অখিল গগৈক সকলো গোচৰৰ পৰা দোষ মুক্ত ঘোষণা কৰিলে নিয়াৰ আদালতে

গুৱাহাটী ১ জুলাই কৃষক নেতা তথা শিৱসাগৰৰ বিধয়াক অখিল গগৈক সকলো গোচৰৰ পৰা দোষ মুক্ত ঘোষণা কৰিলে নিয়াৰ আদালতে। চান্দমাৰী থানাত অখিক গগৈৰ বিৰুদ্ধে থকা গোচৰৰ পৰা বৃহস্পতিবাৰে দোষ মুক্ত হ’ল অখিল গগৈ। চান্দমাৰী থানাৰ গোচৰৰ শুনানিৰ বাবে পুৱাৰ ভাগত …

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰিলে নিউম’নিয়া প্ৰতিৰোধী টীকাকৰণ অভিযান

গুৱাহাটী ৩০ জুন অসমৰ শিশুসকলক নিউম’নিয়াৰ পৰা সুৰক্ষিত কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে বুধবাৰৰ পৰা ‘নিউম’ক’ক্কেল কনজুগেট ভেক্সিন’ নামৰ এবিধ নতুন প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ কৰিছে। স্বাস্থ্য বিভাগৰ নিয়মীয়া অভিযান সাৰ্বজনীন টীকাকৰণ কাৰ্যসূচীত এই নিউম’নিয়া প্ৰতিৰোধী প্ৰতিষেধক বিধ প্ৰথমবাৰলৈ অন্তৰ্ভুক্তিৰে ৰাজ্যত …

অনলাইন পৰ্টেলৰ জৰিয়তে নিবনুৱাৰ নাম পঞ্জীয়ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী ৩০ জুন বুধবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত দক্ষতা, নিয়ােগ আৰু উদ্যমিতা বিভাগ তথা নিয়ােগ আৰু কাৰিকৰী প্রশিক্ষণ সঞ্চালকালয়ৰ কাম-কাজৰ পর্যালােচনা কৰে। পর্যালােচনা বৈঠকৰ আৰম্ভণিতে বিভাগটোৰ কাম-কাজ তথা পদক্ষেপসমূহক সামৰি এক প্রেজেন্টেশ্যনাে আগবঢ়োৱা হয়। বৈঠকত …

চকুৰ সম্মুখতে ৪০ ছেকেণ্ডৰ ভিতৰত কাঠৰ দলং উটুৱাই নিলে মেঘালয়ৰ পানীয়ে

দক্ষিণ শালমাৰা ৩০ জুন বিগত দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ধলে অসম-মেঘালয় সীমান্তত থকা এখন কাঠৰ দলং উটুৱাই নিয়াৰ লগতে মানকাচৰৰ কালাপানী-টেপৰপাৰা সংযোগী একমাত্ৰ পথটো ছিঙি নিয়ে। গাৰো পাহাৰৰ পানীয়ে কালাপানী-টেপৰপাৰা …

দুটাকৈ আঁচনিৰ অধীনত ২৯ টাকৈ কৃষক গোটক শালি ধানৰ বীজ বিতৰণ

দক্ষিণ শালমাৰা ২৯ জুন দক্ষিণ শালমাৰা-মানকাচৰ জিলাত নিজ মাটিত শালি ধানৰ কঠিয়াতলী প্ৰস্তুত কৰাৰ বাবে কৃষি বিভাগৰ ফালৰ পৰা নিৰ্বাচিত কৰা মুঠ ২৯ টাকৈ কৃষক গোটৰ সৈতে জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। কৃষক গোট, জিলা …

বিশ্বনাথত ৬ টিকৈ শিশুৰ দেহত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি

জোনমণি বেগম বিশ্বনাথ ২৮ জুন সমগ্ৰ দেশৰ লগতে অসমতো শিশুৰ বাবে ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে মাৰাত্মক ক’ভিডে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিশুৰ ক্ষেত্ৰত দ্ৰুত গতিত ক’ভিডৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে ৰাজ্যত বহু ক’ভিড আক্রান্ত শিশু চিকিৎসাধীন হৈ থকাৰ …

পি আৰ চি আই-ৱাই চি চি উত্তৰ-পূবে গৌৰৱ মাহ উপলক্ষে এল জি বি টি কিউ আই এ+ সন্দৰ্ভত ৱেবিনাৰ অনুষ্ঠিত কৰে

গুৱাহাটী  ২৮ জুন ভাৰতীয় জনসম্পৰ্ক পৰিষদৰ (পি আৰ চি আই ) শিক্ষাৰ্থী শাখা ইয়ং কমিউনিকেটৰ্ছ ক্লাব উত্তৰ-পূৱ অধ্যায়ে (ৱাই চি চি) এল জি বি টি কিউ আই এ+ গৌৰৱ মাহ উপলক্ষে এল জি বি টি কিউ আই এ+ সন্দৰ্ভত এক …

প্ৰদূষিত হৈছে দীঘলীপুখুৰীৰ পানী : ওপঙি উঠিছে কেইবাশ মৃত মাছ দীঘলীপুখুৰীৰ বুকুত

সাজিদূৰ ৰহমান গুৱাহাটী ২৭ জুন মহানগৰীৰ ঐতিহাসিক দীঘলীপুখুৰীত কেইবাশ মাছৰ মৃত্যু। দীঘলীপুখুৰীৰ বুকুৰ চাৰিওফালে ফালে কেৱল মাত্ৰ মৃত মাছ ভাঁহি থকা দেখিবলৈ পোৱা যায়। প্ৰশাসনৰ লোকে নাওঁ লৈ দীঘলীপুখুৰীৰ বুকুৰ পৰা উদ্ধাৰ কৰে মৃত মাছ সমূহ। নাওঁ ভৰ্তি মৃত মাছ …

বগলী নিধন যজ্ঞ : টংলা পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে এজাহাৰ

গুৱাহাটী  ২৭ জুন বন আৰু পৰিৱেশ বিভাগৰ কৰ্তৃপক্ষই টংলা পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত ওদালগুৰি জিলাৰ ১ নং ৱাৰ্ডৰ জালুকবাৰী অঞ্চলত বৃহৎ সংখ্যক বগলী নিধন হোৱা বাবে বিষয়াজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দ্দেশমৰ্মে পৰিৱেশ আৰু …

অসমীয়াৰ ঘৰ জ্বলাই নিশাৰ ভিতৰতে অৰুণাচলী দুৰ্বৃত্তই সাজিলে ঘৰ

জোনমণি বেগম বিশ্বনাথ ২৬ জুন এইবাৰ নগাৰ আগ্ৰাসন নহয়, এইবাৰ অৰুণাচলীৰ আগ্ৰাসন চলিছে অসমৰ ভূমিত।অৰুণাচলীৰ আগ্ৰাসন চলিছে বিশ্বনাথ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ ভৰালীজুলীত। নিশাৰ ভাগত অৰুণাচলী দুৰ্বৃত্তই জ্বলাই দিলে ভৰালীজুলীৰ অসমৰ ভূমিত থকা খিলঞ্জীয়া লোকৰ ঘৰ। জানিব পৰা মতে হাতে …