ক’ভিড ৰোগীৰ মৃতদেহ সৎকাৰক কেন্দ্ৰ কৰি বিহালীত আতংক 

জোনমণি বেগম বিশ্বনাথ ১৯ মে’ কিমান বেদনাদায়ক হ’ব পাৰে এজন পুত্ৰৰ বাবে যি নিজৰ পিতৃৰ মৃতদেহ সৎকাৰ কৰিবলৈ গৈ বাধাপ্ৰাপ্তৰ সন্মুখীন হ’বলগীয়া হয় ? কালৰূপী ক’ভিডে আৰু কিমান তাণ্ডৱ চলাব? প্ৰকৃতিৰ এই ভয়ানক তাণ্ডৱৰ কাষত ক্ৰমে হাৰ মানবলৈ গৈছে নেকি …

অ’ এন জি চিৰ অপহৃত কর্মচাৰী ৰিতুল শইকীয়াৰ গৃহলৈ গৈ পৰিয়ালক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী ১৮ মে’ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলাবাৰে অ’ এন জি চিৰ অপহৃত কর্মচাৰী ৰিতুল শইকীয়াৰ যােৰহাট জিলাৰ তিতাবৰৰ বৰহােলাৰ নাঙলগাঁৱস্থিত গৃহলৈ গৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে। সাক্ষাৎ কালত ৰিতুল শইকীয়াৰ পিতৃ-মাতৃ আৰু সহধর্মিনীৰ সৈতে বার্তালাপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে …

এন আৰ চি পুনৰীক্ষণ প্রসংগত সমন্বয়কৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযােগ এ আই ইউ ডি এফৰ

গুৱাহাটী ১৮ মে’ চূড়ান্ত এন আৰ চিৰ সম্পূর্ণ ও বিস্তৃত পুনৰীক্ষণৰ বাবে যােৱা ১১ মে’ তাৰিখে ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই মহামান্য উচ্চতম ন্যায়ালয়ত জনােৱা আবেদন সংক্রান্তত সর্ব ভাৰতীয় সংযুক্ত গণতান্ত্রিক মৰ্চাই এক সংবাদমেলৰ আয়ােজন কৰে। মঙলাবাৰে গুৱাহাটীৰ হাতীগাঁওস্থিত এ …

ক’ভিডসৃষ্ট পৰিৱেশ মাজতে ৰাইজৰ প্ৰতিবাদ

আব্দুল হক নগৰবেৰা ১৭ মে’ ৰাজ্যজুৰি ক’ভিডৰ ভয়াবহ পৰিৱেশ। এফালে প্ৰতিদিনে ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাই আছে ক’ভিড ৰোগীৰ সংখ্যা আনফালে মৃত্যুৰ মুখত পৰি আছে ইজনৰ পিছত সিজন লোক। ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ইতিমধ্যে চৰকাৰে জাৰি কৰিছে কেইবাটাও নিৰ্দেশনা। …

বিশ্বনাথৰ বালিপুখুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

জোনমণি বেগম বিশ্বনাথ ১৭ মে’ বিশ্বনাথ জিলাৰ বালিপুখুৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত থিতাতে এজন লোক নিহত হোৱাৰ লগতে আহত হয় অন্য এজন লোক। দুয়োজন লোকৰ ঘৰ মেঘালয়ৰ শ্বিলংত বুলি জানিব পৰা গৈছে। সোমবাৰে আবেলি প্ৰায় ৪ …

ৰাজ্যজুৰি ক’ভিড সঁহাৰি হেল্পলাইন নম্বৰ মুকলি, প্লাজমা বেংক স্থাপনৰ ব্যৱস্থা অসম জাতীয় পৰিষদৰ

গুৱাহাটী ১৭ মে’ জাতিৰ প্ৰতি থকা দায়বদ্ধতা পালনৰ উদ্দেশ্যে অসম জাতীয় পৰিষদে সাম্প্ৰতিক ক’ভিড-সৃষ্ট পৰিস্থিতিত ৰাইজক সহায় কৰাৰ এলানি কার্যসূচী হাতত লৈছে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক সংবাদ মেলত এই কার্যসূচীৰ বর্ণনা দিয়ে৷ গগৈ …

শিৱসাগৰ আৰু নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত কেইবাখনো দোকান

আমিনুৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১৬ মে’ শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ দৈনিক বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ৩০ খনৰো অধিক দোকান ভশ্মিভুত। বিদ্যুৎ বিজুতিৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ। ইফালে নগাঁও জিলাৰ এঘাৰমাইল শনিবাৰে নিশাৰ ভাগত সংঘটিত হোৱা …

তিনিচুকীয়া জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰাৰ লগতে জিলাখনৰ ক’ভিড পৰিস্থিতি পর্যালােচনা কৰিলে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী  ১৫ মে’ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে তিনিচুকীয়া জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি হাস্পতালখনৰ চিকিৎসক তথা অন্যান্য বিষয়াসকলৰ পৰা ক’ভিড ৰােগীৰ চিকিৎসাৰ ব্যৱস্থাপনাৰ বিতং বুজ লয়। মুখ্যমন্ত্ৰীয়ে চিকিৎসালয়খনত বৰ্তমানৰ ক’ভিড ৰােগীৰ সংখ্যা, আই চি ইউ বিচনা, ঔষধ, অক্সিজেনৰ …

বিশ্বনাথৰ চাৰিআলি গেছ এজেঞ্চিৰ প্ৰশংসণীয় পদক্ষেপ

জোনমণি বেগম বিশ্বনাথ ১৫ মে’ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ক’ভিডৰ দ্বিতীয় ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কভিডৰ ভয়াবহ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰ, প্ৰশাসন অধিক কঠোৰ হৈ পৰা পৰুলক্ষিত হৈছে। ক’ভিড পৰিস্থিতিৰ লগত যুঁজ দিবলৈ চৰকাৰে দুপৰীয়া এক বজাৰ পৰা …

ডিগবৈত গ্ৰেণেড বিস্ফোৰণত নিহত এজন : গুৰুত্বৰভাৱে আহত তিনিজনকৈ লোক

ডিগবৈ ১৪ মে’ ডিগবৈ টিংৰাইত গ্ৰেনেড বিস্ফোৰণ৷ বিস্ফোৰণত এজন লোক নিহত হোৱাৰ লগতে গুৰুত্বৰভাৱে আহত হয় তিনিজনকৈ লোক। ঘটনাৰ লগত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাত অন্তৰ্গত টিংৰাইত শুকুৰবাৰে দুপৰীয়া প্ৰায় এক …