অসমীয়া কমেডী ছবি ৰাইনো এক্সপ্ৰেছৰ প্রিমিয়াৰ শ্ব’

গুৱাহাটী : দীঘলীয়া বিৰতিৰ পিছত বুধবাৰে বলীউডৰ আৰ্হিত নির্মিত অসমীয়া কমেডী চলচ্চিত্র ‘ৰাইনো এক্সপ্লেছ’ৰ প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠিত হয়। মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত চিটী চেণ্টাৰৰ পিভি আৰত আয়োজিত প্রিমিয়াৰ শ্ব’ চাবলৈ আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ বিষয়া, চিকিৎসক, উদ্যোগপতি, ব্যৱসায়ীকে ধৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। …

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাবৰ্তনত অসমৰ ৰাজ্যপাল জগদীশ মুখী

যোৰহাট : অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাবৰ্তনত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে অংশগ্ৰহণ কৰি ডিগ্ৰী প্ৰদান কৰে। ৰাজ্যপাল গৰাকীয়ে বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত সমাবৰ্তনত ভাষণ প্ৰদান কৰি কয় যে কৃষিজাত সম্পদসমূহৰ যথোপযুক্ত ব্যৱহাৰ আৰু প্ৰাকৃতিক দুৰ্যোগৰ সচেতনতাৰে …

শিক্ষকৰ ঘৰৰ পৰা চোৰে লুটি নিলে নগদ ধনসহ আঠ লক্ষাধিক টকাৰ সম্পত্তি

আব্দুল হক নগৰবেৰা : বৰপেটা জিলাৰ মহচৰাত চাঞ্চল্যকৰ চুৰিকাণ্ড। এজন শিক্ষকৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড। শিক্ষকজনৰ ঘৰৰ পৰা চোৰে লুটি নিয়ে নগদ ধনসহ আঠ লক্ষাধিক টকাৰ সম্পত্তি। বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত মহচৰাত মঙলবাৰে নিশাৰ ভাগত এক চাঞ্চল্যকৰ …

ইউক্ৰেইনত আৱদ্ধ হৈ থকা শিক্ষাৰ্থীৰ অভিভাৱকৰ কাষত কামৰূপ জিলা প্ৰশাসন

আমিনগাঁও : অসমৰ মুখ্য সচিবৰ নিৰ্দেশনা অনুসৰি ইউক্ৰেইনত আৱদ্ধ হৈ থকা কামৰূপ জিলাৰ ১০ গৰাকীতকৈ অধিক শিক্ষাৰ্থীৰ অভিভাৱকসকলক জিলা প্ৰশাসনৰ প্ৰতিনিধিসকলে তেওঁলোকৰ বাসগৃহলৈ গৈ লগ ধৰে আৰু তেওঁলোকক সাহস যোগায়। জিলা প্ৰশাসনৰ প্ৰতিনিধিসকলে লগ ধৰা ইউক্ৰেইনত আৱদ্ধ হৈ থকা শিক্ষাৰ্থী …

পুৰবী ডেইৰীৰ ৰেডিঅ’ অভিযানে দুগ্ধ খেতিয়কসকলৰ সুযোগৰ ওপৰত আলোকপাত

গুৱাহাটী : অসমৰ ১৪ হাজাৰৰো অধিক দুগ্ধ খেতিয়কৰ এক সংঘ “পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড”ৰ মালিকানাধীন ব্ৰেণ্ড পুৰবী ব্ৰেণ্ডৰ অধীনত অধিক সংখ্যক কৃষকক আনুষ্ঠানিক দুগ্ধ সংস্থাপনলৈ আহিবলৈ উৎসাহিত কৰাৰ বাবে মুখ্যতঃ এপিএআৰটৰ অধীনত এক প্ৰচেষ্টা হিচাপে এটা এফএম …

শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন ‘ৰাইনো এক্সপ্ৰেছ’ দলৰ

গুৱাহাটী : দীৰ্ঘদিন বিৰতিৰ পিছত ৰাইনো এক্সপ্ৰেছে অসমৰ চলচ্চিত্ৰ উদ্যোগলৈ এক নতুন আশাৰ ৰশ্মি কঢ়িয়াই আনিছে। ৪ মাৰ্চত মুক্তি পাবলগীয়া অসমীয়া কমেডি ছবি ‘ৰাইনো এক্সপ্ৰেছ’ৰ সফলতাৰ বাবে আশীৰ্বাদ বিচাৰি মঙলবাৰে ৰাইনো এক্সপ্ৰেছৰ দলটোৱে শক্তিপীঠ মা কামাখ্যা মন্দিৰ দর্শন কৰে। এই …

যোৰাবাটত পুনৰ জব্দ এখন গৰু ভৰ্তি ট্ৰাক

যোৰাবাট : যোৰাবাটত পুনৰ জব্দ এখন গৰু ভৰ্তি ট্ৰাক। ট্ৰাকখনৰ পৰা উদ্ধাৰ ১৩ টাকৈ গৰু। গৰু কেইটা মেঘালয়লৈ নিয়াৰ পথত যোৰাবাট আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্তি ট্ৰাকখন। ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনক গ্ৰেপ্তাৰ। গো ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰ কঠোৰ হোৱাৰ পিছতো …

শীঘ্ৰে নিৰ্ণায়িত হ’ব মহানগৰৰ প্ৰকৃত বাছ আস্থানসমূহ

গুৱাহাটী : পথ সুৰক্ষা তথা পথ দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বিভিন্ন দিশ পৰ্যালোচনাৰ বাবে সোমবাৰে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত পথ দুৰ্ঘটনা ৰোধৰ বাবে …

বৰক্ষেত্ৰী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

আজিজ আলী মুকালমুৱা : বৰক্ষেত্ৰী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন। ২৮ ফেব্ৰুৱাৰীত সমগ্ৰ দেশতে পালন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। মুকালমুৱাৰ বৰক্ষেত্ৰী মহাবিদ্যালয়তো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন হয়। বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ গণিত বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। ৰাষ্ট্ৰীয় বিজ্ঞান …

পৌৰ সভা নিৰ্বাচনকলৈ বিশ্বনাথত বিজেপিৰ প্ৰচাৰ অভিযান

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথ পৌৰ সভা নিজৰ দখলত আনিবলৈ ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে। ইতিমধ্যে বিশ্বনাথ চাৰিআলি পৌৰসভাৰ ১২ টা ৱাৰ্ডৰ ভিতৰত তিনিটা ৱাৰ্ড বিনা প্ৰতিদ্বন্দ্বীতাৰে ভাৰতীয় জনতা পাৰ্টীয়ে দখল কৰিবলৈ সক্ষম হৈছে। বাকি থকা ৯ …