চৰাইদেউত চাৰিজন আৰু মাজবাটত তিনিজন নতুনকৈ আক্রান্ত কভিড-১৯ কৰ’ণা ভাইৰাছত

গুৱাহাটী, সংবাদ ৩৬৫, ৪ জুন : চৰাইদেউ জিলাৰ বৰহাটত চাৰিজন লোক আৰু ওদালগুৰি জিলাৰ মাজবাটত তিনিজন লোক নতুনকৈ আক্রান্ত কভিড-১৯ কৰ’ণা ভাইৰাছত। বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেইণ্টাইন কেন্দ্ৰত কোৱাৰেইণ্টাইনত আছিল আক্রান্ত আটাইকেইজন লোক। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত …

হাগ্ৰামা মহিলাৰীৰ শাসন কালত বি টি চিৰ উন্নয়নৰ প্ৰকৃত ছবি

কোকৰাঝাৰৰ পৰা মামুন আলী, সংবাদ ৩৬৫, ৪ জুন : বি টি চি গঠনৰে পৰা শাসনৰ গাদীত অধিষ্ঠিত থকা বি পি এফ দলৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কথাই কথাই তেওঁৰ শাসন কালত বি টি চিৰ উন্নয়নৰ ঢোল বজাই থকা দেশবলৈ পোৱা গৈছিল। …

গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে মোহনপুৰত

বঙাইগাঁও, সংবাদ ৩৬৫, ৪ জুন : গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ অন্তৰ্গত মোহনপুৰত। গৰাখহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত ভেটি মাটি জাহ যোৱা লোক সকল মুকলি আকাশৰ তলতে কটাইছে বিনিদ্ৰ ৰজনী। ক্ষতিগ্ৰস্ত ৰাইজৰ খৱৰ ল’বলৈ আহৰি পোৱা নাই চৰকাৰ …

জাজৰিত গাঁও সুৰক্ষা বাহিনীৰ সম্পাদকক আৰক্ষী কনিষ্টবলৰ দ্বাৰা মাৰপিটৰ অভিযোগ

নগাঁৱৰ পৰা কুন্দন ভঁৰালী, সংবাদ ৩৬৫, ৩ জুন : নগাঁও জিলাৰ জাজৰিত গাঁও সুৰক্ষা বাহিনীৰ সম্পাদকক দুজন আৰক্ষী কনিষ্টবলে মাৰপিট কৰি গুৰুত্বৰভাৱে আহত কৰাৰ অভিযোগ উত্থাপিত হৈছে। ফনী বৰা নামৰ গাঁও সুৰক্ষা বাহিনীৰ সম্পাদক জনক মঙলবাৰে নিশা আৰক্ষী কনিষ্টবলে মাৰপিত …

জন্মদিনৰ অনুষ্ঠান এৰি চিকিৎসালয়ত ভৰ্তি হ’ল এগৰাকী চিকিৎসক

লখিমপুৰৰ পৰা ইনজামামূল হক চৌধুৰী, সংবাদ ৩৬৫, ৩ জুন : জন্মদিনৰ অনুষ্ঠান এৰি এম্বুলেঞ্চত আহি চিকিৎসালয়ত ভৰ্তি হ’ল এগৰাকী চিকিৎসক। চিকিৎসক গৰাকীৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰাৰ পিছতে জন্মদিনৰ অনুষ্ঠান এৰি চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’ল লখিমপুৰ জিলাৰ এগৰাকী …

বিধায়িকাৰ চাহ বাগিচাত পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ

চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ৩ জুন : চৰাইদেউ জিলাৰ সাপেখাতীত পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ। সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ চাহ বাগিচাত পিঞ্জৰাৱদ্ধ এটা নাহৰফুটুকী বাঘ। নাহৰফুটুকী বাঘটোক চাবলৈ বাগিচাখনত ৰাইজৰ ভিৰ। বুধবাৰে চৰাইদেউ জিলাৰ সাপেখাতীৰ টিমনহাবি চাহ বাগিচাত পিঞ্জৰাৱদ্ধ …

ৰুক্মীণীগাঁৱত বিস্ফোৰণ : নিহত এজন

গুৱাহাটী, সংবাদ ৩৬৫, ২ জুন : মহানগৰীৰ ৰুক্মীণীগাঁৱত সংঘটিত হোৱা এক বিস্ফোৰণৰ ঘটনাত নলবাৰীৰ এজন যুৱক নিহত। লক ডাউন আৰম্ভ হোৱাৰ পিছত মঙলবাৰে প্ৰথমবাৰৰ বাবে কৰ্মস্থলীত যোগদান কৰি বিস্ফোৰণৰ ফলত নিহত হ’ল নলবাৰীৰ যুৱক জন। অগ্নি নিৰ্বাপকৰ সামগ্ৰীৰ দোকানত সংঘটিত …

মোডী চৰকাৰৰ ছয় বছৰীয়া কাৰ্যকালৰ কামৰ খতিয়ান দাঙি মোডী চৰকাৰক তীব্ৰ আক্ৰমণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২ জুন : কেন্দ্রৰ মোডী চৰকাৰৰ ছয় বছৰীয়া বৰ্ষপুৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেশবাসীৰ ওচৰত দাঙি ধৰা সফলতাৰ খতিয়ানৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে এক …

বৰাকৰ তিনি জিলাত ভূমিস্খলন : নিহত ১৯ জনকৈ লোক

শিলচৰ, সংবাদ ৩৬৫, ২ জুন : বৰাকৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকন্দিত পৃথকে পৃথকে সংঘটিত হোৱা ভূমিস্খলনত নিহত হৈছে ১৯ জনকৈ লোক। ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰৰ মাটি খহি অহাৰ ফলত কাছাৰ জিলাত ৭ জন, কৰিমগঞ্জ জিলাত ৫ জন আৰু …

মাজবাটত দুগৰাকী কভিড -১৯ পজিটিভ

মাজবাট, সংবাদ ৩৬৫, ১ জুন : ওদালগুৰি জিলাৰ মাজবাটত দুগৰাকী বহিঃৰাজ্যৰ পৰা অহা যুৱকৰ দেহত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। মাজবাট থানাৰ অন্তৰ্গত গছেনপুৰ গাঁৱৰ নিবাসী ৰহিৰাম বসুমতাৰীৰ পুত্ৰ জন বসুমতাৰী আৰু ডিমাকুছী থানাৰ অন্তৰ্গত আঠাৰীঘাট নিবাসী মোহন গৌতমৰ পুত্ৰ …