলৈ অহা পৰ্যটক সকলৰ বাবে …

তুলাৰাম বাফনা চিকিৎসালত আয়ুৰ্বেদিক শল্য চিকিৎসাৰ বহিঃবিভাগ আৰু ক্ষাৰ শূত্ৰ কৰ্ম কক্ষ মুকলি

আমিনগাঁও : কামৰূপ জিলাৰ চৰকাৰী চিকিৎসাৰ অন্যতম প্ৰতিষ্ঠান আমিনগাঁৱৰ তুলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত আয়ুৰ্বেদিক শল্য চিকিৎসাৰ বাবে এটা বহিঃবিভাগ সন্নিবিষ্ট ক্ষাৰ সূত্ৰ শল্য কৰ্ম কক্ষ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে উদ্বোধন কৰা …

হাতীৰ দাঁতসহ ৬ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

কিশোৰ মিশ্ৰ গোসাঁইগাঁও : বড়ো ভূমিত এতিয়াও অব্যাহত চোৰাং চিকাৰীৰ দপদপনি। এতিয়াও বড়ো ভূমিত থকা অভয়াৰণ্য সমূহত সুৰক্ষিত নহয় বন্যপ্ৰাণী। বড়ো ভূমিৰ অভয়াৰণ্য সমূহত অব্যাহত আছে বন্যপ্ৰাণীৰ নিধনযজ্ঞ। হাতীৰ দাঁতসহ ৬ চোৰাং চিকাৰী গ্ৰেপ্তাৰ হোৱাৰ পিছত প্ৰশ্ন উঠিছে কিমান সুৰক্ষিত …

অসমত উগ্ৰপন্থী সংগঠন অল কায়দাৰ খোপনি পুতিৰ চেষ্টা

গুৱাহাটী : অসমত উগ্ৰপন্থী সংগঠন অল কায়দাৰ খোপনি পুতিৰ চেষ্টা। অসম আৰক্ষীৰ এক সাফল্যই সন্দেহ প্ৰকাশ কৰিছে যে অসমত আন্তঃৰাষ্ট্ৰীয় উগ্ৰপন্থী সংগঠন অল কায়দাই খোপনি পুতাৰ প্ৰচেষ্টা চলাই আছে। এসময়ত উছমা বিন লাডেনৰ নেতৃত্বত গঠন হোৱা উগ্ৰপন্থী সংগঠন সমগ্ৰ বিশ্বতে …

বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনাই কাজিৰঙাত দেখা পোৱা গ’ল ঘৰিয়াল

কাজিৰঙা : ৩ মাৰ্চৰ দিনটো বিশ্ববাসীয়ে পালন কৰে বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে। বন্যপ্ৰাণী সংৰক্ষণৰ উদ্দেশ্যে সজাগতা সৃষ্টিৰ বাবে ৩ মাৰ্চৰ দিনটো বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰা হয়। এইবাৰ বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনাই অসমৰ বন্যপ্ৰাণী সকলৰ বাবে আহিছে এক ভাল …

এগৰাকী কিশোৰীৰ অশ্লীল ফটো আৰু ভিডিঅ’ ভাইৰেল কৰাকলৈ ধুহিত লংকাকাণ্ড

ৰঙিয়া : ৰঙিয়াৰ ধুহিত নিশা লংকাকাণ্ড। এগৰাকী কিশোৰীৰ অশ্লীল ফটো আৰু ভিডিঅ’ ভাইৰেল কৰাকলৈ ধুহিত লংকাকাণ্ড। বিবাহিত পুৰুষ এজনে সামাজিক মাধ্যমত ভাইৰেল কৰে ধুহিৰ এগৰাকী কিশোৰীৰ অশ্লীল ফটো আৰু ভিডিঅ’। বৃহস্পতিবাৰে নিশাৰ ভাগত কামৰূপ জিলাৰ ৰঙিয়াৰ অন্তৰ্গত ধুহিত সংঘটিত হয় …

শ্ৰী শ্ৰী বৰবিষ্ণু আতাৰ ২১৩ তম তিৰোভাব তিথি উপলক্ষে ভাগৱত শুভযাত্রা

আজিজ আলী নালবাৰী : নলবাৰী জিলাৰ কেকানকুচি শাখা সত্ৰ প্ৰাংগণত শ্ৰী শ্ৰী বৰবিষ্ণু আতাৰ ২১৩ তম তিৰোভাব তিথি উপলক্ষে গাঁওবাসীয়ে উলিয়ালে ভাগৱত শুভযাত্রা। শ্ৰী শ্ৰী কলিয়াঠাকুৰ কীৰ্তনঘৰ শাখা সত্ৰ প্ৰাংগণত, তিনিদিনীয়াকৈ সভা মহোৎসৱৰ আয়োজন কৰা হৈছে। প্ৰতিবছৰে ফাগুন মাহত গাঁওবাসীয়ে …